ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com

আজি ২৯ আগষ্ট, মঙ্গলবাৰ।
১৯০৫ চনৰ আজিৰ দিনটোতে এলাহাবাদত ‘হকীৰ যাদুকৰ’ ধ্যান চান্দ জন্ম হৈছিল।
ধ্যান চান্দ ভাৰতবৰ্ষৰ ক্ৰীড়া জগতৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ আছিল ।

আন্তঃৰাষ্ট্ৰীয় হকীৰ ৰণক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰি দেশক কেইবাবাৰো সাফল্যৰ উচ্চ শিখৰত আৰোহণ কৰাইছিল ধ্যান চান্দে।

১৯২৮-৩২ আৰু ১৯৩৬ চনত তিনিটা অলিম্পিক স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

তেওঁৰ আত্মজীৱনী “গ’ল” অনুসৰি তেওঁ ১৮৫ খন খেলত ৫৭০টা গ’ল কৰিছিল।
তেওঁৰ অসাধাৰণ গ’ল-স্ক’ৰিং কৃতিত্বৰ বাবে ভাৰতবাসীৰ মাজত পৰিচিত হৈছিল।
লগতে সুন্দৰ বল নিয়ন্ত্ৰণৰ বাবে ‘হকীৰ যাদুকৰ’ বা ‘দ্য মেজিচিয়ান নামেৰে জনাজাত আছিল।

ধ্যান চান্দে ১৯২৬ চনৰ পৰা ১৯৪৯ চনলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছিল।
১৯২৮ চনৰ পৰা ১৯৬৪ চনলৈ অনুষ্ঠিত হোৱা আঠটা অলিম্পিকৰ ভিতৰত সাতখনত ফিল্ড হকী ইভেণ্টত স্বৰ্ণ অৰ্জন কৰিছিল।

ভাৰত চৰকাৰে ১৯৫৬ চনত তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান “পদ্মভূষণ বঁটা” প্ৰদান কৰে।

তেওঁৰ সন্মানৰ্থে জন্মদিনটো অৰ্থাৎ ২৯ আগষ্টক প্ৰতি বছৰে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।
আজিৰ দিনটোত ভাৰতত বিভিন্ন বয়সৰ ব্যক্তিয়ে কাবাডী, মাৰাথন, বাস্কেটবল, হকী আদি খেলত অংশগ্ৰহণ কৰে।

২০২১ চনত তেওঁৰ নামেৰে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান “মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা” নামেৰে নামকৰণ কৰে।
পূৰ্বতে এই বঁটাটি “ৰাজীৱ গান্ধী খেলৰত্ন বঁটা” নামেৰে নামকৰণ আছিল।

মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ক্ৰীড়াবিদ হৈছে বিশ্বনাথন আনন্দ।
তেখেত ভাৰতৰ প্ৰথম দবা খেলৰ গ্ৰেণ্ডমাষ্টাৰ আৰু পাঁচ বাৰ বিশ্ব দবা চেম্পিয়নশ্বিপ বিজয়ী।
উত্তৰ-পূব ভাৰতৰ দ্বিতীয়গৰাকী ক্ৰীড়াবিদ বক্সাৰ মেৰী কম, নীৰজ চোপ্ৰা, অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁই, ৰবি কুমাৰ দাহিয়া, পি. আৰ. শ্ৰীজেশ, সুমিত আন্তিল, অৱনী লেখাৰা, প্ৰমোদ ভগত, কৃষ্ণা নাগৰ, মনীষ নাৰৱাল, মিতালী ৰাজ, সুনীল ছেত্ৰী, মনপ্ৰীত সিঙে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

১৯৭৯ চনৰ ৩ ডিচেম্বৰ তাৰিখে ৭৪ বছৰ বয়সত নতুন দিল্লীত তেখেত মৃত্যু হয়।

তেওঁ ক্ৰীড়া ক্ষেত্ৰখনলৈ যি অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে সেইয়া সকলো নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা।
তেখেতৰ কষ্ট তথা ত্যাগ স্বীকাৰ কৰি নিজৰ দক্ষতাৰে সকলো সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
মেজৰ ধ্যান চান্দ ভাৰতবাসীৰ মাজত সদায় চিৰস্মৰণীয় হৈ থাকিব।

এনে মহান ব্যক্তিসকলৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব। www.rnewsindia24.com

 

Sangita Dutta

By : Sangita Dutta

Leave a Reply

Your email address will not be published. Required fields are marked *