মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ডাউন টাউন বিশ্ববিদ্যালয়ৰ সহযোগত কেৰিয়াৰ কাউঞ্চেলিং অনুষ্ঠান।
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত ডাউন টাউন বিশ্ববিদ্যালয়ৰ সহযোগত TMPK আৰু এবছু ধেমাজী জিলা সমিতিৰ ব্যৱস্থাপনাৰে
কেৰিয়াৰ কাউঞ্চেলিং আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষ ৰোপন অনুষ্ঠান সম্পন্ন।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ডাউন টাউন বিশ্ববিদ্যালয় ৰ সহযোগত আৰু টিএমপিকে, এবছুৰ ধেমাজি জিলা সমিতিৰ ব্যৱস্থাপনাৰে ছাত্ৰ-ছাত্ৰী সকলৰ উদ্দেশ্যি কেৰিয়াৰ কাউঞ্চেলিং প্ৰশিক্ষণৰ কাৰ্য্যসূচী ৰূপায়ণ।
জোনাই মহকুমাৰ চিমেন চাপৰি,ডেকাপাম, তেলাম, ৰামধন দিখাৰী,লাইমেকুৰী,চমকং আদি অঞ্চলৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ দুই সহস্ৰাধিক ছাত্র-ছাত্ৰীয়ে অনুষ্টানত অংশগ্ৰহণ কৰে।
অনুষ্ঠানটো পৰিচালনা কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ কুম্বাঙে।
চিমেন চাপৰি মহাবিদ্যালয়ত অনুষ্ঠিত কৰা কেৰিয়াৰ কাউঞ্চেলিং প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ডাউন টাউন বিশ্ববিদ্যালয়ৰ মতিভেচনেল স্পিকাৰ, কেৰিয়াৰ কাউঞ্চিলাৰ আৰু ক’পাৰেট ট্ৰেইনাৰ অঞ্জন চৌধুৰী।
অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ সহকাৰী মাৰ্কেটিং মেনেজাৰ ইফতিকাৰ আহমেদ,প্ৰকল্প সমন্বয়ক মানস প্ৰতিম চুতীয়াই কৰ্মসংস্থাপন লাভৰ বাবে বিভিন্ন ডিপ্ল’মাৰ ওপৰত প্ৰণালীৱদ্ধ প্ৰশিক্ষণ আগবঢ়ায়।
উল্লেখ্য যে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই R News India 24ত কয় যে, ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত সুৰক্ষাৰ মানসেৰে এই কেৰিয়াৰ কাউঞ্চেলিং অনুষ্ঠান পৰিষদৰ শিক্ষা বিভাগৰ অধিনত এক মিচন হিচাপে গ্ৰহন কৰিছো।
কেৰিয়াৰ কাউঞ্চেলিং প্ৰশিক্ষণ কাৰ্য্যসূচীত চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে য়ে দক্ষতা বিকাশৰ ওপৰত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি চমু ভাষন দাঙি ধৰে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য ৰাজু মেদকে উদ্ধোধন কৰা আৰু টিএমপিকেৰ জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক মহেশ পেগুয়ে আঁতধৰা অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, ভৱানী দুৱৰা,সাধাৰণ সদস্য পদুম ৰায়, ববীকান্ত পেগু, চিমেন চাপৰি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন পেগু,চিমেন চাপৰি মহাবিদ্যালয় ৰ সহকাৰী গ্ৰন্থাগাৰিক জোনমণি ৰাঈদঙীয়া,টিএমপিকেৰ জোনাই জিলা সমিতিৰ প্ৰাক্তন সভাপতি কান্দা টায়েং,সদস্য ভূৱন পেগু, চানু দলে, এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি লখেন বসুমতাৰী উপস্থিত থাকে।
ইয়াৰ পূৰ্বে পুৱা ১০ বজাত মূৰ্কংচেলেক মহাবিদ্যালয়ত জোনাই অঞ্চলৰ দুই সহস্ৰাধিক ছাত্র-ছাত্ৰীৰ উপস্থিতিত কেৰিয়াৰ কাউঞ্চেলিং প্ৰশিক্ষণ অনুষ্ঠিত কৰে।
পুৱা ৯ বজাত অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দ্বাৰা ৰাজ্যজুৰি আৰম্ভ কৰা ” মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপন কাৰ্য্যসূচী”ৰ অধীনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু মূৰ্কংচেলেক মহাবিদ্যালয়ৰ সহযোগত “মুহি চন্দ্ৰ মিৰি বনানিকৰণ অভিযান ২০২০-৩০” মূৰ্কংচেলেক মহাবিদ্যালয়ত গছ ৰোপন কাৰ্য্যসূচী ৰূপায়ন কৰে।
মূৰ্কংচেলেক মহাবিদ্যালয়ৰ চৌহদত নাচপতি, কঁঠাল শিলিখা , সোণাৰু , জলফাই , আমলখি আৰু বগৰীকে ধৰি কেইবাটাও জাতৰ গছ পুলি ৰোপন কৰে ।
গছপুলি ৰোপণৰ শুভাৰম্ভ কৰে জোনাই বনাঞ্চলিক বিষয়া মুকুট ৰাভাই কয় যে গছপুলি ৰোপণ কৰি তাক আদৰ-যত্ন লৈ লালন-পালন কৰাটো আমাৰ কৰ্তব্য।
সেইয়ে, অধিক গছপুলি ৰোপণ কৰাৰ লগতে বনাঞ্চল আৰু প্ৰাকৃতিক সম্পদক সুৰক্ষা প্ৰদান কৰি প্ৰাকৃতিক পৰিৱেশ সৰ্বাংগসুন্দৰ কৰি ৰাখিবলৈ আহ্বান জনায়৷
এই কাৰ্যসূচীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য ৰাজু মেদক,জলসম্পদ বিভাগৰ কাৰ্য্যবাহী সদস্য নৰেশ কুম্বাং, সাধাৰণ সদস্য পদুম ৰায়, টিএমপিকেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজকুমাৰ মৰাং, টিএমএমকেৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী গীতাঞ্জলি বড়ি পাতিৰ উপস্থিত থাকে৷
আনহাতে একেই কাৰ্য্যসূচীৰ আধাৰত ডেকাপাম জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ চৌহদ’টো বিভিন্ন মূল্যবান গছ ৰোপণ কৰে।
গছপুলি ৰোপণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী,ভৱানী দুৱৰা, সাধাৰণ সদস্য ৰাতিৰাম বসুমতাৰী, ববীকান্ত পেগুয়ে।
অনুষ্ঠানত ডেকাপাম জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গোপীৰাম দলে, ডেকাপাম গাওঁ পঞ্চায়তৰ সভানেত্ৰী সুমিতা মুছাহাৰী,কাউঞ্চিলৰ কুঞ্জ পেগু,টিএমপিকেৰ সদস্য কলীয়া পেগু, এমএমকেৰ জোনাই জিলা সমিতিৰ সম্পাদক সদানন্দ পেগু, ধেমাজি জিলা বড়ো হাৰিমু আফাডৰ সভাপতি নাথুৰাম মুছাহাৰী উপস্থিত থাকে।
উক্ত কাৰ্য্যসূচীক সফল ৰূপায়ণ কৰাৰ স্বাৰ্থত টিএমপিকে,এমএমকে,টিএমএমকেৰ জোনাই জিলা সমিতিয়ে পূৰ্ণ সহযোগিতা আগবঢ়ায়।
MAC TODAY R News India 24