অৰ্শৰোগ, ডায়েৰিয়া, ডিচেন্ট্ৰিৰ, হাঁপানি, বাতবিষ, আদি ৰোগৰ পৰা বাচি থাকিবলৈ ভেদাইলতা খাওঁক এনেকৈ ।
ভেদাইলতাঃ পেৰালাইচিচ, স্নায়বিক দুৰ্বলতা, অৰ্শৰোগ, ডায়েৰিয়া আৰু ডিচেন্ট্ৰিৰ, হাঁপানি, বাতবিষ, আদি ৰোগৰ বাবে ভেদাইলতা অতি উপকাৰী।
ভেদাইলতাৰ বৈজ্ঞানিক নাম “Paedericto Chide“।
ভেদাইলতাত কেৰটিন, ভিটামিন-চি, এলকেলইড, ফেটি এচিড, চেপনিন, কুইনন আদি থাকে।
ভেদাইলতাক পাদুৰিলতা, গন্ধভাদুলীয়া, ভাদুলীলতা আৰু প্ৰসাৰণী আদি নামেৰেও জনা যায়।
ভেদাইলতাৰ পাত আৰু শিপাৰ পৰা আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰা হয় ৷
গতিকে, ভেদাইলতা ঔষধীগুন সম্পন্ন আৰু বল শক্তিদায়ক বনশাক।
জানোঁ আহক ভেদাইলতাৰ ঔষধিগুন সমূহঃ
1. পেৰালাইচিচ, স্নায়বিক দুৰ্বলতা,পুৰুষৰ যৌন দুৰ্বলতা হলে ভেদাইলতা খাব লাগে।
2. ভেদাইলতাই পেটৰ আভোক,বদহজমি, ওকালি-বমি,পেটৰ বিষ, লিভাৰ আৰু প্লীহাৰ অসুখৰ উপশম ঘটাই।
3. ভেদাইলতাই ডায়েৰিয়া আৰু ডিচেন্ট্ৰিৰ সোনকালে ভাল কৰে।
4. ভেদাইলতাই হাঁপানি ৰোগ নিৰাময় কৰে।
5. ভেদাইলতাৰ গুটিয়ে দাঁতৰ বিষ উপশম কৰে আৰু শেতা পৰা দাঁতৰ ৰং চিকচিকিয়া কৰে ৷
6. প্ৰ্সূতিসকলক প্ৰসৱৰ আগে-পিছে ভেদাইলতাৰ চাটনি কৰি খুৱাব লাগে।
7. ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায়।
8. বাতবিষত আক্ৰান্ত হ’লে ভেদাইলতা ৰস খালে আৰোগ্য পোৱা যায়।
9. ভেদাইলতা গছৰ ডাল ,শিপা,পাত মুত্ৰনলীৰ পাথৰ নিষ্কাষণ, ডেলিভাৰিৰ পিছৰ প্লেচেন্টাৰ নিষ্কাষণ সহজ কৰিবলৈ প্ৰয়োগ কৰা হয় ৷
10. ডায়েৰিয়া ৰোগত ভেদাইলতা উপকাৰী।
11. ছালৰ ৰোগত ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়।
12. গা আৰু বুকুৰ বিষত ভেদাইলতা উপকাৰী।
13. অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে।
14. পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতা খালে সুফল পোৱা যায়।
15. বাতবিষত আক্ৰান্ত হ’লে ভেদাইলতা ৰস খালে আৰোগ্য হয়।
16. ভৰি-হাতৰ হাড় ভাগিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ কমে।
আহক আমি সকলোৱে ভেদাইলতা খাই শৰীৰটো নিৰোগী কৰি ৰাখো।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24