চিৰ চেনেহী মোৰ ভাষা জননী

Spread the love

Assam February 23:

২১ ফেব্ৰুৱাৰী, আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস।

এক কথাত কবলৈ আঞ্চলিক ভাষা জীয়াই ৰখাৰ দিৱস।

বিলুপ্তপ্ৰায় আঞ্চলিক ভাষাসমূহ জীয়াই ৰখাৰ নিমিত্তে প্ৰতি বছৰ ২১ ফেব্ৰুৱাৰীৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰি অহা হৈছে।

সম্প্ৰতি বিশ্বায়নৰ প্ৰভাৱত সমগ্র বিশ্বজুৰি ইংৰাজী ভাষাই দপদপাই ফুৰিছে।

পশ্চিমা ভাষাই ব্যাপক বিস্তাৰ লাভ কৰাৰ বিপৰীতে আঞ্চলিক বা থলুৱা ভাষাসমূহ বিলুপ্তিৰ পথত।

ভাষা হৈছে এটা জাতিৰ আত্মা। জাতি এটাৰ সভ্যতা সংস্কৃতি জীয়াই ৰখাত যথেষ্ট অৰিহণা যোগায় থলুৱা ভাষাই।

তেনেস্থলত আঞ্চলিক ভাষাসমূহ জীয়াই ৰখাটো প্ৰতিজন ব্যক্তিৰেই দ্বায়িত্ব।

আমাৰ ভাষা অসমীয়া।

আমি সগৰ্বে কও ‘চিৰ চেনেহী মোৰ ভাষা জননী’ পিছে আমি আমাৰ সেই প্ৰিয় ভাষাটোক কিমান প্ৰধান্য দিছোঁ?

ইংৰাজী ভাষাৰ বোকোচাত উঠি অসমীয়া ভাষাৰ প্ৰসাৰ কৰিব বিচৰা সকলে নিজৰ নিজৰ লৰা-ছোৱালীক ইংৰাজী মাধ্যমৰ আভিজাত্য বিদ্যালয়ত লিখা-পঢ়া কৰাই থকাটো কাৰো অগোচৰ নহয়।

ভদ্ৰতা আৰু স্বাভিমানৰ খাতিৰত যিসকলে বিদেশত নিজৰ লৰা-ছোৱালীক শিক্ষা অৰ্জন কৰিবলৈ প্ৰেৰণ কৰে তেওঁলোকৰ হাতত অসমীয়া ভাষা কিমান সুৰক্ষিত সেইটো সহজেই অনুমেয়।

বিদেশত অধ্যয়নৰত বহুতেই আজি অসমীয়া ভাষা শুদ্ধকৈ ক’ব, পঢ়িব, লেখিব নাজানে।

যিয়ে নিজৰ ভাষা-সংস্কৃতি ভালদৰে নাজানে তাতোকৈ পৰিতাপৰ বিষয় আৰু কি হ’ব পাৰে?

নিজৰ মাতৃভাষা সম্পৰ্কত শুদ্ধ, পৰিকল্পিত শব্দতত্ত্বৰ আৱশ্যকীয় জ্ঞান অধিগত কৰিব পাৰিলেহে ছাত্ৰ-ছাত্ৰীৰ বাবে ভালকৈ অসমীয়া ভাষা শিকা বা কোৱা সম্ভৱ হ’ব।

বিদেশত লিখা-পঢ়া কৰা ছাত্ৰ-ছাত্ৰীসকলে অগ্ৰাধিকাৰ ভিত্তিত এনে উপায় অৱলম্বন কৰিব নে? নিশ্চয় নকৰে।

ইন্টাৰনেচনেল তথা স্ট্যান্ডার্ড ভাষাৰ মোহত মাতাল প্ৰবাসী অসমীয়াই কেতিয়াও নিজৰ মাতৃভাষাৰ হকে ইমান সময় নিদিয়ে।

মই নকওঁ যে ইংৰাজী ভাষা শিকিব নালাগে, বিশ্বৰ সৈতে ফেৰ মাৰি চলিবলৈ ইংৰাজী ভাষাৰ সমান্তৰালকৈ নিজৰ ভাষাকো প্ৰাধান্য দিয়া উচিত।

প্ৰসংগত বিশ্বৰ চোকে-কোণে চকুফুৰাই চালে দেখা যায় যে প্ৰতিজন মানুহেই নিজৰ নিজৰ আঞ্চলিক ভাষাক প্ৰধান্য দি আহিছে, আনকি আমাৰ দেশৰ বহু ৰাজ্যতো নিজৰ থলুৱা ভাষাক প্ৰাধান্য দিয়া দেখা যায়।

দক্ষিণাত্যৰ ৰাজ্যকে ধৰি জম্মু-কাশ্মীৰ, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, বিহাৰ, গুজৰাট, পশ্চিম বংগ আদি ৰাজ্য সমূহত আঞ্চলিক ভাষাক অগ্ৰাধিকাৰ দিয়া দেখা যায়।

কিন্তু পৰিতাপৰ বিষয়, আমাৰ অসমত তাৰ ওলোটা ছবি।

সাধাৰণ কথাতে আবেগত উটি ভাহি যোৱা অসমীয়া আজি অসমীয়া ভাষাৰ ব্যাপক প্ৰচাৰ-প্ৰসাৰ তথা উত্তৰণৰ ক্ষেত্ৰত  তেনেকুৱা কোনো শক্তিশালী প্ৰদক্ষেপ লোৱা দেখা নাই।

ভাষা আন্দোলন হ’ল, বহু অসমীয়া শ্বহীদ হ’ল, ৰাজ্যিক ভাষা আইন প্ৰণয়ন হ’ল, তাৰ পাছতো যেন অসমত অসমীয়া ভাষা এলাগী।

আজি বঙালীসকল নিজৰ ভাষা-সংস্কৃতিক লৈ যিমান সচেতন তাৰ তুলনাত আমি অসমীয়াবোৰ?

 

By: জুলহাছ আলী আহমেদ R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *