অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অমিত শ্বাহৰ আগমনলৈ বিজেপিৰ ভিতৰচৰাত উছাহৰ ঢল

Spread the love

BJP NEWS অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

অমিত শ্বাহৰ আগমনলৈ বিজেপিৰ ভিতৰচৰাত উছাহৰ ঢল

Assam,  December 26 :

তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত আহি উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে বহুকেইটা ভাল সুখবৰ!

উত্তৰ পুৰ্বাঞ্চল ভ্ৰমণ সূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে উত্তৰ পুৰ্বাঞ্চল ভ্ৰমণসূচীলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ শুকুৰবাৰে নিশা গুৱাহাটীত আহি উপস্থিত। নিশা কেন্দ্ৰীয়মন্ত্ৰী গৰাকীক বিমানবন্দৰত আদৰণি জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম ৰাজ্যিক বিজেপিৰ বহু কেইগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মীয়ে। শনিবাৰৰ দিনটোত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। দিনৰ ১ বজাত আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত অনুষ্ঠিত হোৱা  ৰাজ্য চৰকাৰৰ এক চৰকাৰী কাৰ্য্যসূচীত অংশগ্ৰহণৰ কৰে তেওঁ৷ উক্ত অনুষ্ঠানৰ পৰাই অসম মালাৰ আঁচনিৰ অধীনত ১৮৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হবলগীয়া নগাওঁৰ পৰা বটদ্ৰৱালৈ যোৱা চাৰিলেণ্ডযুক্ত পথৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছতে ৭৫৫ কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটীত স্থাপন হবলগীয়া দেশৰ অন্যতম সুবিশাল চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। ইপিনে ৰাজ্যত নতুনকৈ স্থাপন হবলগীয়া ১১ খন আইন মহাবিদ্যালয়ৰ ভিতৰত কেন্দ্ৰীয়ভাৱে (ভাৰ্চুৱেল) ৯ খন আইন মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰে অমিত শ্বাহে৷ অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৮ হাজাৰ নামঘৰলৈ আঢ়ৈ লাখকৈ টকাৰ সাহায্য প্ৰদান কৰে৷ অনুষ্ঠানৰ শেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক বৈঠকতো মিলিত হয় তেওঁ৷ ইফালে নিশাৰ ভাগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিটিচিৰ নৱ নিৰ্বাচিত চৰকাৰৰ সদস্য বৰ্গৰ সৈতেও মত বিনিময় কৰিব৷ তাৰোপৰি মত বিনিময় কৰিব উত্তৰ পূৱৰ আটাইবোৰ মিত্ৰজোঁটৰ ৰাজনৈতিক দলৰ সৈতেও৷ দেওবাৰে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শনৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ পোনে পোনে ৰাওনা হব মণিপুৰলৈ।

 

জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *