৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam May 25/2023:-
1. আজি খানাপাৰাত চৰকাৰৰ নিযুক্তি প্ৰদান অনুষ্ঠান।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৪৪,৭০৩ প্ৰাৰ্থীক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰামেশ্বৰ তেলী, মন্ত্ৰী, সাংসদ আৰু বিধায়ক সকলকে ধৰি বহু গণ্যমান্য ব্যক্তি।
“হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰতিশ্ৰুতি মতে কাম কৰিছে।
আগতে মিটিং পাতিলে মানুহ হ’ব নে নাই মাথা মাৰিব লাগে, এইবাৰ ৰাইজ ওলাই আহিছে।
দুখীয়া-দৰিদ্ৰ আদি বেয়া শব্দবোৰ নাইকিয়া কৰিব লাগিব।
তাৰ বাবেই এই বৃহৎ নিযুক্তি”- মন্তব্য পীয়ুষ হাজৰিকাৰ।
2. ৰাজ্যৰ শিক্ষা জগতত নতুন সংযোজন।
স্থাপন হ’ল NFSUৰ গুৱাহাটী চৌহদৰ আধাৰশিলা।
NFSU চৌহদৰ শিলান্যাস কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
আজি অসমত স্থাপন হ’ব NFSUৰ চৌহদ।
NFSUৰ চৌহদ অসমৰ শিক্ষা জগতৰ বাবে আন এক নতুন সংযোজন।
NFSUৰ বাবে প্ৰাৰম্ভিক পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’ব GMCHত।
এই প্ৰক্ৰিয়াই মুকলি কৰিব নিযুক্তিৰ বাবে নতুন পথ।
আহমদাবাদত প্ৰশিক্ষণ লৈ আছে অসম আৰক্ষীৰ ৪২ জন বিষয়াই।
প্ৰতিবছৰে ৫০০ জন আৰক্ষীক প্ৰদান কৰা হ’ব প্ৰশিক্ষণ।
‘ কলাক্ষেত্ৰত NFSU চৌহদৰ শিলান্যাস অনুষ্ঠান এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
3. আজিৰে পৰা হাইলাকান্দিৰ SP ৰূপে যোগদান কৰে লীনা দলেয়ে।
4. ‘ছবছৰ ধৰি শান্তিৰ বাতাবৰণ চলি আছে মণিপুৰত ।
৩ দিনীয়া ভ্ৰমণসূচীৰে শীঘ্ৰে মণিপুৰলৈ যাব গৃহমন্ত্ৰী অমিত শ্বাহ।
গুৱাহাটীত এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ।
মণিপুৰৰ ৰাইজক শান্তি -শৃংখলা অটুট ৰখাৰ আহ্বান জনাইছে গৃহমন্ত্ৰী অমিত শ্বাহে।
5. উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে জাননী।
দৰ্পণ পৰ্টেলৰ জৰিয়তে সকলো শিক্ষাৰ্থীয়ে কৰিব লাগিব আবেদন।
২৯ মে’ৰ পৰা ৯ জুনলৈ আবেদন কৰিব পাৰিব শিক্ষাৰ্থীয়ে।
এগৰাকী শিক্ষাৰ্থীয়ে সৰ্বাধিক ৫খন শিক্ষানুষ্ঠানৰ বাবে কৰিব পাৰিব আবেদন।
১২ জুনত নামভৰ্তিৰ বাছনি তালিকা প্ৰকাশ পাব দৰ্পণ পৰ্টেলত।
১৬ জুনৰ ভিতৰত নামভৰ্তি নিশ্চিত কৰিব লাগিব দৰ্পণ পৰ্টেলৰ জৰিয়তে।
কোনো শিক্ষানুষ্ঠানে অফলাইনত কৰিব নোৱাৰিব নামভৰ্তি।
6. GMCHত বিশেষ দক্ষতা বিজ্ঞানগাৰ মুকলি।
হাই ফাইডেলিটি চিমুলেচব স্কীল লেবৰটৰী মুকলি।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শুভাৰম্ভ কৰে বিজ্ঞানগাৰটো।
7. নগাঁও সদৰ আৰক্ষী থানাৰ OC মনোজ ৰাজবংশীক নিলম্বন কৰা হয়।
SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰে সাঙোৰ খাইছিল ৰাজবংশীৰ নাম।
8. কাৰ্বি আংলঙত গ্রেপ্তাৰ হয় বিজেপি নেত্রীক।
প্রবঞ্চনাৰ গোচৰত গ্রেপ্তাৰ হয় বিজেপি নেত্রী মুন ইংতিপী।
চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্রহৰ অভিযোগ।
9. কেন্দ্ৰৰ নিয়ন্ত্ৰণলৈ যাব দেশৰ সকলো শিক্ষা বোৰ্ড।
দিল্লীত শিক্ষা মন্ত্ৰালয়ৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।
