৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam August 16/2023:- 

1. যোৰহাটৰ ন-আলিৰ ৰে’লৱে উৰণ সেতু উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
কৃষি বিশ্ববিদ্যালয়ৰ প্লেটিনাম জয়ন্তীৰ সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

2. “শ্বিলঙত স্থাপন হ’ব নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল একাডেমী”।
জন আব্ৰাহন সৈতে আলোচনাত মিলিত হয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা।

3. কোকৰাঝাৰত ৰূপসী বিমান বন্দৰলৈ যোৱা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে BTR প্ৰধান প্ৰমোদ বড়োৱে।

4. আজিৰে পৰা ৰাজ্যৰ ভিন্ন স্থানত আৰক্ষীৰ BMI পৰীক্ষা।
জিলা সদৰসমূহত অনুষ্ঠিত হয় BMI পৰীক্ষা।
শৰীৰৰ মেদ কমাবলৈ ৩ মাহ ধৰি আৰক্ষীসকলে কৰা প্ৰচেষ্টাৰ অন্তত আজিৰে হয় BMI পৰীক্ষা।
BMI পৰীক্ষাত সফল নোহোৱা আৰক্ষীয়ে ল’ব লাগিব স্বেচ্ছামূলক অৱসৰ।

5. চৰকাৰী বন্ধৰ তাৰিখ সালসলনি ৰাজ্য চৰকাৰৰ।
শংকৰদেৱৰ তিথি ১৮ আগষ্টৰ পৰিৱৰ্তে বন্ধ থাকিব ১৬ ছেপ্টেম্বৰত।
কৰম পূজা ২৭ আগষ্টৰ পৰিৱৰ্তে বন্ধ থাকিব ২৫ ছেপ্টেম্বৰত।

6. ‘অসম আৰক্ষীৰ সুস্বাস্থ্যৰ বাবে এই পদক্ষেপ’।
পৰৱৰ্তী ৩-৫ বছৰত প্ৰতিগৰাকী আৰক্ষীক স্বাস্থ্যৱান কৰি তোলাৰ পৰিকল্পনাৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
কাহিলিপাৰাৰ 4TH APBnত BMI টেষ্ট সম্পন্ন কৰি এই মন্তব্য কৰে DGP জি পি সিঙে।

7. এতিয়াৰে পৰা GMCHতে লাভ কৰিব IVFৰ সুবিধা।
আইভিএফৰ জৰিয়তে প্ৰথম গৰ্ভধাৰণ সফলতাৰে সম্পন্নৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

8. ভাৰতীয় ফুটবল জগতৰ কিংবদন্তী মহম্মদ হাবিবৰ দেহাৱসান।
মঙলবাৰে ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ক্ৰীড়াবিদগৰাকীয়ে।

9. অসম-মেঘালয়ৰ সীমান্তৰ খান্দুলি অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই। অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে গঠিত আঞ্চলিক সমিতিৰ বৈঠকত অংশ লয় মন্ত্ৰীগৰাকীয়ে।
উপস্থিতি থাকে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এচ. ধৰৰ লগতে ৰাজ্যখনৰ আন বিষয়াসকল।

10. চন্দ্ৰৰ কক্ষপথত অৱস্থান চন্দ্ৰযান-৩ৰ।
১৫৩ কিঃমিঃ x ১৬৩ কিঃমিঃ কক্ষপথত অৱস্থান কৰিছে মহাকাশযানখনে।
১৭ আগষ্ট অৰ্থাৎ কাইলৈ ইছৰ’ই লেণ্ডাৰৰ পৰা পৃথক কৰিব চন্দ্ৰযান-৩ৰ প্ৰপালচন মডিউল।

11. নেহৰু মেম’ৰিয়েল মিউজিয়াম আৰু লাইব্ৰেৰীৰ নাম সলনি।
এতিয়াৰে পৰা প্ৰধানমন্ত্ৰী সংগ্ৰহালয় নামেৰে পৰিচিত হ’ব NMML।
১৪ আগষ্টৰ পৰা কাৰ্যকৰী হয় এই নতুন নাম।

12. জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ১৭গৰাকী ৰোগীৰ।
আনহাতে মাজুলীত জাপানীজ এনকেফেলাইটিছত ৰোগত মৃত্যু হয় চেম্প পায়েং নামৰ এজন কিশোৰ।

13. ‘প্ৰধানমন্ত্ৰী ই-বাছ সেৱা’ আঁচনিত কেবিনেটৰ অনুমোদন।
১০ হাজাৰখন ইলেক্ট্ৰিক বাছ চলোৱাৰ সিদ্ধান্ত।
দেশৰ ১০০খন চহৰত চলিব এই বাছসমূহ।
এই বাছ সেৱাত ব্যয় হ’ব ৫৭ হাজাৰ ৬১৩ কোটি টকা।
কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্ত।

14. অসম গেছ কোম্পানীত ব্যাপক লোকচান।
গেছ চুৰিৰ ফলত দুবছৰত ৭০ কোটি টকা লোকচান।
ডিব্ৰুগড়, তিনিচুকীয়াৰ ২৫টা চাহ কোম্পানী জড়িত গেছ চুৰিত।
সংবাদমেল সম্বোধন কৰি অসম গেছ কোম্পানীৰ অধ্যক্ষ বলীন চেতিয়াই সদৰী কৰে এই তথ্য।

15. অত্যধিক বৰষুণ আৰু ভূমিস্খলনৰ ফলত হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ৬৬ জনৰ মৃত্যু হয়।

16. বোকাখাতত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছ।
তেজপুৰৰ পৰা ডিমাপুৰ অভিমুখী আছিল বাছখন।
বাছখনত আছিল ৩০গৰাকী যাত্ৰী।
২জন যাত্ৰী আঘাতপ্ৰাপ্ত হয়।
বোকাখাতৰ কমলা মিৰি হাস্পতালত ভৰ্তি কৰোৱা হয় আঘাতপ্ৰাপ্তক।

17. বজালীৰ গলিয়া টোলগেটত ভয়ংকৰ বাছ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই টোলগেটত খুন্দা মাৰে যাত্রীবাহী বাছখনে।
দুৰ্ঘটনাত আহত হয় ৩০ গৰাকীকৈ যাত্রী।

18. শিলঘাটৰ বিহডুবিত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই ২০ ফুট দ খাৱৈত পৰে এখন বাহন।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় চালকসহ ৫ যাত্রী।

19. লখিমপুৰত উদ্ধাৰ নকল সোণৰ নাও, নকল নোট।
আৰক্ষীৰ অভিযানত মীৰাজ আলী নামৰ এটা নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।

20. বিজনীৰ কাৱাটিকাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছসহ গ্ৰেপ্তাৰ আব্দুল কৰিম নামৰ এটা সৰবৰাহকাৰী।

 

Bu : Sangita Dutta

Leave a Reply

Your email address will not be published. Required fields are marked *