ৰং তুলিকা-শব্দৰে পবাৰ বাবে এদিন
- Breaking News
২০২০ চনৰ ২৮ নম্বেৱৰ।
ৰং তুলিকা-শব্দৰে পবাৰ বাবে এদিন
পবা বনাঞ্চলৰ তিনি মাইল বীট অফিচৰ বাকৰি। সন্মুখত সেউজীয়া ঘাঁহনি। মাজে মাজে আকাশ চুম্বিত গছ। কাষেদি চিৰ তৰুণ চিয়াং। শীতে চুব খোজা পবাৰ ঘাঁহনিৰ দলিচাত পবাক অভয়াৰণ্যৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত সমবেত হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰকৃতিকৰ্মী। অনুষ্ঠানটিক নেৰ্চাচ বেকন ধেমাজি আঞ্চলিকৰ পৰিকল্পনা আৰু ৰূপাংকনত আয়োজন কৰা হৈছে। জোনাই আঞ্চলিকৰ সহযোগতাত আৰু বৰ্ণাংকৰ গোষ্ঠীৰ ৰং-তুলিকাৰ পৰশত এক ব্যতিক্ৰমী অনুষ্ঠান তিনি মাইল বন খণ্ডৰ সেউজীয়া বাকৰি আৰু চিয়াং নদীৰ পাৰত দিন জোৰা কাৰ্যসূচী হাতত লৈ পুৱা ১০ বজাত সকলো সমবেত হৈছে। অনুষ্ঠানটিত অংশ গ্ৰহণ কৰা চিত্ৰকাৰ, কবি-সাহিত্যিক, শিল্পী, সাংবাদিক, শিক্ষক, প্ৰকৃতি কৰ্মী, নাগৰিক আদিয়ে নিজ নিজ কামৰ মাধ্যমেৰে পবাক সংৰক্ষণ আৰু অভয়াৰণ্য ঘোষণাৰ প্ৰতীকমূল দাবী চৰকাৰৰ ওচৰত দাঙি ধৰাৰ এক অভিনৱ প্ৰয়াসত পবা বনভূমিৰ নীৰৱ বাকৰি স্বতৰ্ফুতভাবে প্ৰাণোচ্ছল হৈ উঠিছে।
পুৱা ১০ বজাত পবাৰ চিৰ সেউজীয়া গছৰ চাঁ-পোহৰত কাৰ্যসূচী আৰম্ভ কৰা হয়। অনুষ্ঠানটিৰ প্ৰাণ দায়িনী তথা মূল পৰিকল্পনাকাৰী ধেমাজি আঞ্চলিকৰ সম্বন্বয়ক যুগল সন্দিকৈৰ আদৰণী ভাষণেৰে দিনৰ কাৰ্যসূচ আৰম্ভ কৰা হয়।। নেৰ্চাচ বেকনৰ অন্য এগৰাকী কৰ্মী তথা জোনাই আঞ্চলিকৰ সহ-সম্বন্বয়ক তোষেশ্বৰ মিৰি আগৰৱালাৰ উদ্যোধনী ভাষণ আৰু দেৱজ্যোতি মিলিৰ ভাষণৰ পাচতে সমল ব্যক্তিৰূপে নলবাৰীৰ প্ৰকৃতি কৰ্মী ৰাজেশ দত্ত বৰুৱা, প্লাষ্ঠিক- আৱৰ্জনামুক্ত পৃথিবীৰ বাবে কাম কৰা যুগল বৰা দ্ধাৰা কাৰ্যসূচী আৰম্ভ কৰা হয়। তৎমুৰ্হুততে গছৰ তলে তলে বৰ্ণাংকৰৰ চিত্ৰকাৰে চিত্ৰ অংকণ কৰি পৰিৱেশ জীপাল কৰি তুলে। হেমচন্দ্ৰ কছাৰীৰ পৰিচালনাত নৈ কাণত কবিতাৰ শব্দ অলংকাৰে বৰ্ণময় কৰা অনুষ্ঠান এটিয়ে অনন্য মাত্ৰা প্ৰদান কৰে। ভূপেন হাজৰিকাৰ গৱেষক তথা শিল্পী ডঃ শংকৰ পাটোৱাৰীৰ গীতেৰে সংগীত অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু প্ৰাক্তন ছাত্ৰ ছাএীৰ আপ্যায়ন স্মৰণীয়। অনুষ্ঠানত চেভ পবা ৰেইন ফৰেষ্টৰ সদস্যৰ অংশ গ্ৰহণেও উৎসাহিত কৰে। অনুষ্ঠানৰ মাজতে কাষে কাষে চৰি থকা বনৰীয়া হাতীজাক পৰিৱেশ আৰু অধিক ৰোমাঞ্চিত কৰিছিল। সমগ্ৰ অনুষ্ঠানটিক সুচাৰুৰূপে আগবঢ়ায় নিয়ে মানস প্ৰতিম দত্ত আৰু গিৰীণ কছাৰীয়ে।
R News India 24