৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com Assam March

1. দিল্লীৰ ‘ৱাৰ মেম’ৰিয়েল’ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
লগতে দিল্লীত উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াসহ কেইবাগৰাকীও মন্ত্ৰী।
কেবিনেট সিদ্ধান্ত অনুসৰি দিল্লীৰ ৩ স্থান ভ্ৰমণ কৰে দলটোৱে।

2. সোমবাৰৰ পৰা তামুলপুৰত চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপ।
অংশ ল’ব ভাৰতৰ লগতে মুঠ ১০খন দেশৰ খেলুৱৈয়ে।
প্ৰথমবাৰৰ বাবে তামুলপুৰত অনুষ্ঠিত হ’ব এই চেম্পিয়নশ্বিপ।

3. ‘চৰকাৰৰ বিপক্ষে গ’লেই দাগী ব্যক্তি, চৰকাৰৰ সপক্ষে থাকিলে সকলো Washing Powder Nirma’ ৷
BJP নেতা মানেই Washing Powder Nirma বুলি মন্তব্য কৰে ভূপেন বৰাই৷

4. ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে এইবাৰ বাউঞ্চ হ’ল সাংস্কৃতিক সঞ্চালকালয়ে বঁটা প্ৰাপকক দিয়া চেক।
১৩ মাৰ্চত প্ৰদান কৰা হৈছিল ৰাজ্যিক চলচ্চিত্ৰ বঁটা।
বঁটাৰ সৈতে শিল্পী-কলাকুশলীক দিয়া চেক বাউঞ্চক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
ঘটনাৰ তদন্ত ঘোষণা কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই।

5. বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী।
ৰাজ্যত অধিক শোচনীয় হ’ব বতৰ।
গুৱাহাটী মহানগৰীত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা।
ইতিমধ্যে জাৰি হৈছে ORANGE ALERT.
৭দিনলৈ ৰুদ্ৰৰূপ ধাৰণ কৰিব বতৰে।

6. ৰহাত আৰক্ষীৰ অভিযান।
জব্দ কৰা হৈছে বুজন পৰিমানৰ গাঞ্জা।
গাঞ্জাসহ আটক এজন ব্যক্তিক।
ধৃত আটকাধীনটো হৈছে- দুৱৰীতলিৰ ৰূপান্তৰ বৰদলৈ।

7. ৩১ মাৰ্চৰ ভিতৰত যান-বাহনৰ বকেয়া কৰ আদায়ৰ নিৰ্দেশ।
অন্যথা যান-বাহনৰ গৰাকীক ব্লেকলিষ্টেড কৰাৰ সিদ্ধান্ত।
পৰিবহণ বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
নিৰ্দিষ্ট ৱেবচাইটৰ জৰিয়তে কৰ আদায় দিব পাৰিব গৰাকীয়ে।

8. ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙৰ ৪ সহযোগী।
ডিব্ৰুগড়ত উপস্থিত হয় পাঞ্জাৱ আৰক্ষীৰ দল।
ৱাৰিছ পাঞ্জাৱ ডেৰ প্ৰমুখ অমৃতপাল সিঙকো অনাৰ সম্ভাৱনা।

9. ‘নূন্যতম দায়বদ্ধতা আৰু লজ্জাবোধ থকা হ’লে শিক্ষামন্ত্ৰীয়ে নিজেই পদত্যাগ কৰিলেহেতেন’।
প্ৰশ্নকাকত ফাদিলক লৈ লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া।

10. জাগুনৰ ৰামপুৰত ২ যুৱকক আটক।
এগৰাকী যুৱতীক অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগত আটক কৰে জল জীৱন মিছন প্ৰকল্পত কৰ্মৰত দই যুৱকক।
আটকাধীন যুৱক দুজন হৈছে- মুনতাজ আলী আৰু জিয়াবুৰ ৰহমান।

11. বাংলাদেশত ভয়ংকৰ বাছ দুৰ্ঘটনা।
পদ্মা দলঙৰ সমীপতে নিয়ন্ত্ৰণ হেৰুৱাই খালত পৰে বাছখন।
দুৰ্ঘটনাত ১৬জন লোক নিহত, ৩০জন আহত হয়।

12. কলিয়াবৰত ঢেকীয়াপতীয়াৰ ত্ৰাস।
বিগত ১৫ দিন ধৰি ৯টাকৈ ঢেকীয়াপতীয়াই বিচৰণ কৰিছে কলিয়াবৰত।
ত্ৰিশূলধাৰী পথত ১৪৪ ধাৰা জাৰি মহকুমা প্ৰশাসনে।

13. ভূমিকম্পত দক্ষিণ আমেৰিকাৰ ইকুৱেডৰত বৃহৎ ক্ষতি।
দেশখনত ৰিখটাৰ স্কেলত ৬.৮ মাত্ৰাৰ ভূমিকম্প।
এই পৰ্যন্ত ১২জন লোকৰ মৃত্যু হৈছে।
ধ্বংসস্তূপত পৰিণত হয় বহু বাসগৃহ আৰু অট্টালিকা।

14. জম্মু-কাশ্মীৰত শোকাবহ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি এখন যাত্ৰীবাহী বাছ বাগৰি পৰে।
থিতাতে নিহত হয় ৪ জন লোক।
আহত হয় ২৮ জন লোক।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে।

15. গোলকগঞ্জত উন্নয়ন খণ্ডৰ হাৰিৰঘাট গাওঁ পঞ্চায়তত PMAY ঘৰৰ নামত অনিয়ম।
পঞ্চায়ত কৰ্মচাৰীক টকা নিদিলে লাভ নকৰে পৰৱৰ্তী কিস্তিৰ ধন ।
হিতাধিকাৰীৰ পৰা ১০-২০ হাজাৰ টকা লোৱাৰ অভিযোগ ।

16. অৰুণাচলৰ নামচাইত চুৰি বাইকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত উদ্ধাৰ কৰে ২৬খন চুৰি মটৰচাইকেল।
লগতে ৪ টা গভাইট চুৰক গ্ৰেপ্তাৰ কৰা হৈছে।

17. গোসাইগাঁৱৰ হাউৰিয়াপেট বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।
জুইত জাহ যায় বজাৰখনৰ ১২খনকৈ দোকান।
অগ্নিনিৰ্বাপন বাহিনীয়ে জুই নিৰ্বাপন কৰে।
বৈদুতিক বিজুতিৰ বাবে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ কৰা হৈছে।

18. গোলাঘাটত নিচাযুক্ত দ্ৰৱ্যৰ বিৰুদ্ধে অভিযান।
অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জাসহ নগদ ধন।
হিন্দী স্কুল চাৰিআলিত জব্দ কৰা হয় গাঞ্জাখিনি।
হিন্দীস্কুল ৰ’ডৰ এলিজা বেগম নামৰ মহিলাগৰাকীৰ ঘৰত চলিছিল এই অভিযান।

19. “কংগ্ৰেছৰ কথা নোকোৱাই ভাল।
কংগ্ৰেছে কি কৰি আছে সকলোৱে দেখিছে”- মন্তব্য কুইন ওজাৰ।

20. আজি পাঠশালাত ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চ নিৰ্মাতা শিল্পী ৰজনীকান্ত দত্তৰ মৃত্যু হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *