৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com December 1/2022:- 

1. আজিৰে পৰা আৰম্ভ হৈছে কৃষি বিভাগৰ ‘শস্য বীমা সপ্তাহ’।
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ৭ ডিচেম্বৰলৈ চলিব এই সপ্তাহ।
কৃষি সঞ্চালকৰ কাৰ্যালয়ত এই সপ্তাহৰ মুকলি কৰে মন্ত্ৰী অতুল বৰাই।
৬ জন কৃষকক প্ৰদান কৰে ক্ষতিপূৰণ চেক।
এই আচঁনিৰ জৰিয়তে লাভ কৰিব ১ লাখ টকালৈকে বীমা।
২০২০-২১ বৰ্ষত প্ৰায় ৪ লাখ ৯৭ হাজাৰ কৃষকক সামৰি লোৱা হৈছে।

2. অসম পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত পৰ্যালোচনা বৈঠক৷
ফটাশিল আমবাৰীত অনুষ্ঠিত হয় এই বৈঠক।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
ৰাজ্যৰ গড় কাপ্তানি বিভাগৰ পথৰ অৱস্থা পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীয়ে।

3. আজি ডিব্ৰুগড়ৰ কছাৰীবাৰীস্থিত সোণোৱাল ভৱনত সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি গুণাৰাম ঢেকিয়ালদেৱ আৰু প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক শুভ বৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠান।
উক্ত অনুষ্ঠান উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, সাধাৰণ সম্পাদক ৰাজু সোণোৱাল, লগতে বহু গন্য মান্য ব্যক্তি।

4. আজি গুজৰাটৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ৷
পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে বিয়লি 5 বজালৈকে।
গুজৰাটৰ ১৯ খন জিলাৰ ৮৯টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
আজি নিৰ্ণয় হ’ব ৭৮৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
২৫,৪৩৪ টা কেন্দ্ৰত হৈছে ভোটগ্ৰহণ।

5. ৰেগিঙৰ বিৰুদ্ধে হেল্পলাইন নম্বৰ মুকলি কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে৷
এতিয়াৰে পৰা যদি কোনো শিক্ষাৰ্থীয়ে ৰেগিঙৰ সন্মুখীন হয়, তেন্তে 9577645353 নম্বৰত অভিযোগ দিব পাৰিব৷
helpline.dibru.ac.inতো দাখিল কৰিব পাৰিব অভিযোগ৷
ৰেগিং সম্পৰ্কীয় অভিযোগ পালেই জনোৱাৰ আহ্বান বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ৷

6. কংগ্ৰেছত থকাসকলৰ দেহটোহে কংগ্ৰেছত আছে, মন আছে বিজেপিত”- মন্তব্য বিধায়ক দিগন্ত কলিতাৰ।

7. SEBAত সম্পন্ন মনোজ্ঞ কৰ্মশালা।
কৰ্মশালাত অংশগ্ৰহণ কৰে ৰাজ্যৰ শিক্ষক সমাজে।
নামভৰ্তিৰ বাবে বাধ্যতামূলক হ’ব প্ৰৱেশ পৰীক্ষা।
সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

8. “ভূপেন বৰা মিছলীয়া, বহুবল্কী।
তেওঁৰ কথা কোনেও বিশ্বাস নকৰে”- মন্তব্য মন্ত্ৰী অতুল বৰাৰ।

9. আজি বিশ্ব এইডছ দিৱস৷
অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত GMCHৰ প্ৰেক্ষাগৃহৰ পৰা উলিওৱা হয় সজাগতামূলক ৰেলী৷
ৰেলীত অংশগ্ৰহণ কৰে বহু ছাত্ৰ-ছাত্ৰীয়ে ।
‘সমতা’ক বিষয়বস্তু হিচাপে লৈ পালন কৰিছে এইডছ দিৱস।
এইডছৰ প্ৰতি সকলোকে সজাগ, সচেতন হোৱাৰ আহ্বান।

10. উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰত নামঘৰ সমাৰোহ৷
২ডিচেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব নামঘৰ সমাৰোহ৷
নামঘৰক প্ৰতীক হিচাপে লৈ আয়োজন কৰা হৈছে এই সমাৰোহ।
এই সমাৰোহত ২০০০ নামঘৰীয়াৰ তালবাদন আৰু সমূহীয়া নামৰ লগতে ২০০০ শিশু শিল্পীৰ দিহানাম আৰু খোল বাদনৰ দৰে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে৷

11. “ভাৰত জোৰো যাত্ৰাত পকেটমাৰ, চোৰ ঘূৰি আছে এই যাত্ৰাত।
মিঞাৰ মাজে মাজে এই যাত্ৰা”- মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।

12. মহানগৰীৰ পাণ্ডুত বিধ্বংসী অগ্নিকাণ্ড৷
পাণ্ডু ৪ নং কলনীত সংঘটিত হৈছে এই অগ্নিকাণ্ড৷
জুইত ভস্মীভূত হ’ল ২০ টাকৈ বাসগৃহ৷
৪টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি সংঘটিত হৈছে এই অগ্নিকাণ্ড।
ঘটনাস্থলীত উপস্থিত আছে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ দল৷

13. কমনৱেলথ গেমছত উজলিল অসম কন্যা সুনা সৰকাৰ।
নিউজিলেণ্ডৰ অকলেণ্ডত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰে।
Powerliftingত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল শিলচৰৰ সুনা সৰকাৰে।

14. সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক উলুবাৰী অধিবেশন।
বিজনীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে এই অধিবেশন।
তিনিদিনীয়া এই অধিবেশনৰ আজি অন্তিম দিনটোত উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা।
শোভাযাত্ৰা মুকলি কৰে অভিনেতা নয়ন নিলিমে।

15. দুধনৈত ইউনাইটেড গাৰো অট’ন’মাচ কাউন্সিল মুভমেণ্ট কমিটিৰ সংবাদমেল।
সংবাদমেলযোগে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গাৰো ডেভেলপমেণ্ট কাউন্সিলক গাৰো স্বায়ত্ত শাসিত পৰিষদলৈ উন্নীতকৰণৰ দাবী ইউনাইটেড গাৰো অট’ন’মাচ কাউন্সিল মুভমেণ্ট কমিটীৰ।

16. ‘‘মেঘালয়ৰ সৈতে কাজিয়া কৰিলে আমাৰ একো লাভ নহয়।
অসম আৰক্ষীয়েহে মেঘালয়ৰ মানুহ মাৰিছে”- মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

17. ২ ডিচেম্বৰ অৰ্থাৎ কাইলৈ ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি ‘ঈশ্বৰ’।
চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ শেষৰখন ছবি ‘ঈশ্বৰ ‘ ।
বৃহস্পতিবাৰে জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয় ছবিখনৰ প্ৰমিয়াৰ শ্ব’।

18. যোৰহাটত চাঞ্চল্যকৰ অপহৰণ কাণ্ড।
ৰেল ষ্টেচনৰ পৰা এজন যুৱকক অপহৰন কৰা হৈছে।
অপহৃত যুৱকজনৰ নাম অমৰজিত প্ৰসাদ।
অমৰজিতৰ পৰিয়াললৈ অপহৰণকাৰীয়ে ফোন কৰি ৫০ লাখ টকা মুক্তিপণ দাবী কৰিছে।

19. ‘এগৰাকী ভয়াতুৰ পত্ৰকাৰে মৃত নাগৰিকৰ জন্ম দিব পাৰে’।
NDTV পদত্যাগৰ পিছত এই মন্তব্য সাংবাদিক ৰবিশ কুমাৰৰ।

20. সফলতাৰে সম্পন্ন হ’ল ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ।
ICUলৈ ছিফট কৰা হৈছে আনন্দ শৰ্মাক।
টাইটেনিয়াম প্লেট আৰু স্ক্ৰু দি হাড় জোৰা লগোৱা হৈছে। অতি সোনকালে সুস্থ হৈ উঠিব বুলি জানিব পৰা গৈছে।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদ।

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

Leave a Reply

Your email address will not be published. Required fields are marked *