৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam April 24/2023:- 

1. কাইলৈ ঘোষিত হ’ব চলিত বৰ্ষৰ গুণোৎসৱৰ ফলাফল৷
মুখ্যমন্ত্ৰীৰ উপস্থিতিত ঘোষিত হ’ব গুণোৎসৱৰ ফলাফল, উপস্থিত থাকিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু৷
১৮ জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল গুণোৎসৱ৷
৩১খন জিলাৰ ৪৪,৫২৫ খন বিদ্যালয়ত অনুষ্ঠিত হৈছিল গুণোৎসৱ৷
গুণোৎসৱে সামৰি লৈছিল ৪২,৭৬,৮৮১ গৰাকী শিক্ষাৰ্থী৷
ইয়াৰ বাবে নিয়োজিত হৈছিল ১৮,০৯৭ গৰাকী বহিঃনিৰীক্ষক৷

2. মই আকৌ কংগ্ৰেছলৈ হাঁহি হাঁহি ঘূৰি যাবলৈ সাজু আছোঁ, মোৰ মন আছে কংগ্ৰেছলৈ ঘূৰি যাবলৈ।
ভূপেন দাৰ দুখ ময়ো বুজি পাওঁ।
যুৱ কংগ্ৰেছৰ পৰা বহিষ্কাৰৰ পাছত সংবাদমেলত এই মন্তব্য অংকিতা দত্তৰ।

3. দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বৃহৎ পদক্ষেপ।
‘পঞ্জীকৃত প্ৰায় ১৩ লাখ শ্ৰমিকৰ বাবে বিনামূলীয়া আৱাস’।
‘শ্ৰমিকসকলৰ সন্তানৰ বাবে আগবঢ়াব ফ্ৰী কোচিং, ভ্ৰমনৰ সুবিধা’।
‘দিল্লীত পঞ্জীকৃত হোৱা শ্ৰমিকৰ বাবে প্ৰযোজ্য এই সুবিধা’।
‘শ্ৰমিক বিভাগৰে আলোচনাৰ অন্তত টুইত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল’।

4. শ্বিলংস্থিত ভাৰতীয় সেনাৰ মুখ্য কাৰ্যালয়ত হীৰক জয়ন্তী উদযাপন।
শ্বিলং যুদ্ধৰ স্মৃতিসৌধ, ৰাইনো প্ৰেৰণা, ভাৰতীয় সেনাৰ প্ৰতিগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
৬০ বছৰীয়া গৌৰৱময় সেৱাৰ স্মৃতিত বিশেষ কভাৰ আৰু ডাক টিকট মুকলি কৰে সেনাই।

5. ডিব্ৰুগড়ৰ বিশিষ্ট লেখক, অনুবাদক, সমাজসেৱক দেৱীপ্ৰসাদ বাগড়োদিয়ালৈ অসম সাহিত্য সভাৰ বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২।
গুণমালা, বৰগীত, নামঘোষা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গ্ৰন্থ, ড° নগেন শইকীয়াৰ মিতভাষ আদি গ্ৰন্থ হিন্দীলৈ অনুবাদ কৰি সমাদৰ লাভ কৰিছে।
৭ মে’ত ডিব্ৰুগড়ত এক অনুষ্ঠানত বিশিষ্ট লেখকগৰাকীক বঁটা প্ৰদান কৰিব অসম সাহিত্য সভাই।

6. দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ।
বিগত ২৪ ঘণ্টাত ১০,১১২গৰাকী সংক্ৰমিত।
মহাৰাষ্ট্ৰত সৰ্বাধিক ৫৪৫জন লোক আক্ৰান্ত।
ৰাজ্যখনত ক’ভিডত আক্ৰান্ত হৈ দুজনৰ মৃত্যু হয়।
মুম্বাইত আক্ৰান্ত হৈছে ১৪১জন লোক।
ক’ভিড সন্দৰ্ভত অসমত সতৰ্কতা অৱলম্বন।

7. মণিপুৰত বিধায়কৰ অসন্তুষ্টি অব্যাহত ৷
এইবাৰ কে এইচ ৰঘুমনি সিঙে MANIREDAৰ অধ্যক্ষ পদৰ পৰা কৰে পদত্যাগ৷

8. চুডানত ভয়ংকৰ সংঘৰ্ষত ৪০০ৰো অধিক লোকৰ মৃত্যু হয়, আহত হয় ৩,৩৫১গৰাকী লোক৷
সেনা আৰু RSFৰ মাজৰ সংঘৰ্ষই ৯টা দিন অতিক্ৰম কৰিলে যদিও বৰ্তমানলৈ শাম কটা নাই যুঁজখন৷
সংঘৰ্ষত ৭টা শিশুৰ মৃত্যু হোৱাৰ লগতে ৫০ৰো অধিক লোকৰ বৰ্তমান সংকটজনক অৱস্থাত আছে।

9. ইটালীৰ পৰ্টোফিন’ চহৰত এতিয়াৰে পৰা পৰ্যটকে ল’ব নোৱাৰিব চেলফি।
চেলফি উঠিলেই ভৰিব লাগিব ৩০০ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপৰ ২৪,৭৭৭ টকাৰ জৰিমনা।
পৰ্টোফিন’ৰ মেয়ৰ মেটিঅ’ ভিয়াকাভাৰ মতে অৰাজক পৰিৱেশৰ বাবে পৰ্যটকসকলেই দায়ী।
পৰ্টোফিন’ চহৰক no-waiting zone ঘোষণা মেটিঅ’ ভিয়াকাভাৰ।
পুৱা ১০.৩০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বাহাল থাকিব এই নিৰ্দেশনা।

