মিচিং ভাষাৰ এক মাত্ৰ ই-আলোচনী “জিলিঃ” প্ৰথম বাৰৰ বাবে পুথি আকাৰত আজি প্ৰকাশ কৰা হয় ।

Spread the love

Assam,  April:  Mising

আজি ইং 2/4/2021তাৰিখে প্ৰাথমিক শিক্ষক কল্যান ভৱন, জোনাইত চেনিৰাম পাংগিঙৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰে।

জিলিঃ আলোচনীৰ উপদেষ্টা খগেন পেগু দেৱে সভাত উপস্থিত থাকিব নোৱাৰিলেও লিখিত আকাৰে পঠিওৱা শুভেচ্ছা মূলক বাৰ্তা পাঠ কৰা হয়।

মিচিং ভাষাৰ এক মাত্ৰ ই-আলোচনী জিলিঃক আজি প্ৰথম বাৰৰ বাবে পুথি আকাৰত প্ৰকাশ কৰে।

জিলিঃ আলোচনী খনৰ উন্মোচনী
কাৰ্যসূচী অনুযায়ী আজি পুৱা ১১ বজাত স্মৃতি তৰ্পণ কৰে মিচিং আগম কৌবাঙৰ প্ৰাক্তন উপ-সভাপতি হৰিনাৰায়ণ পেগু দেৱে।

উপস্থিত থকা অতিথি সকলৰ মাজত চিনাকী ও সম্বৰ্দ্ধনা জনাই ।

মিচিং যুৱক যুৱতীক মিচিং ভাষা চৰ্চাৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰকাশ কৰা জিলিঃ আলোচনীৰ সন্দৰ্বত জিলিৰ সম্পাদক দেবানন্দ পেগুৱে বক্তব্য প্ৰদান কৰে।

দেৱানন্দ পেগু আৰু গোলাপ বড়ীৰ যুটীয়া সম্পাদনাত প্ৰকাশিত” জিলিঃ আলোচনী খন শুভ উন্মোচন কৰে মিচিং আগম কৌবাঙৰ সম্পাদক ডিম্বেশ্বৰ দলে দেৱে।

লগতে দেৱানন্দ পেগুৱে লিখা কাব্য পুথিখন উন্মোচন কৰে বিজয় বড়ি দেৱে।

পুথি উন্মোচনী আনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজনকৰা স্বৰচিত কবিতা প্ৰতিযোগিতাত, প্ৰথম স্হান পোৱা তুলাদৈ পায়েং টাইড, ২য় স্হান দীপ্তী ৰানী পেগু, পবিত্ৰ পাংগিং ৩য় স্হান পোৱা সৃষ্টি ৰাণী টাইড আৰু বিপিন টায়েক পুৰস্কাৰ প্ৰদান কৰে।Mising

মিচিং নি:তম পৰিৱেশন কৰে মিচিং আৱ ৰঞ্জু মিলি আৰু সৃষ্টি ৰাণী টাইডে।

উক্ত সভাত “কবিতাৰ প্ৰতিধনি” শীৰ্ষক কবিতা পাঠ অনুষ্ঠানৰো অনুষ্ঠিত কৰা হয়। নীলিমা টায়ে ৰেগনৰ দ্বাৰা পৰিচালিত কবিতা পাঠ অনুষ্ঠানত ন-পুৰণি কবিয়ে কবিতা পাঠ কৰি সভাখন জীপাল কৰি ৰাখে।

নিৰ্মল নৰহ, দীপ্তী ৰানী পেগু, মনোৰঞ্জন কুলি, গোলাপ বড়ি, দেৱানন্দ পেগু,
চাইকী দলে পেগু, মুনীন্দ্ৰ টাইড আদিয়ে।

জোনাই মহকুমাহ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি লীলা টায়ে দেবে জিলিঃ আলোচনীৰ জৰিয়তে মিচিং ভাষাৰ প্ৰতি সকলো শ্ৰেণীৰ লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।

এনেধৰণৰ অনুষ্ঠানত তেখেতে খৱৰ পালেই উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াম বুলি ইচ্ছা প্ৰকাশ কৰে।

কবি অমিলতা টায়ে মিলিয়ে সকলোকে জিলিঃ সম্পাদনা সমিতিক সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাই।

উল্লেখ্য যে বিশিষ্ঠ লেখক হৰিশ দলে, ৰয়েল পেগু,বিদ্বেশ্বৰ দলে, কবি শিল্পী আনন্দ দলেৰ লগতে জিলিৰ নিয়মীয়া লেখক সকলেও আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে।

 

By :   R News India 24 

Leave a Reply

Your email address will not be published. Required fields are marked *