কৃষ্ণ জন্মাষ্টমীক কি কি নামেৰে পালন কৰা হয়।
“আজি ৰাতি শিলা বৰষিলে এ
নুশুনি প্ৰজাৰ মাত
পালি পহৰীয়া সবে নিদ্ৰা গৈলা
উপজিলে জগন্নাথ“।
জন্মাষ্টমীঃ হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ।
ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়।
এই উৎসৱ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত পালন কৰা হয়।
জন্মাষ্টমী ভগৱান কৃষ্ণৰ জন্ম জয়ন্তী হিচাপে সমগ্ৰ ভাৰততে অতি আনন্দৰে উদযাপন কৰা হয়।
অসমীয়া লোকবিশ্বাস অনুসৰি ৰাতি বাৰ বজাৰ লগে লগেই শ্ৰীকৃষ্ণৰ জন্ম হয়।
ওৰেটো ৰাতি নাম ৰ্কীতন চলি থাকে।
নামৰ শেষত মাহ প্ৰসাদ, গুৰ আৰু পিঠাগুৰি মিহলাই তৈয়াৰ কৰা পকা মিঠৈ বিতৰন কৰে।
শ্ৰী কৃষ্ণ বাসুদেৱ আৰু দেৱকীৰ অষ্টম সন্তান আছিল, কিন্তু শ্ৰী কৃষ্ণৰ জন্মৰ পিছতে, বাসুদেৱে তেওঁৰ বন্ধু নন্দ ৰজাৰ ঘৰত থৈ তেওঁক কংসৰ পৰা সুৰক্ষা দিছিল।
শ্ৰীকৃষ্ণক নন্দ ৰজা আৰু যশোদাই ডাঙৰ-দীঘল কৰিছিল।
তেওঁ গোটেই শৈশৱটো গকুলত অতিবাহিত কৰিছিল।
তেওঁ গকুলত তেওঁৰ শৈশৱৰ লীলা সৃষ্টি কৰিছিল আৰু ডাঙৰ হৈ তেওঁৰ মামা “কংসক” হত্যা কৰিছিল।
ভগৱান শ্ৰী কৃষ্ণই আমাক সু-স্বাস্থ্য প্ৰদান কৰক, কৃষ্ণৰ বাঁহীৰ ঐশ্বৰিক সুৰে আমাৰ জীৱনক চিৰন্তন আনন্দেৰে ভৰাই তোলক।
সকলো দুখ-দুৰ্গতি দূৰ কৰক প্ৰাৰ্থনাৰে
শুভ জন্মাষ্টমী।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24