10. চামগুৰিত সংগীতশিল্পী কৃষ্ণমণি চুতিয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত৷
নিশা সংগীতানুষ্ঠানৰ পৰা উভতি অহাৰ পথতেই সংঘটিত হয় দুৰ্ঘটনা৷
এখন যাত্ৰীবাহী টেম্পোৰ সৈতে মুখামুখি সংঘৰ্ষ হয় শিল্পীজনৰ বাহনৰ৷

11. নলবাৰীৰ সাহপুৰ ৰাজঘাটৰ বিহুৰ অনুষ্ঠানত অঘটন৷
কণ্ঠশিল্পী হিয়া মেধীসহ তেওঁৰ সংগীবৃন্দক অপদস্থ৷
জয়ন্ত বৰ্মন নামৰ এজন যুৱকৰ বিৰুদ্ধে অভিযোগ৷
ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে কণ্ঠশিল্পীগৰাকীয়ে৷
সমগ্ৰ ঘটনা সন্দৰ্ভত বেলশৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
বেলশৰ আৰক্ষী থানালৈ তলব কৰা হৈছে অভিযুক্ত যু্ৱকজনক৷

12. শ্ৰীনিৱাস বি ভিৰ বিৰুদ্ধে অংকিতা দত্তৰ গোচৰ৷
অভিযুক্তক আজি CIDৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ জাননী৷
উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত হাজিৰ হোৱাৰ জাননী শ্ৰীনিৱাসক৷
দিনৰ ১১.৩০ বজাত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ CIDৰ৷
২১ এপ্ৰিলতেই শ্ৰীনিৱাসলৈ জাননী প্ৰেৰণ CIDৰ উপ-মহাপৰিদৰ্শকৰ৷

13. EDলৈ আইনী জাননী আপ নেতা সঞ্জয় সিঙৰ।
৪৮ ঘণ্টাৰ ভিতৰত ৰাজহুৱাভাৱে ক্ষমা খোজাৰ নিৰ্দেশ অন্যথা ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ।
আৱকাৰী নীতিৰ গোচৰত সঞ্জয় সিঙৰ বিৰুদ্ধে অপবাদৰ অভিযোগ তুলি EDলৈ জাৰি কৰিলে জাননী।

14. ডিমা হাছাওৰ দিয়ুংবৰাত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ।
ধুমুহাই তচনচ কৰিলে ৩০টাৰো অধিক বাসগৃহ।
ইফালে ৰেঞ্জৰ বিল, বঢ়োৱাছলিং, হাফলং তিনিআলি আদি অঞ্চলত কৃত্ৰিম বানৰ কবলত জনসাধাৰণ।

15. গোসাইগাঁৱৰ পেট্ৰ’ল পাম্পত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণ৷
পাম্পৰ স্বত্বাধিকাৰীক দলবদ্ধ আক্ৰমণ এদল যুৱকৰ৷
দলগাঁওস্থিত জগমায়া পেট্ৰ’ল পাম্পত সংঘটিত এই ঘটনা৷
পাম্পটোৰ সন্মুখত প্ৰস্ৰাৱ কৰাক লৈ প্ৰথমে তৰ্ক-বিতৰ্ক, বাকযুদ্ধৰ মাজতে হঠাৎ স্বত্বাধিকাৰী দীপজ্যোতি সিংহক আক্ৰমণ দলটোৰ৷

16. গোলকগঞ্জৰ সোনাখুলী গাঁৱত বিধ্বংসী অগ্নিকাণ্ড।
ভস্মীভূত হয় আনছাৰ আলী নামৰ এজনৰ কাপোৰৰ দোকান।
জুইত জাহ যায় প্ৰায় ৩-৪ লাখ টকাৰ সা-সামগ্ৰী।
স্থানীয় লোকৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই।
শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

17. আজি তিনিচুকীয়া জিলাৰ সকলো বিদ্যালয় বন্ধ ঘোষণা৷
ধুমুহাৰ বাবে বন্ধ ঘোষণা কৰে তিনিচুকীয়া জিলা উপায়ুক্তই।

18. নগাঁৱত উৎখাত দেহ ব্যৱসায়ৰ ঘাটি৷
এজন যুৱকৰ লগতে ৩ গৰাকী যুৱতীক আটক কৰে আৰক্ষীয়ে।

19. ৰাজধানী দিল্লীৰ এটা এপাৰ্টমেণ্টত দুই অস্ত্ৰধাৰীৰ তাণ্ডৱ৷
দুৱাৰত টোকৰ দি একেৰাহে ফুটালে কেইবা জাঁই গুলী৷
মুখত মাস্ক পিন্ধি আহিছিল ২ অস্ত্ৰধাৰী৷
সিদ্ধাৰ্থ নগৰত সংঘটিত হয় এই ঘটনা৷

20. মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ এটা চিতাৰ মৃত্যু হয়।
দক্ষিণ আফ্ৰিকাৰ পৰা অনা হৈছিল ‘উদয়’ নামৰ চিতাটো।
‘উদয়’ৰ মৃত্যুৰ পাছতে উদ্যানখনত চিতাৰ সংখ্যা ১৮টালৈ হ্ৰাস।
দক্ষিণ আফ্ৰিকাৰ পৰা ১২টা, নামিবিয়াৰ পৰা আনিছিল ৮টা চিতা।
ইয়াৰ পূৰ্বে ‘চাচা’ নামৰ চিতাটোৰ মৃত্যু হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *