নৰসিংহ পাত নিয়মীয়াকৈ খাওঁক এইকেইটা বেমাৰৰ পৰা বাছি থাকক।
নৰসিংহ পাতঃ আমাৰ সকলোৰে পাকঘৰত সঘনাই ব্যৱহাৰ হয়।
নৰসিংহ এজোপা ঔষধি গুন সম্পন্ন উদ্ভিদ।
নৰসিংহ পাতত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ ভিটামিন A, ভিটামিন B, ভিটামিন C আৰু E থাকে।
নৰসিংহ পাত চাটনি বনাই, ভাজি, পিচি আঞ্জা বনাই খোৱা হয়।
নৰসিংহ পাতত বহু পৰিমাণে লৌহ পদাৰ্থ থাকে।
নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে আৰু ই হাড়, দাঁতৰ গঠনত সহায় কৰে।
নৰসিংহৰ পাতে পাচনতন্ৰ সুস্থ কৰি ৰাখে।
ই ডাইৰিয়া, ডিচেন্ট্ৰি, মন্দাগ্নি আৰু মধুমেহ ৰোগত বিশেষ উপকাৰী।
আহকচোন জানোঁ নৰসিংহ পাত আমাৰ স্বাস্থৰ বাবে কিমান উপকাৰি-
1.নৰসিংহ পাতে মধুমেহ কম কৰাত সহায় কৰে।
2.নৰসিংহ পাতে ডায়েৰিয়া ভাল কৰাত সহায় কৰে।
আপুনি যদি নৰসিংহৰ পাতৰ ৰস খায় পেটচলা ৰোগ ভাল হ’ব।
3.নৰসিংহ পাতে আমাৰ লিভাৰটোক সুৰক্ষা প্ৰদান কৰে।
এই পাতে আপোনাৰ হেপেটাইটিছ ৰোগৰ পৰা বচাই ৰখাত সহায় কৰে।
4.নৰসিংহ চুলিৰ বাবে উপকাৰী।
নৰসিংহ পানীত উতলাই ঠাণ্ডা কৰি সেই পানী মুৰত সানিলে চুলি ধুনীয়া আৰু দীঘল হয়।
5.নৰসিংহৰ পেষ্ট বনাই মুখত লগালে মুখৰ ছাল পৰিষ্কাৰ আৰু সুন্দৰ হয়।
6.নৰসিংহ পাতে এনিমিয়া ৰোগ দূৰ কৰে।
7.নৰসিংহ পাতত থকা কেলচিয়ামে হাড় আৰু দাঁতৰ গঠনত সহায় কৰে ৷
8.কীট পতংগই কামুৰিলে নৰসিংহ পাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই লগালে সুফল পোৱা যায় ৷
9.গৰ্ভৱতী মহিলাৰ বাবে নৰসিংহ উপকাৰী।
10. নৰসিংহ পাতৰ ৰসে তেজৰ পৰিমাণ বৃদ্ধি কৰে।
এতিয়া জানিলে নহয় নৰসিংহ পাতৰ কিমান গুন আছে।
যদিও নৰসিংহ পাত অৱহেলা কৰি আছিল আজিৰ পৰা হলে অৱহেলা নকৰিব।
গতিকে নৰসিংহ পাত খাওঁক আৰু শৰীৰটো সুস্থ ৰাখক।
R News India 24 ৰ বাতৰি নিয়মীয়াকৈ পঢ়ক আৰু নিয়মীয়াকৈ উপহাৰ লাভ কৰক। সবিশেষ জানিবলৈ R News India 24ত যোগাযোগ কৰক ধন্যবাদ।
News Editor Sangita Dutta প্ৰতিবেদন R News India 24