নিশা মধুৰ নিদ্ৰাত মগ্ন হবলৈ বৰ্জন কৰক এইকেইবিধ খাদ্য।

Spread the love

আমি সকলোৱে স্বাস্থ্যৱান হৈ থাকিব বিচাৰো, ধুনীয়া হৈ থাকিব বিচাৰোঁ, দীৰ্ঘদিন জীয়াই থাকিব বিচাৰোঁ নহয় নে ?

তাৰ বাবে লাগিব আমাক স্বাস্থ্যকৰ খাদ্য

এনে খাদ্য খালেহে আমাৰ শৰীৰটো সুস্থ হৈ থাকিব আৰু আমাৰ চিন্তাধাৰা উচ্চ হ’ব।

সাধাৰণতে আমি পাঁচবিধ পুষ্টিতত্ব থকা খাদ্য খাওঁ- কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ

যেনে :- চাউল, দাইল, ৰন্ধন তেল, গাখীৰ আদি।

দেহৰ শক্তিৰ যোগান ধৰিবলৈ কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি বেছি পৰিমাণে প্ৰয়োজন হয়।

ভিটামিন আৰু খনিজৰ তুলনাত কম।

ইহঁতে দেহক শক্তিৰ যোগান নধৰে যদিও দেহৰ ভিতৰত হৈ থকা বহুতো কাৰ্য ভালকৈ চলিবলৈ এইবিলাকে সহায় কৰে।

কিছুমান শাক-পাচলিত এবিধ জটিল ধৰণৰ কাৰ্বহাইড্ৰেট থাকে যাক ‘ডায়েটাৰি ফাইবাৰ’ বোলা হয়।

ইয়াক মানুহে হজম কৰিব নোৱাৰে কিন্তু জন্তুৱে পাৰে।

এনে ফাইবাৰত কম পৰিমাণে থকা কঠিন অংশই খাদ্যক পাচক অংগলৈ সৰবৰাহ কৰাত সহায় কৰে।

চোকোৰা থকা চাউল, ঘেঁহু আদিতো ডায়েটাৰি ফাইবাৰ থাকে।

বিভিন্ন ধৰণৰ বাদাম, যেনে :- কাজুবাদাম, চীনাবাদাম, নাৰিকল আৰু তিল, উৰুহী, লেচেৰা মাহ আদিত।

কাঠফুলা আৰু ছয়াবিন প্ৰটিনৰ উৎকৃষ্ট উৎস।

ঘিঁউ, গাখীৰ, দৈ, কণীৰ কুহুম, মাছ, মাংস, চৰাই লিভাৰ আদি খাদ্য খাব লাগে।

আমলখি, জলফাই, মধুৰি আম, জামু, বন্ধাকবি আদিত প্ৰচুৰ পৰিমাণে এই ভিটামিন থাকে।

এনেধৰণৰ পুষ্টিগুণ সম্পন্ন খাদ্য খোৱাৰ উপৰিও প্ৰতিদিনে প্ৰচুৰ পানী খাব লাগে।

দেহৰ বিভিন্ন অংগৰ কাম-কাজসমূহ সূচাৰুৰূপে চলিবলৈ পানীৰ দৰকাৰ।

পানীয়ে দেহৰ তাপ স্বাভাৱিক অৱস্থাত ৰাখে।

‘বি’ ভিটামিন দেহত সৰবৰাহ হ’বলৈ পানীৰ দৰকাৰ।

তেনেকৈ দেহৰ ভিতৰত কিছুমান প্ৰয়োজনীয় ৰসায়নিক প্ৰক্ৰিয়াৰ বাবেও পানীৰ দৰকাৰ।

খোৱাপানী আৰু খাদ্যত থকা পানীৰ জৰিয়তে দেহৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰা হয়।

গাখীৰত ৮০ৰ পৰা ৯০ শতাংশ, মাংস, কণী ৭০ শতাংশ পানী থাকে।

তেনেকৈ বেছিভাগ ফল-মূল আৰু পাচলিতো যথেষ্ট পৰিমাণে পানী থাকে।

আমাৰ শৰীৰৰো মুঠ ওজনৰ ৭০ শতাংশই পানী।

সুস্থ সবল হৈ থাকিবলৈ হ’লে এইখিনি খাদ্য আমি দিনত হে খাব পাৰো।

ইয়াৰ ভিতৰত কি কি খাদ্য আমি ৰাতি খাব নোৱাৰো জানোঁ আহক :-

1. সেউজীয়া শাক ৰাতি খাব নালাগে।
যেনে – লাই, পালেং, খুতৰা আদি নোখোৱাই ভাল।
কাৰন এইবোৰে পাচন ক্ৰিয়াত গেছ, এচিডিটি বা বদহজম কৰিব পাৰে।

2. ৰাতি দৈ নালাগে।
দৈ এবিধ পুষ্টিকৰ খাদ্য, ইয়াক সঠিক সময়ত সেৱন কৰিব লাগে।
ৰাতি আমি সকলোৱে শুই হে থাকো, দৈ খাই শুলে পেটতত গোলমাল কৰিব পাৰে, হজম কৰাত অসুবিধা হব পাৰে।

3. ৰাতি ফুলকবি, তিতা কেৰেলা, অত্যাধিক টেঙা, তিতা, জলা, খাৰযুক্ত খাদ্য পৰাপক্ষত নাখাব।
এইবোৰে পেটত বিভিন্ন ধৰণৰ সমস্যাৰ উপৰিও টোপনীত ব্যাঘাত জন্মাব।

4. চীজ, বাটাৰ বা অন্য চৰ্বিযুক্ত খাদ্য ৰাতি কমাই খাব লাগে।
ফেট বা চৰ্বিযুক্ত বস্ত হজম কৰোঁতে বহুত সময় লাগে।

5. কফি, ডাৰ্ক চকলেট, গাখীৰ চাহ ৰাতি কমাই খাব লাগে।
কাৰন এইবিলাক খাদ্যত কেফেইন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে।
যিয়ে টোপনীত ব্যাঘাত জন্মায়।

 

গতিকে এইখিনি খাদ্য পৰাপক্ষত নাখাব।

ৰাতি এইখিনি খাদ্য বৰ্জন কৰি আমাৰ শৰীৰটো ভালে ৰাখো আহক ।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *