Assam February 13:
নিৰ্বাচনৰ ৰণডংকা বজাবলৈ অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ
ৰাহুল গান্ধীৰ আগমনক এতিয়া কংগ্ৰেছীসকলৰ মাজত উছাহৰ ঢল।
অসম বিধানসভা নিৰ্বাচন সমাগত।
এইলৈ এতিয়া ৰাজ্যজুৰি বিৰাজ কৰিছে সীমাহীন উৎসাহ।
নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া সৰু-বৰ প্ৰতিটো ৰাজনৈতিক দলেই নিজ নিজ ধৰণেৰে ৰণকৌশল তৈয়াৰত ব্যস্ত।
ভাৰতীয় জনতা পাৰ্টি হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ বাঘা বাঘা নেতাই সঘনাই অসম ভ্ৰমণ কৰি গৈছে।
এই ক্ষেত্ৰত পিছ পৰি থাকিব বিচৰা নাই কংগ্ৰেছ দলো।
সমাগত অসম বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাবলৈ ১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব যুৱৰাজ খ্যাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধী।
অসমত ছোনীয়া তনয় ৰাহুল গান্ধীক আদৰিবলৈ সম্পুৰ্ণৰূপে সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছ।
এই সন্দৰ্ভত কংগ্ৰেছ নেতা তথা সাংসদ আব্দুল খালেকে কয় যে, সমাগমত অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে অসমলৈ আহিব আন এক যুৱ নেতা কানহাইয়া কুমাৰ।
শাসকীয় বিজেপিৰ বিৰুদ্ধে তেজস্বী বক্তা কানহাইয়া কুমাৰে অসমত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লব।
ইফালে প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে কংগ্ৰেছৰ টিকটক বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে ৰাজীৱ ভৱনত।
যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰাই কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত চলি আছে টিকট আবেদন প্ৰক্ৰিয়া।
খৱৰ মতে, অসম বিধানসভাৰ ১২৬ টা সমষ্টিত এই পৰ্যন্ত ৮৯২ গৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে।
অৱশ্যে বিৰোধী মহাজোঁটৰ বাবে আসন অন্য দলক এৰি দিবলগীয়া হ’লে সেই আসনত আবেদন জনোৱা সকলৰ আমানতৰ ধন উভতাই দিব কংগ্ৰেছ দলে।
উল্লেখ্য যে ৰাহুল গান্ধী আৰু কানহায়া কুমাৰৰ আগমনকৈ উৎফুল্লিত হৈ পৰা একাংশ কংগ্ৰেছ কৰ্মীয়ে দাবী কৰি কয় যে, এইবাৰ কংগ্ৰেছৰ চৰকাৰ।
জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট: R News India 24