সৌৰভ কুমাৰ চলিহা:
25 June, Assam:
অসমীয়া সাহিত্যৰ ইতিহাসত এটি প্ৰসিদ্ধ ছদ্মনাম সৌৰভ কুমাৰ চলিহা।
চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰ নাথ মেধি।
চৈধ্য বছৰ বয়সতে তেখেতে ‘পাৰিজাত’ নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে।
ৰামধেনুৰ পাতত ‘অশান্ত ইলেক্ট্ৰন’ নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা দান কৰে।
সুৰেন্দ্ৰ নাথ মেধিৰ জন্ম হয় ১৯৩০ চনৰ ১৬ জুলাইত দৰং জিলাৰ মঙলদৈত।
পিতৃ নাম কালিৰাম মেধি আৰু মাতৃ নাম স্বৰ্ণলতা মেধিৰ।
সুৰেন্দ্ৰ নাথ মেধিয়ে স্কুলীয়া জীৱন আৰম্ভ কৰিছিল ১৯৩৯ চনত গুৱাহাটীৰ ছেইণ্ট মেৰিজ কনভেণ্ট স্কুলত।
কটন কলেজিয়েট স্কুলৰ পৰা ১৯৪৬ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
১৯৪৮ চনত আই এছ চি পৰীক্ষাত পঞ্চম স্থান লাভ কৰি উত্তীৰ্ণ হয়।
কটন কলেজত পঢ়ি থাকোঁতেই তেওঁ ৰিভ’লুশ্বনাৰী কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ কাম-কাজত জড়িত হোৱাৰ বাবে জে’ললৈ যাবলগীয়া হৈছিল।
জে’লৰ পৰাই পৰীক্ষা দি ১৯৫০ চনত পদাৰ্থ বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে।
ৰাজনৈতিক কাম-কাজত জড়িত হৈ পৰাৰ বাবে ঘৰৰ মানুহে তেওঁক বিলাতলৈ পঠিওৱাৰ সিদ্ধান্ত লয়।
১৯৫২ চনত ইংলেণ্ডৰ লিভাৰপুল অভিমুখে ভাৰতীয় জাহাজেৰে যাত্ৰা আৰম্ভ কৰে।
দুবছৰৰ পিছত তেওঁ লণ্ডন ইউনিভাৰ্ছিটিৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
তাৰ পিছত তেওঁ জাৰ্মানীৰ ভিতৰুৱা ঠাই গুটিংগেনৰ এখন স্কুলত শিক্ষকতাৰ পাতনি মেলে।
জাৰ্মানীৰ কেইবাখনো শিক্ষানুষ্ঠানত পাঠদানৰ অভিজ্ঞতা লৈ ১৯৬০ চনত মেধি গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰে আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে।
তাৰ পৰাই তেওঁ ১৯৮৮ চনত স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে।
সৌৰভ কুমাৰ চলিহাৰ প্ৰথম গল্পটো হ’ল ‘পঞ্জাব সীমান্তৰ সহযাত্ৰী’।
ইয়াৰ পিছতে ‘কালমাস্ক‘ নামৰ গল্পটো বাঁহীত প্ৰকাশ পায়।
ৰামধেনুৰ চুটি গল্প প্ৰতিযোগিতাত তেওঁৰ ‘অশান্ত ইলেকট্ৰন‘ গল্পটোৱে প্ৰথম স্থান লাভ কৰে।
তেখেতে ১৯৭৪ চনত ‘গোলাম’ নামৰ সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ১৯৯৫ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।
“একৈশ শতিকা ধেমালী নহয় আৰু অন্যান্য ৰচনা”, “জন্মদিন আৰু অন্যান্য গল্প”, “দ্ৰোণ আৰু গ্যেটে” এই তিনিখন তেওঁৰ অনন্য ৰচনা।
তেওঁ অসমীয়া সাহিত্যলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে।
২০১১ চনৰ ২৫ জুন তাৰিখে বৃক্ক আৰু হাঁওফাঁওৰ ৰোগত ভুগি গুৱাহাটীৰ ইণ্টাৰনেশ্বনেল হাস্পতালত মৃত্যু হয়।
এই গৰাকী সাহিত্যকৰ মৃত্যু বাৰ্ষিকীত সশ্ৰদ্ধ প্ৰনাম জনাইছোঁ।
সংগীতা দত্তৰ প্ৰতিবেদন #Rnewsindia24