৬০ খন বোৰ্ডৰ সৈতে অনুষ্ঠিত হয় এই বৈঠক।
10. চন্দ্রপুৰৰ ঠাকুৰকুচিত পথ দুৰ্ঘটনা।
পথৰ দাঁতিত বাগৰি পৰে মালবাহী ট্রাক।
দুৰ্ঘটনাত নিহত হয় ট্রাকখনৰ চালক।
11. ৰঙিয়াত অযান্ত্ৰিক সংগঠনৰ প্ৰসংশনীয় পদক্ষেপ ।
ৰঙিয়া নগৰখন পৰিস্কাৰ পৰিচন্নতাৰ দিশত বিশেষ গুৰুত্ব অযান্ত্ৰিক সংগঠনটোৰ।
এই সংস্থাটোৰ হাতৰ পৰশত ৰঙিয়া নগৰত প্ৰাণ পাই উঠিছে বিশেষ ব্যক্তিসকলৰ প্ৰতিচ্ছবি।
12. লখিমপুৰত একশ্যন মু’ডত SPআনন্দ মিশ্ৰ।
বৰ্তমানলৈকে জিলাখনৰ ৩৯গৰাকী নকল সোণ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ১০জন ব্যৱসায়ীক আটক আৰু ৫১জনে আত্মসমৰ্পণ কৰিছে৷
বঙালমৰা, নাওবৈছা আৰু সদৰ থানাত আত্মসমৰ্পণ।
13. জোনমণি ৰাভাৰ মৃত্যুৰ ক্ষিপ্র তদন্তৰ দাবীৰে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ ।
নকল সোণ, টকাৰ লগত জড়িত আৰক্ষী বিষয়াসকলকো তদন্তৰ আওতালৈ অনাৰ দাবী সাব্যস্ত কৰে সংগঠনটোৱে।
14. দেৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।
জুইত জাহ গ’ল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অবৈধভাৱে নিৰ্মাণ কৰা অস্থায়ী দোকান।
ইয়াক লৈ দেৰগাঁও নেঘেৰিটিং অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
15. শোণিতপুৰৰ চাৰিদুৱাৰত ১৬টা নকল সোণৰ বেপাৰীক গ্ৰেপ্তাৰ।
চাৰিদুৱাৰ OC-এ অভিযুক্তক হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।
১৬ অভিযুক্ত হাজিৰ হোৱাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
16. অসমৰ ক্ৰিকেটপ্ৰেমীলৈ সুখবৰ।
ভাৰতীয় মহিলো A দলত স্থান লাভ কৰে উমা চেত্ৰীয়ে ।
আগন্তুক এছিয়া কাপৰ বাবে জাতীয় দলত স্থান লাভ অসম কন্যাৰ।
হংকঙত অনুষ্ঠিত হ’ব T20 এছিয়া কাপ টুৰ্নামেণ্টখন।
17. অসম তথা অসমীয়াৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।
ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত দুই অসম সন্তান পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথ।
বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘাত উৰুৱালে ত্ৰিৰংগ পতাকা আৰু গামোচা।
18. মহানগৰীৰ খাৰঘুলিত অঘটন।
পানীৰ পাইপ বিস্ফোৰণৰ ফলত এগৰাকী মহিলাৰ মৃত্যু।
সুমিত্ৰা ৰাভা নামৰ মহিলাগৰাকীৰ মৃত্যু হয়।
পানীয়ে তচ্নচ্ কৰিলে কেইবাটাও বাসগৃহ, উটুৱাই লৈ গ’ল গাড়ী, বহুকেইখন মটৰ চাইকেল।
19. বিলাসীপাৰাৰ ভৈৰৱগঞ্জত মাজনিশা চাঞ্চল্যকৰ হত্যাকাণ্ড।
শোৱাপাটীতে ব্যৱসায়ীক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই।
নিশা প্ৰায় ২ বজাত অঞ্চলটোৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বাছেৰ আলীক হত্যা।
ইয়াকে লৈ এতিয়া অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
20. শিৱসাগৰত বিজেপি নেতাক দলবদ্ধ অক্ৰমণ।
বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক জিতু হাজৰিকাক খেদি খেদি ৰড-লাঠীৰে প্ৰহাৰ কৰে উদণ্ড যুৱকে।
শিৱসাগৰৰ দৌলমুখ চাৰিআলিত ৰাতুল আলী নামৰ এজন যুৱকৰ নেতৃত্বত চলে এই আক্ৰমণ।
মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জিতু হাজৰিকাক ভৰ্তি কৰোৱা হয় হাস্পতালত।