২৬ জানুৱাৰী, ৰাষ্ট্ৰই পালন কৰিব ৭৩ সংখ্যক গণৰাজ্য দিৱস, সষ্টম আৰক্ষী প্ৰশাসন, স্পৰ্শকাতৰ এলেকাত ব্যাপক তালাচী।

Spread the love

২৬ জানুৱাৰী,
ৰাষ্ট্ৰই পালন কৰিব ৭৩ সংখ্যক গণৰাজ্য দিৱস, সষ্টম আৰক্ষী প্ৰশাসন, স্পৰ্শকাতৰ এলেকাত ব্যাপক তালাচী।

Assam 25, January:

২৬ জানুৱাৰীত সমগ্র দেশৰ লগতে অসমতো কটকটীয়া নিৰাপত্তা আৰু কোভিড প্ৰটকল ৰক্ষা কৰি ৰাজ্য চৰকাৰে ৭৩ সংখ্যক গণৰাজ্য দিৱস পালনৰ ব্যাপক প্ৰস্তুতি চলাইছে।

সেই অনুসৰি ৰাজ্যৰ বিভিন্ন জিলা আৰু মহুকুমা এলেকাৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সেনা আৰু আৰক্ষী বাহিনীয়ে যৌথভাৱে তালাচী অভিযান জোৰদাৰ কৰিছে।

ইফালে বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে একাংশ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে গণৰাজ্য দিৱসৰ দিনা কোনো ধৰণৰ হৰতাল কিংবা কূটাঘাতমূলক কাৰ্য্যৰ পৰা বিৰত থাকিব বুলি ঘোষণা কৰাত চৰকাৰ-প্ৰশাসনে স্বস্তিৰ নিশ্বাস পেলাইছে।

অন্যহাতে গণৰাজ্য দিৱস উপলক্ষে ২৬ জানুৱাৰীৰ দিনা কোন মন্ত্ৰী কত জাতীয় পতাকা উত্তোলন কৰিব ইতিমধ্যে তাৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে।

প্ৰাপ্ত তথ্য মতে গুৱাহাটী খানাপাৰাত কেন্দ্ৰীয় ভাবে গণৰাজ্য দিৱসৰ পতাক পতাকা উত্তোলন কৰিব অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে আৰু ইয়াত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

আনহাতে মন্ত্ৰী অতুল বৰাই যোৰহাটত গণৰাজ্য দিৱসৰ ত্ৰিৰংগ পতাকা উত্তোলন কৰিব।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গোৱালপাৰাত, মন্ত্ৰী ডঃ ৰনোজ পেগুয়ে শোণিতপুৰত, মন্ত্রী কেশৱ মহন্তই ডিব্ৰুগড়ত, মন্ত্ৰী উৰখাওঁ গৌড়া ব্ৰহ্মই তামুলপুৰত, মন্ত্ৰী পৰিমল শুক্লবদ্যই বঙাইগাঁৱত, মন্ত্ৰী ৰঞ্জিত দাসে নলবাৰীত, মন্ত্ৰী অজন্তা নেওগে নগাঁওত, মন্ত্ৰী যোগেন মোহনে লখিমপুৰত, মন্ত্ৰী পীযুষ হাজৰিকাই তিনিচুকীয়াত, মন্ত্ৰী সঞ্জয় কিষানে গোলাঘাটত কাছাৰ জিলাত ত্ৰিৰংগা পতাকা উত্তোলন কৰিব মন্ত্ৰী অশোক সিংহালে।

সেইদৰে বিটিএডিৰ ৰাজধানী চহৰ কোকৰাঝাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই।

ঠিক সেইদৰে আন আন পৰিষদীয় এলেকাতো নিজ নিজ কাৰ্যবাহী প্ৰধানে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব বুলি ৰাজ্যৰ প্ৰকাশন বিভাগে প্ৰকাশ কৰাৰ লগতে আন জিলা আৰু মহকুমা সদৰত পতাকা উত্তোলন কৰিব জিলা উপায়ুক্ত আৰু মহুকুমাধিপতিয়ে।

ইফালে জাগীৰোড পৰ্বত নগৰ’ স্হিত মাহফুজুল ক্বোৰআন হাফিজিয়া মাদ্ৰাছাততো গণৰাজ্য দিৱসৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰা হ’ব।

সাংবাদিক তথা সাংবাদিক পৰিষদ, অসম ৰাজ্যিক সমিতিৰ আলোচনী সম্পাদক জুলহাছ আলী আহমেদৰ উপস্থিতত পতাকা উত্তোলন কৰিব মাদ্ৰাছাৰ সভাপতি নুৰ মুহাম্মদে।

গণৰাজ্য দিৱস পৱিত্ৰ কাৰ্যসূচীত স্বাধীন ভাৰতৰ বাবে প্ৰাণ আহুতি দিয়া সকলৰ আত্মাৰ সদগতিৰ বাবে ধোৱা-প্ৰাৰ্থনাৰ অনুষ্ঠানো ৰখা হৈছে বুলি জানিব পৰা গৈছে।

জুলহাছ আলী আহমেদৰ বিশেষ প্ৰতিবেদন R News।

Leave a Reply

Your email address will not be published. Required fields are marked *