উত্তৰ-পূব বেত আৰু বাঁহ উন্নয়ন পৰিষদত বাঁহৰ ট্ৰিটমেণ্ট প্ৰকল্প উদ্বোধন
Assam February 25:
গুৱাহাটী মহানগৰীৰ দাঁতি কাষৰীয়া অঞ্চল বৰ্নিহাটস্থিত উত্তৰ-পূব বেত আৰু বাঁহৰ উন্নয়ন পৰিষদ (NECBDC)ত আজি (২৪ ফেব্ৰুৱাৰী,২০২১) উদ্বোধন কৰা হয় বাঁহৰ ট্ৰিটমেণ্ট প্ৰকল্প।
এই প্ৰকল্পটো উদ্বোধন কৰে ড’নাৰ, এমঅএছ পি এম অ’,পাৰ্চনেল, পাব্লিক গ্ৰিভনচ (Grievances) আৰু পেন্সন, পাৰমাণৱিক এনাৰ্জি আৰু মহাকাশ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী (স্বতন্ত্ৰ চাৰ্জ) ড০ জিতেন্দ্ৰ সিঙে।
এই উদ্বোধনী অনুষ্ঠান উপস্থিত আছিল এয়াৰ মাৰ্শ্বল তথা পিভিএছএম, এভিএছএম, মাননীয় সদস্য উত্তৰ-পূব পৰিষদৰ অঞ্জন কুমাৰ গগৈৰ লগতে এনইচিবিডিচিৰ মেনেজমেণ্টে সঞ্চালক
ড০ শৈলেন্দ্ৰ চৌধুৰী, এনইচিৰ উপদেষ্টা (বিআইট) আৰ লালৰোডিঞ্জি (R Lalrodingi)ৰ লগতে অন্যান্য।
এই প্ৰকল্প উদ্বোধন কৰি এনইচি, এনইচিবিডিচিৰ ভূমিকা আৰু এনইচিবিডিচিৰ ড০ চৌধুৰীৰ কামক ভূয়সী প্ৰশংসা কৰে ড০ সিঙে।
প্ৰকল্পটো ৰাষ্ট্ৰীয় বাঁহ মিছন আৰু উত্তৰ-পূব পৰিষদৰ পুঁজিদ্বাৰা স্থাপন আৰু ভেকুৱাম -প্ৰেচাৰ- ইম্প্ৰেজেনচন (Impregnation) কৌশলৰ ওপৰত আধাৰিত।
ভাৰতক স্বাৱলম্বী কৰি তোলাৰ বাবে এইটো কেন্দ্ৰীয় চৰকাৰৰ এক উদ্যোগ, যাৰ দ্বাৰা
বাঁহ উদ্যোগ আৰু এই খণ্ডত নিয়োগ সৃষ্টি কৰিব পৰা যায়।
এই প্ৰকাৰৰ প্ৰকল্পই উত্তৰ পূৱৰ
স্থানীয় যুৱ আৰু কৃষক সকলক ট্ৰিটমেণ্ট প্ৰকল্প স্থাপন কৰিবলৈ উৎসাহিত কৰিব।
লগতে গাওঁবোৰত উৎপাদিত তেওঁলোকৰ বাঁহৰ বাবে এখন ভাল বজাৰ প্ৰদান কৰিব।
বাঁহ-উদ্যোগীয়ে ২০০ শতাংশ লাভৰ মাৰ্জিন লাভ কৰাৰ সুযোগ পাব।
ড০ সিঙে সংবাদ মাধ্যমৰ আগত মন্তব্য প্রকাশ কৰে যে অসমত এই প্ৰযুক্তিৰ প্ৰৱৰ্তনে প্ৰতি বছৰে ৫০০ তকৈও অধিক শিল্পী, উদ্যোগী, কৃষক, ক্ষেত্ৰ কৰ্মকৰ্তা, শিক্ষাৰ্থী, আর্কিটেক্ট, বিজ্ঞানী আৰু পেছাদাৰী লাভম্বিত হ’ব বুলি আশা কৰা হৈছে।
ভেকুৱাম -প্ৰেচাৰ- ইম্প্ৰেজেনচন (Impregnation) ট্ৰিটমেণ্ট প্ৰকল্পৰ বিষয়ে–
কাৰিকৰী প্ৰচলনসমূহ:
১. চিলিণ্ডাৰৰ আকাৰ (মেইন চেম্বাৰ) : দিয়া- ৩’ ৬” আৰু দৈৰ্ঘ্য- ২২’
২. স্থায়ী ভেকুৱামৰ বাবে চিলিণ্ডাৰ ক্ষমতা : ৬৫০ mm Hg
৩. সৰ্বাধিক চাপৰ সীমা : ১৪ কিলোগ্ৰাম/চেমি2
৪. লোড কৰা আৰু ড্ৰিলিং সময় : ৩০-৩৫ মিনিট/চক্ৰ(cycle)
৫. ভেকুৱাম সময় : ১৫-২০ মিনিট
৬. চাৰ্জিং সময় : ২০ মিনিট
৭. চাপৰ সময় : ৮০ মিনিট
8. ডিচাৰ্জ কৰাৰ সময় : ২০ মিনিট
9. ট্ৰিটমেণ্ট ব্যয় : ২২’ দৈৰ্ঘ্যৰ ৩০-১২০ টকা/ পুল
১০. ক্ষমতা
ভাৰতীয় মানক ব্যুৰ ৯০৯৬ :২০০৬ অনুসৰি বাঁহৰ ট্ৰিটমেণ্টৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক পদাৰ্থ
১. কপাৰ-ক্ৰোম(Chrome)-বৰোন (Boron) কম্পোজিচন – বৰিক এচিড (H3
BO3), কপাৰ ছালফেট (CuSO4.5H2O) আৰু ছডিয়াম বা পটাছিয়াম ডিক্ৰোমেট (Na2Cr2O7 .2 H2O বা K2Cr2O7.2 H2O) ১.৫ : ৩ : ৪ অনুপাতত
২. ব’ৰিক এচিড-বৰাক্স (Borax) — ব’ৰিক এচিড (H3BO3) আৰু বৰাক্স
(Na2B4O7. 10 H2O) ১.৫ অনুপাতত।
বাঁহৰ বাবে সংৰক্ষণকাৰীৰ ঘনত্ব : ৬ শতাংশৰ পৰা ৮ শতাংশ। 
By: R News India 24