6. ‘২০২২ত চোৰাং চিকাৰীৰ হাতত এটাও গঁড়ৰ মৃত্যু হোৱা নাই’ ৷
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা এক টুইটৰ পাছতে গঁড়ক সুৰক্ষিত কৰাৰ প্ৰচেষ্টাত সক্ৰিয়তাৰে জড়িত হৈ থকা অসমৰ সকলোকে শলাগ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
7. নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত ৷
ৰহাত জোঙালবলহু অনুষ্ঠানৰ পৰা ওভতাৰ পথতে নামগাঁৱত দুৰ্ঘটনাত পতিত হয় বিধায়কগৰাকীৰ বাহন ৷
বিধায়কৰ বাহনত পিছফালৰ পৰা খুন্দা মাৰে আন এখন বাহনে।
দুঘৰ্টনা সংঘটিত কৰা বাহনৰ চালক আৰু হেণ্ডিমেনক কৰায়ত্ত কৰে ৰাইজে।
8. তেজপুৰত জিলা ভিত্তিক পাঞ্জা প্ৰতিযোগিতা ।
১০ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ মৰিগাঁৱত অনুষ্ঠিত হ’ব ৰাজ্যিক ভিত্তিক পাঞ্জা প্ৰতিযোগিতা।
9. মহানগৰীত জব্দ কৰা হৈছে চুৰি বাইক ৷
কিৰাকাৰা চৰ অঞ্চলৰ পৰা প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে জব্দ কৰে ৫ খনকৈ চুৰি বাইক ৷
নুনমাটি ACPৰ নেতৃত্বত চলিছিল এই অভিযান ৷
10. আজি দেউৰী জনগোষ্ঠীৰ নেতা শ্বহীদ লীলাকান্ত দেউৰীৰ স্মৃতি দিৱস ৷
নাৰায়ণপুৰত দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত ১৭ সংখ্যক স্মৃতি দিৱসৰ বিশেষ অনুষ্ঠান।
অনুষ্টানত উপস্থিত থাকে বহু ব্যক্তি।
11. পশ্চিমবংগত বন্দে ভাৰত এক্সপ্ৰেছত দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ ।
দৰ্জাৰ আইনা ভাঙি চূৰমাৰ কৰে দুৰ্বৃত্তই।
মুকলিৰ ৪ দিন পাছতে এই অনাকাংক্ষিত ঘটনা।
মালদা ষ্টেচনত সংঘটিত হয় এই ঘটনা ।
শিলগুটি নিক্ষেপত কোনো লোক আহত হোৱা নাই ।
৪ দিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিছিল বন্দে ভাৰত এক্সপ্ৰেছ।