majuli rash, rnewsindia24

ৰাস মাজুলীৰ আবেগ আৰু স্বাভিমান ◆

Spread the love

সমগ্ৰ অসমৰ লগতে সত্ৰ নগৰী মাজুলীত সাতাম পুৰুষীয়া ৰাস উদযাপনৰ বাবে প্ৰায় সংখ্যক মঞ্চত প্ৰস্তুতি তুংগত ।
মাজুলীৰ আকাশ বতাহত এতিয়া কেৱল মাথোঁ আহা সখী আহা যাওঁ বৃন্দা বনে । মাজুলীৰ প্ৰতি খন মঞ্চত এতিয়া দৈৱকীৰ অষ্টম সন্তান শ্ৰী কৃষ্ণক বধ কৰাৰ বাবে কংসৰ গোপন অভিসন্দি ।

বিশ্ব স্বাস্থ্য সংগঠন , অসম চৰকাৰ আৰু জিলা প্ৰশাসনে নিদ্ধাৰণ কৰি দিয়া covid-19 ৰ নীতি নিয়ম মানি অহা নৱেম্বৰ 29 , 30 আৰু 1 ডিচেম্বত সত্ৰ নগৰী মাজুলীত মঞ্চস্থ হব শ্ৰী কৃষ্ণৰ ৰাস লীলা । এই শ্ৰী কৃষ্ণ ৰাস লীলাৰ প্ৰস্তুতি আৰু অগ্ৰগতি জানিবৰ বাবে আমি উপস্থিত হৈছোহি মাজুলীৰ মধ্য মণি স্বৰূপ অঞ্চল সোনাৰীআটি নৱজ্যোতি কৃষ্টি সংঘ । এই কৃষ্টি কেন্দ্ৰৰ ৰাস উদযাপন সমিতিয়ে জনাইছে তেখেত সকলে covid-19 সকলো নিয়ম নীতি মানি শ্ৰী কৃষ্ণৰ ৰাস লীলা তিনিদিনীয়া কাৰ্য সূচীৰে মঞ্চস্থ কৰিব । তিনিয়ো টি ৰজনিতে দৰ্শকৰ সহযোগিতা কামনা কৰি উদযাপন সমিতিয়ে ৰাস দৰ্শনৰ বাবে নিমন্ত্ৰণ জনাইছে ।

 

Report By: মাজুলীৰ পৰা দিব্য জ্যোতি নাথৰ প্ৰতিবেদন (Rnewsindia24.com)

Leave a Reply

Your email address will not be published. Required fields are marked *