৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com October 1/ 2022 :-
1. আজি মহাষষ্ঠী।
আৰম্ভ হ’ল দুৰ্গতি নাশিনীৰ আৰাধনা।
ঢাক-ঢোলৰ শব্দই কঢ়িয়াই আনিছে মা দুৰ্গাৰ ধৰালৈ আগমনৰ বতৰা ।
2. ৮ অক্টোবৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়।
বশিষ্ঠ চাৰিআলিত অৱস্থিত প্রাসাদোপম ভৱনটো উদ্বোধন কৰিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে।
উদ্বোধনৰ বাবে ইতিমধ্যে সম্পূৰ্ণ সাজু কৰি তোলা হৈছে ভৱনটো।
শনিবাৰে নতুন ভৱনটোত অনুষ্ঠিত হয় ৰাজ্যিক বিজেপিৰ এখন প্রস্তুতি বৈঠক।
3. আজি অসম আৰক্ষী দিৱস।
আৰক্ষী দিৱস উপলেক্ষ দৌলাশালত পাঁচশ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ।
4. ধেমাজি জিলাৰ ৩৪ সংখ্যক জিলা প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।
উপস্থিত থাকে শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু।
5. মন্ত্ৰী-বিধায়কে ৪ হাজাৰ ইউনিট বিজুলী বিনামূলীয়াকৈ পায়।
জনতাইয়ো বিনামূলীয়া বিজুলী পাব।
পুৰণা সকলো বিল মাফ কৰি ১ মাৰ্চৰ পৰা গুজৰাটত বিজুলীৰ বিল হ’ব শূন্য – মন্তব্য কৰে অৰবিন্দ কেজৰিৱালে ।
6. কৃষকলৈ চৰকাৰৰ বিশেষ আহ্বান।
বহিৰাগত কোম্পানীক ধান বিক্ৰী নকৰিবলৈ আহ্বান চৰকাৰৰ।
সংবাদমেলযোগে ঘোষণা কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
7. মস্কোৰ ৰেড স্কোৱেৰত পুটিনৰ বিজয় উৎসৱ।
ইউক্ৰেইনৰ ১৫ শতাংশ দখল কৰিলে ৰাছিয়াই।
ইউক্ৰেইনলৈ আমেৰিকাই প্ৰেৰণ কৰিছে ১৩ বিলিয়ন ডলাৰৰ নতুন অস্ত্ৰ-শস্ত্ৰ।
8. উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুযায়ী NRCৰ চূড়ান্ত অধিকাৰৰ পৰা বাদ পৰা ব্যক্তিসকলক আপিলৰ সুবিধাৰ্থে গঠন কৰা ২০০ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।
ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তৰ পিছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰিপুণ বৰা।
বৰাৰ অভিযোগ- NRCৰ নামত ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে বিজেপিয়ে।
9. ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰয়ক নিলম্বন ।
ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে।
10. মাজত মাত্ৰ কেইটামান ঘণ্টা, কাইলৈ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হাইভল্টেজ T-20 মেচ।
খেলৰ পূৰ্বে দুয়ােটা দলৰ খেলুৱৈক দেখা গল অনুশীলনত ।
11. কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
জাৰি কৰা হল চৰকাৰী জাননী ।
12. অসমবাসীৰ বাবে এটা ভাল খবৰ ।
গুজৰাটৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমলৈ ৰূপৰ পদক কঢ়িয়াই আনিলে ভাৰোত্তোলক পপী হাজৰিকাই।
লগতে অসমলৈ পদক কঢ়িয়াই আনিলে চাইক্লিষ্ট চয়নিকা গগৈ, দৌৰবিদ অম্লান বৰগোঁহাই আৰু লন বল খেলুৱৈ নয়নমণি শইকীয়াই ।
13. দেশত আজিৰ পৰা মুকলি হ’ল 5G সেৱা ।
দুবছৰৰ ভিতৰত সমগ্ৰ দেশত উপলব্ধ হ’ব 5G সেৱা ।
5G সেৱা IT ক্ষেত্ৰত ভাৰতৰ বিশেষ সাফল্য দেশৰ অৰ্থনীতি সমৃদ্ধকৰণত কাৰক হ’ব 5G.
14. মহাষষ্ঠীৰ দিনাই কৰিমগঞ্জত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
কেইবাখনো পূজাস্থলীত সেৱা ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।
15. দূৰ্গাপূজাত দেৰগাৱঁৰ মূল চহৰত চলাব নোৱাৰিব ই ৰিক্সা।
গাড়ী চালকৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।
16. পূজাৰ বতৰত ৰাজ্যবাসীলৈ দুঃখবৰ।
আকৌ বৃদ্ধি পালে ডিজেলৰ দাম।
ডিজেলত VAT বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে।
২.০৫ শতাংশ VAT বৃদ্ধি কৰিলে প্ৰতিলিটাৰ ডিজেলত।
17. দেশৰ ভিতৰত প্ৰথম অসমতে ‘সুৰঞ্জনা’ নামেৰে মহিলা আৰক্ষীৰ এক পূৰ্ণাংগ বেণ্ড মুকলি কৰিলে অসম আৰক্ষীয়ে।
18. শক্তিপীঠ কামাখ্যাত উপস্থিত হ’ল সুনীল গাভাস্কাৰ।
মা কামাখ্যাত আশিস ল’লে সুনীল গাভাস্কাৰে।
19. আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান।
ভয়াৱহ বানৰ বাবে কেইবামাহ ধৰি বন্ধ হৈ আছিল উদ্যানখন ।
20. বঙাইগাঁও আৰক্ষী চাউনিত অসম আৰক্ষী দিৱস উদযাপন কৰে।
অসম আৰক্ষীয়ে ব্ৰিটিছৰ চাল-চলন পৰিহাৰ কৰি জনসাধাৰণৰ কাষ চাপিব লাগে বুলিও মন্তব্য কৰে অসম আৰক্ষীৰ পশ্চিম অসম মণ্ডলৰ উপ মহাপৰিদৰ্শক দীপক কুমাৰ দেয়ে ।
৫ মিনিটত ২০ গুৰুত্বপূৰ্ণ খবৰ নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।