ভাললগা কথা!
Assam, June 13 :
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জাগীৰোড’তো দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছৰ প্ৰচলন।
জাগীৰোডৰ বিভিন্ন ঠাই এতিয়া নিচাজাতীয় দ্ৰব্যৰ অবাধ বিচৰণস্থলীলৈ পৰিনত হৈছে।
মাদক দ্ৰব্যৰ অবাধ প্ৰচলনৰ ফলত সম্প্ৰতি স্কুল-কলেজৰ শিক্ষাৰ্থীকে ধৰি আমাৰ উঠি অহা নৱ প্ৰজন্ম আজি ধ্বংসৰ মুখলৈ গতি কৰিছে।
সমাজৰ সুশৃংখল আৰু শান্তিপূৰ্ণ পৰিবেশ বিনষ্ট হবলৈ ধৰিছে।
ড্ৰাগছ আসক্ত পৰিয়ালত আজি অশান্তিৰ বজ্ৰপাত পৰি থকা দেখা গৈছে।
ঘোৰ অন্ধকাৰ-অমানিশা নামি আহিছে তেওঁলোকৰ পৰিয়ালত।
ৰাগীয়াল দ্ৰব্যৰ বাবেই আজি একাংশ যুৱক-যুৱতী পথভ্ৰষ্ট হৈ বিপথগামী হোৱা পৰিলক্ষিত হৈছে।
বহু যুৱক-যুৱতী অতি কম বয়সতেই ঘূণীয়া হৈ পৰিছে।
আনকি ড্ৰাগছৰ দৰে মাৰাত্মক দ্ৰব্য সেৱন কৰি বহুতৰে মৃত্যু পৰ্যন্ত হৈছে।
তাৰ পাছতো আমাৰ বিভাগীয় কৰ্ত্তৃপক্ষ নিৰৱ দৰ্শক হৈ আচিল, যেন সমাজৰ প্ৰতি তেওঁলোকৰ তিলমানো দায়িত্ববোধ নাই।
নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ এটা নিৰ্দিষ্ট বিয়াগোম বিভাগ আছে যদিও সেয়াও অতদিন নিধিৰাম চৰ্দাৰৰ দৰে হাত সাৱটি বহি আছিল।
অৱশ্যে তাৰ মাজতো সময়ে সময়ে অসম আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নিজাববীয়াকৈ ব্যৱস্থাৰ গ্ৰহণ কৰি কিছু পৰিমাণে হলেওঁ মামাজখনক সুস্থিৰ কৰি ৰাখিব পাৰিছে।
প্ৰসংগত, শ্ৰীকৃষ্ণৰ লীলাভূমি আৰু শংকৰ-আজানৰ পুণ্যভূমিত যদি এনেকৈয়ে ড্ৰাগছৰ দৰে প্ৰাণঘাটক দ্ৰব্যৰ ৰমৰমীয়া বেহা-বেপাৰ চলি থাকে তেন্তে বেছিদিন নালাগিব অসমৰ সভ্যতা-সংস্কৃতি বিনষ্ট হবলৈ।
গতিকে সময় থাকোতেই সমাজৰ দায়বদ্ধশীল ব্যক্তি তথা চৰকাৰ-প্ৰশাসনে সকলো ধৰণৰ নিচাজাতীয় দ্ৰব্য পলীয়ে উঘালি পেলাব লাগিব।
ভাললগা কথাটো হৈছে, আজি কেবাদিন ধৰি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ অধীনস্থ জাগীৰোড থানাৰ সাহসী ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী উৎপল বৰাই ড্ৰাগছৰ বিৰুদ্ধে যেনেকৈ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি আছে, এই অভিযান যদি অনাগত দিনত অব্যাহত থাকে তেন্তে আশা কৰিব পাৰি এদিন আমাৰ সমাজখন নিচা মুক্ত হ’ব।
ইয়াৰ পূৰ্বেও মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলা আৰু জাগীৰোড থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী প্ৰদীপ কুমাৰ বৰুৱাইও নিচাজাতীয় দ্ৰব্যৰ লগতে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অনুৰূপ ব্যৱস্থা হাতত লৈছিল, যাৰ ফলত জাগীৰোডৰ পৰা প্ৰায় সমাজ বিৰোধী পাপ কাৰ্য বন্ধ হৈ গৈছিল।
অৱশ্যে মৰিগাঁও জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন আৰু জাগীৰোড আৰক্ষী নিবেশৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে আজি জাগীৰোডখন অপৰাধ বা ড্ৰাগছ মুক্ত হোৱাৰ দিশে গতি কৰিছে।
বিচক্ষণ, সাহসী, কৰ্মদক্ষ আৰু শুণ্য সহনশীল পুলিচ বিষয়া উৎপল বৰাই বিগত দিনবোৰত যিদৰে ছদ্মবেশত ড্ৰাগছ ব্যৱসায়ীক আটক কৰি আছে, অসমৰ সকলো পুলিচেই যদি এই নীতি অৱলম্বন কৰিলেহেঁতেন তেন্তে কাহানিবাই আমাৰ দেশখন ৰাম ৰাজ্যত পৰিণত হলহেঁতেন।
এই ক্ষেত্ৰত মূলতঃ পূৰ্বৰ চৰকাৰৰ উদাসীনতাই দায়ী।
বৰ্তমানৰ চৰকাৰখনে কৰোনা ভাইৰাছক প্ৰতিৰোধ কৰাৰ সমান্তৰালকৈ ড্ৰাগছৰ বিৰুদ্ধে যিমান তৎপৰ, সিমানেই যদি আগৰ চৰকাৰ বোৰে তৎপৰতা দেখুৱালেহেতেঁন, তেতিয়া হ’লে কিজানি আমাৰ সমাজ তথা ৰাষ্ট্ৰখন এশএবুৰি সমস্যাৰে জৰ্জৰিত হৈ নাথাকিলেহেঁতেন।
By: জুলহাছ আলী আহমেদ R News India 24