ইতিহাস ৰচি থৈ গ’ল সৰ্বানন্দ সোণোৱালে

Spread the love

Assam, May 18:

 

সদ্য বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম ইতিহাসৰ পাতত সোণালী হৈ জিলিকি থাকিব।

Sarbananda Sonowal

সৎ, নিকা, দূৰ্নীতি মূক্ত মূখ্যমন্ত্রীৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক অসমবাসীয়ে চিৰদিনলৈ মনত ৰাখিব।

সময়ৰ প্ৰবাল ঢৌত বহু কথা, আশা-আকাংক্ষা তথা দূখ-বেদনাবোৰ উটিভাঁহি যাব কিন্তু নিস্বাৰ্থবাদী ৰাজনেতা সৰ্বানন্দ সোনোৱালৰ উদাৰতা, নিবৰ্তন আদি আজীৱন প্ৰাণবন্ত হৈ থাকিব।

ইতিহাসৰ পৃষ্ঠাত সোনালী আখৰেৰে সোনোৱালৰ নাম লিপিবদ্ধ হ’ব।

অসমৰ অন্যতম জনপ্ৰিয় নেতা তথা জাতীয় নায়ক ৰূপে আখ্যায়িত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকালত কোনো ধৰণৰ বিতৰ্কত লিপ্ত নোহোৱাকৈয়ে মুখ্যমন্ত্ৰীৰ দৰে উচ্চ আৰু সন্মানীয় আসনখনৰ মৰ্য্যদা অক্ষুন্ন ৰাখিলে।

সকলোকে লগতলৈ চলিব বিচৰা এইগৰাকী উদাৰ, ধাৰ্মিক, সহনশীল, সহিষ্ণুতা পৰায়ণ, ভক্তিবাদী তথা গুৰু ভক্ত শ্ৰীযুত সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া ভাৰতীয় সফল মুখ্যমন্ত্ৰীৰ তালিকাত তৃতীয় স্থান অলংকৃত কৰি অসম তথা অসমবাসীক গৌৰাম্বিত কৰিছে।

Sarbananda Sonowal

 

সেয়ে, সকলোৰে আনন্দ সৰ্বানন্দক শতকোটি চালাম, আপুনি সদায়েই আমাৰ মাজত আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈ ৰব। আপোনাৰ সুস্বাস্থ্য ও দীৰ্ঘায়ু কামনাৰে ।

 

By:  জুলহাছ আলী আহমেদ   R News India 24 

Leave a Reply

Your email address will not be published. Required fields are marked *