৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam April 15/2023:- 

1. অসমবাসীৰ বাবে ভাল খবৰ।
এতিয়াৰে পৰা অসমীয়া ভাষাতো অনুষ্ঠিত হ’ব কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ পৰীক্ষা।
এই কথা সদৰী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

2. আজি ব’হাগৰ প্রথম দিন।
চৌপাশে ৰঙালী বিহুৰ আনন্দ-উল্লাহ।
প্রথম দিনটোতেই অসম সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয় ‘নিজৰ দিন’ শীৰ্ষক কাৰ্যসূচী।
হুঁচৰি দলেৰে জীপাল হয় অসম সাহিত্য সভাৰ মহানগৰীস্থিত কাৰ্যালয়ৰ বাকৰি।

3. ‘অভূতপৰ্ব…অকল্পনীয়… এইয়াই অসম; অসম সঁচাকৈ A1 ৰাজ্য হৈ আছে’- Twitter যোগে গুৱাহাটী ভ্ৰমণৰ স্মৃতি ৰোমন্থন কৰি পুনৰ এই মন্তব্য প্ৰধান মন্ত্ৰী মোদীৰ।

4. কাজিৰঙা কঁহৰাত কৃষি মন্ত্ৰী অতুল বৰাৰ সৈতে জাৰ্মানীৰ পৰ্যটকে বিহুৰ আনন্দ ললে।

5. ‘কেন্দ্ৰই মোক টাৰ্গেট কৰি লৈছে’।
CBI-এ চমন জাৰি কৰাৰ পিছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সংবাদমেল।
সংবাদমেলত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ কেজৰিৱাল।

6. নাৰেংগীস্থিত আৰ্মী কেম্পত ৭৫ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন।
সৈনিক পাৰ্কত উন্মোচন কৰা হয় এই পতাকাখন।
সেনা বিষয়া ৰাণা প্ৰতাপ কলিতাই উন্মোচন কৰে ৰাষ্ট্ৰীয় পতাকাখন।

7. ৰঙালী বিহুৰ উছাহৰ মাজতে আমিনগাঁৱৰ মৰিয়াপট্টিত অঘটন।
ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ ডুব গ’ল ৩ কিশোৰ-কিশোৰী।
স্থানীয় ৰাইজৰ তৎপৰটাত উদ্ধাৰ কৰা হৈছে।
সংকটজনক অৱস্থাত তিনিওকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

8. প্ৰধানমন্ত্ৰীলৈ লক্ষ্য কৰি দলিয়ালে স্মোক বোমা।
প্ৰধানমন্ত্ৰীৰ সভাত বোমা বিস্ফোৰণ।
ভয়ংকৰ ঘটনা সংঘটিত হৈছে জাপানত।

9. “মই মোদীক ১০০০ কোটি টকা ঘোচ দিছো”- মন্তব্য অৰবিন্দ কেজৰিৱালৰ।

10. ‘আপোনালোকে পইচা দিলে ঘৰ এটা বনাম।
ঘৰ বনাবলৈ মোৰ হাতত পইচা নাই’- মন্তব্য হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ।

11. বঙাইগাঁৱৰ বইটামাৰীৰ কাশাৰপাৰাস্থিত তেল ডিপোত বিহুৱাৰ সাজেৰে তেল বিতৰণ কৰে কৰ্মচাৰীয়ে।
গ্ৰাহকক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে চাহ- মঠাইৰ যোগান ধৰে ডিপো কৰ্তৃপক্ষই।

12. বঢ়মপুৰত পৰম্পৰা অক্ষুন্ন ৰাখি সমূহীয়া বিহুৰ জলপান গ্ৰহণ কৰিলে ২ শতাধিক ৰাইজে।
বিধায়ক জিতু গোস্বামীৰ উদ্যোগত বিহুৰ পৰম্পৰা অনুসৰি অঞ্চলটোৰ জ্যেষ্ঠসকলক প্ৰদান কৰা হয় বিহুৱান।

13. মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে বাছ।
দুৰ্ঘটনাত ১৩জনৰ মৃত্য হয়, আহত হৈছে ২৫জনৰো অধিক যাত্ৰী।
বাছখনত প্ৰায় ৪০গৰাকী যাত্ৰী আছিল।
পুনে-ৰাইগড় সীমান্তত সংঘটিত হৈছে এই ঘটনা।

14. বিহুৰ আনন্দ-উল্লাসৰ মাজতে দুলীয়াজানত অঘটন।
দুলীয়াজানৰ দিৰিয়ালত বাইক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ।
তীব্ৰবেগী গাড়ীৰ খুন্দাত থিতাতে নিহত হয় বাইক আৰোহী।
নিহত যুৱকজন দুলীয়াজানৰ থাপাবস্তি অঞ্চলৰ গোপী বাহাদুৰ চেত্ৰীৰ পুত্ৰ বিবেক বাহাদুৰ চেত্ৰী বুলি জানিব পৰা গৈছে ।

15. মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত ৩৬৫ বছৰীয়া পৰম্পৰাৰে বোকাখেল।
ভূমিক শান্তিৰ প্ৰতীক হিচাপে গণ্য কৰি ৰোগ নিৰাময়ৰ বাবে শৰীৰত ভূমি লেপন কৰে।
পহিলা ব’হাগৰ দিনটোতেই এনেদৰে পৰম্পৰা অনুসৰি সত্ৰৰ ৪ হাটীৰ ২ শতাধিক বৈষ্ণৱে বোকাখেলৰ আনন্দ লয়।

16. বিহুৰ আনন্দ-উল্লাসৰ মাজতে যোগীঘোপাত অঘটন।
খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ৬জনকৈ লোক।
চড়ক পূজা উপলক্ষে গ্ৰহণ কৰিছিল চিৰা-দৈ।
সম্প্ৰতি আটাইকেইজন বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

17. তিনিচুকীয়াৰ চিৰাপট্টিত বিধ্বংসী অগ্নিকাণ্ড।
ৰাজা টাৱাৰ নামৰ এটা বাসগৃহত লাগিল জুই।
বৰ্তমানলৈকে পোহৰলৈ অহা নাই ফ্লেটটোৰ জুই লগাৰ কাৰন।

18. বিহুৰ বতৰত REDMIত অত্যাধুনিক মোবাইল ফোন মুকলি।
নগাঁৱত দুটা ফোন মুকলি কৰে অভিনেত্ৰী নিশিতা গোস্বামীয়ে।
অসমৰ বজাৰত এতিয়া উভৈনদী শেহতীয়া সংস্কৰণৰ ফোন দুটা।
নগাঁৱৰ শ্ৰীচাকামবাৰী MI ষ্টোৰত উপলব্ধ হ’ব এই ফোন

19. শ্ৰী শ্ৰী কাকগোঁসানী দুৰ্গাথানত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বাসন্তী পূজা।

20. ৰঙালী বিহু উপলক্ষ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰসকলৰ মাজতো আনন্দৰ বন্যা।
কৰ্মব্যস্ততাৰ বাবে নিজ ঘৰলৈ বিহুৰ বতৰত যোৱাৰ পৰা বিৰত থকা বনকৰ্মীসকলে উদ্যানৰ মাজতে বিহুৰ আনন্দ উল্লাস কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *