ঔপন্যাসিক, গল্পকাৰ, নাট্যকৰ্মী, শিশু-সাহিত্যিক দীননাথ শৰ্মা ।
আজি আৱাহণ যুগৰ এগৰাকী বৰেণ্য ঔপন্যাসিক, গল্পকাৰ, নাট্যকৰ্মী, শিশু-সাহিত্যিক দীননাথ শৰ্মাৰ স্মৃতি দিৱস ।
১৯১৪ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে বিশ্বনাথ চাৰিআলিত ওপজা এইজনা প্ৰতিভাৱান সাহিত্যিকৰ পিতৃৰ নাম আছিল কমল চন্দ্ৰ শৰ্মা আৰু মাতৃ আছিল ঘনকান্তি দেৱী ।
তেখেতৰ জনপ্ৰিয় চুটিগল্প সমূহৰ ভিতৰত ষোড়শী , পোহৰ,হাতীপটি আদি উল্লেখযোগ্য । তেখেতৰ মুঠ পাঁচখন গল্প সংকনলৰ ভিতৰত ‘কোৱাভাতুৰী ওঁঠৰ তলত’ আৰু ‘কল্পনা আৰু বাস্তৱ’ – সবাতোকৈ জনপ্ৰিয় ।
ঔপন্যাসিক হিচাপে তেখেতে বহুকেইখন মৌলিক সামাজিক উপন্যাসৰ লগতে শিশু-উপন্যাস ৰচনা কৰি গ’ল ।
আনহাতে , নু হামচুনৰ মূল উপন্যাস ‘Growth Of The Soil’ ৰ অনুবাদ কৰি ‘মাটি আৰু মানুহ’ নামেৰে দীননাথ শৰ্মাদেৱে লিখি উলিয়াইছিল ।
ৰোমাণ্টিক ভাবনা আৰু বিৰহ যন্ত্ৰণাৰ প্ৰকাশ ঘটা ‘ঊষা’ উপন্যাখনেই তেখেতৰ প্ৰথমখন উপন্যাস । আৱাহণৰ পাতত এইখন উপন্যাসে জনপ্ৰিয়তাৰ শিখৰ চুমিছিল । আনহাতে ৰক্ষণশীলতা, কুসংস্কাৰ, বিধৱা বিবাহ, নৱ-দৰ্শন আৰু পুৰণি ভাবধাৰাৰ মতান্তৰ ,মানৱীয় আৱেগ-অনুভূতি আদিৰ ভিত্তিত ৰচিত তেখেতৰ মৌলিক সামাজিক উপন্যাসসমূহৰ ভিতৰত – শান্তি,নৱাৰুণ, সংগ্ৰাম,ভৰলীপাৰৰ কাহিনী ,নদাই আদি অন্যতম ।
শিশু-সাহিত্যিক হিচাপেও খ্যাতি লাভ কৰা দীননাথ শৰ্মাৰ দুখন শিশু-উপন্যাস হ’ল – পুতুৰ পয়মাল আৰু পুতুৰ পলায়ন ।
সাহিত্য চৰ্চাতেই জীৱন উছৰ্গা কৰা এইজনা মহান ব্যক্তিয়ে ১৯৮৮ চনৰ ১৮ আগষ্ট তাৰিখে ইহলীলা সম্বৰণ কৰে ।স্মৃতি দিৱসত তেখেতলৈ Rnewsindia24 ৰে যাচিছোঁ শ্ৰদ্ধাঞ্জলি ।
By : Rituparna Sarma