প্ৰতিবছৰে 30/40 হাজাৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
লখিমপুৰ সোৱণশিৰি মহাবিদ্যালয়ৰ প্ৰাংগণত আয়োজন কৰা বিশাল জন সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপুৰ্ণ ঘোষনা।
◼️লখিমপুৰ লোকসভা সমষ্টিত বিশাল জন সভা।
◼️লখিমপুৰৰ সোৱণশিৰি মহাবিদ্যালয় খেলপথাৰত এই জন সভা।
◼️ভাৰতীয় জনতা পাৰ্টিৰ মহা জন সম্পৰ্ক অভিযানৰ লগত সংগতি ৰাখি এই জন সভা।
◼️জন সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
◼️নতুন ভাৰত গঢ়া প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ।
◼️মাজুলীত দলং হবই ঘূণাসুঁতিত দলং হবই ৰাইজ নিচিন্ত থাকক-মুখ্যমন্ত্ৰী।
◼️ব্ৰহ্মপুত্ৰৰ তলেৰে ভাৰত চৰকাৰে বনাব সুৰংগ ।পানীৰ তলেৰে ৰেল চলিব,বাছ চলিব।গহপুৰ আৰু নুমলীগড়ৰ মাজত 6000 হাজাৰ কোটি টকাৰে হব এই সুৰংগ।
◼️কাজিৰিঙাত হব 32 কিলোমিটাৰ জোৰা বিশেষ ফ্লাই অভাৰ।
◼️এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা খনে 102টা সমষ্টিত খিলঞ্জীয়াৰ অস্তিত্ব নিশ্চিত কৰিব।
◼️অনাগত 30বছলৈ অসমত খিলঞ্জীয়াৰ অস্তিত্ব এতিয়া সুৰক্ষিত!
◼️এই এক লাখ চাকৰি শেষ নহয়। এই চৰকাৰে প্ৰতিবছৰে 30/40 হাজাৰ চাকৰি সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ।
◼️আৰু 9লাখ লোকক চৰকাৰে সামৰি লব অৰুণোদয় আচঁনিত।
◼️অক্টোবৰ মাহৰ ভিতৰত প্ৰতিজনে দুখীয়া মানুহে পাব ৰেচন কাৰ্ড।
◼️ৰেচন কার্ডতে 5লাখ টকাৰ বিনামূলীয়া চিকিৎসাও পাব দৰিদ্ৰ জনে।
◼️এই ৰেচন কাৰ্ড খন হব 2 in 1 লাভ সম্পন্ন।
◼️এই কার্ডতে চাউল ও পাব চিকিৎসা ও পাব।
◼️2লাখ শিক্ষিত নিবনুৱা যুৱকে পাব 2লাখ টকাকৈ।
◼️প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলা সদস্যই প্ৰথম বছৰত পাব ১০হাজাৰ টকাকৈ।
◼️ভাল কাম কৰা মহিলা সকলে দ্বিতীয় বছৰত পাব 20হাজাৰ টকা।
◼️অসমত বেলেগ আন্দোলন নালাগে!লাগে শিক্ষাৰ আন্দোলন।
◼️অসমীয়া মাধ্যমৰ স্কুল ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ স্কুলতকৈ উন্নত কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ।
গোগামুখৰ পৰা প্ৰমোদ টাইদ ৰ প্ৰতিবেদন R News India 24