শিলিখাত কি কি ঔষধী গুণ আৰু কি কি ৰস আছে ? সবিশেষ এই প্ৰতিবেদনত।

Spread the love

শিলিখা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷

শিলিখাৰ বৈজ্ঞানিক নাম Terminalia Chebula

শিলিখাত ছটাকৈ ৰস থাকে। যেনে- মিঠা, টেঙা, কেহা, তিতা, জলা আৰু লবণ

শিলিখা খোৱাৰ পাছত শৰীৰত মিঠা ৰসটো অনুভৱ হয়।

শিলিখাৰ বহুতো ঔষধী গুণ আছে।

ই উষ্ণবীৰ্য, অগ্নিৰ দীপ্তিকাৰক, মেধাজনক, ৰসায়ন, চকুৰ হিতকাৰক, লঘু আয়ুস্কৰক, পুষ্টিকাৰক আৰু মলাদিৰ অধ: প্ৰৱৰ্তক

শিলিখা পেটফুলা, বমি, প্ৰমেহ, অৰ্শ, কুষ্ঠ, শোথ, উদৰ, কৃমি, স্বৰভংগ, গ্ৰহণীৰোগ, মলৰ বিবদ্ধতা, বিষম জ্বৰ, গুল্মৰোগ, পিয়াহ, হিককা, খজুৱতি, কুহুমখৰ, শূলৰ বেদনা, যকৃত বৃদ্ধি, প্ৰস্ৰাৱৰ সমস্যা আদি ৰোগৰ বাবে অতি উত্তম।

1. পেচাব জ্বলা-পোৰা কৰিলে শিলিখা চূৰ্ণ খালে নিৰাময় হয়৷

2. ডিঙিৰ বিষ, মাত ভঙা আদিত মৌৰ লগত শিলিখাৰ গুৰি খালে ভাল হয়৷

3. পাইলচ বা অৰ্শ ৰোগীয়ে দিনটোত এটাকৈ হ’লেও শিলিখা খোৱাটো অত্যন্ত প্ৰয়োজন।

4. শৌচ খোলোচা নোহোৱা, খজুৱতি, পেট ফুলা আদি ৰোগৰ বাবে শিলিখা উত্তম৷

5. শিলিখাই স্মৃতিশক্তি বৃদ্ধি কৰে।

6. শিলিখাই ডায়েবেটিছ ৰোগ নিৰাময় কৰে৷

7. শিলিখাৰ ৰসে পাচন প্ৰণালী বিশুদ্ধ কৰি ৰাখে৷

8. শিলিখা ৰস মৌ ৰ লগত মিহলাই খালে বমি বমি ভাৱ বন্ধ হয়।

9. শিলিখা চূৰ্ণ মৌৰে খালে হিকটি বন্ধ হয়।

10. শিলিখাই যকৃৎ ৰোগ নিৰাময় কৰে।

11. হৃদযন্ত্ৰৰ বিভিন্ন ৰোগৰ বাবে শিলিখা উত্তম।

12. শিলিখাৰ পানী বহু সময় উতলাই সেই পানী সেৱন কৰিলে মুখ আৰু জিভাৰ ৰোগ নিৰ্মূল হয়৷

13. শিলিখাই এচিডিটি নাশ কৰে৷

14. শিলিখা খালে বল বৃদ্ধি হয়।

15. শিলিখাই শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধিত সহায় কৰে।

Mising Autonomous Council
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

গতিকে আহক আজিৰ পৰা শিলিখা খাই স্বাস্থ্যটো ভালে ৰাখো।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *