৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam August 29/2023:- 

১/ হ্ৰাস পালে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম।
২০০ টকা হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত।
সংবাদমেলত ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে।

২/ আজি মুকলি হ’ল আয়ুবেদিক চিকিৎসা মহাবিদ্যালয়ৰ নতুন ভৱন।
নতুন ভৱনটো মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

৩/ ছিপাঝাৰত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
ননৈ নৈৰ মথাউৰি ছিগি প্লাৱিত হয় বহু গাঁও৷
প্ৰায় ২৫খন গাঁৱত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

৪/ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন।
লগতে আয়োজন কৰে দবা প্ৰতিযোগিতা।
উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোছা, ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ গোস্বামী আৰু GMDAৰ উপাধ্যক্ষ মুকুতা ডেকা।

৫/ আজি নীতিন গাডকাৰীয়ে মুকলি কৰিলে দেশৰ প্ৰথমখন ‘ফুল ফ্লেক্স ফুৱেল’ গাড়ী।
নতুনকৈ মুকলি হোৱা ইন’ভা বাহনখনত ইন্ধনৰূপে ব্যৱহাৰ হ’ব ১০০ শতাংশ ইথালন।
বাহনখন হ’ব বিশ্বৰ প্ৰথমখন বিদ্যুৎ চালিত ফ্লেক্স ফুৱেল বাহন, যিয়ে ৪০ শতাংশ বিদ্যুৎ উৎপাদন কৰিব।

৬/ নগাঁও মেডিকেল কলেজ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
“১ ছেপ্টেম্বৰৰ পৰা ১২ খন মেডিকেল কলেজত আৰম্ভ হ’ব পাঠ্যক্ৰম”- মন্তব্য স্বাস্থ্যমন্ত্ৰী গৰাকীৰ।

৭/ আজিৰে পৰা পুনৰ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা।
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ।

৮/ জুবিন গাৰ্গৰ বিৰুদ্ধে মৰিগাঁৱত গোচৰ ৰুজু।
AJP সন্দৰ্ভত বিৰূপ মন্তব্য কৰাক লৈ অসম জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে ৰুজু কৰে গোচৰ ।

৯/ ধেমাজিৰ বিশিষ্ট শিক্ষাবিদ, সত্ৰাধিকাৰ বনমালী দেৱ গোস্বামীৰ দেহাৱসান।
৯৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰগৰাকীয়ে।
মৃত্যুৰ পূৰ্বে বনমালী দেৱ গোস্বামীয়ে প্ৰায় ১৫খন গ্ৰন্থ প্ৰকাশ কৰাৰ উপৰি ২০ খনতকৈ অধিক গ্ৰন্থ পাণ্ডুলিপি ৰূপতে অপ্ৰকাশিত হৈ থাকিল।

১০/ তিনিচুকীয়াৰ বৰডুমচাত ভয়ংকৰ ঘটনা।
অত্যধিক ড্ৰাগছ সেৱনৰ ফলত এজন যুৱকৰ মৃত্যু ।

১১/ নতুন দিল্লীত অনুষ্ঠিত হ’ব G-20 সন্মিলন।
৯,১০ ছেপ্টেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই সন্মিলন।
বিজুলীবাতিৰ সজ্জাৰে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হয় দিল্লীত।

১২/ মহানগৰীৰ লখৰাত আৰক্ষীয়ে জব্দ কৰে ২০টা বান্দিলত ১০ লাখ টকাৰ জালনোট।
বিহপুৰীয়াৰ গোহাঁইকলনীৰ পৰা আহিছিল দুই জালনোট ব্যৱসায়ী।
গঁড়চুক আৰক্ষীয়ে লখৰাত জব্দ কৰে জালনোটখিনি।

১৩/ ধুমুহাত ক্ষতিগ্ৰস্ত বশিষ্ঠৰ CID আৱাসিক অঞ্চল৷
গছ বাগৰি পৰি ব্যাহত হয় আৱাসিক অঞ্চলটোৰ বিদ্যুৎ ব্যৱস্থা৷
ভষ্মীভূত হয় কনিষ্টবল পৰীক্ষিত বৈশ্যৰ আৱাস গৃহ৷
থকাৰ সু-ব্যৱস্থা কৰি দিবলৈ উৰ্ধতম কৰ্তৃপক্ষক অনুৰোধ জনাই পৰীক্ষিত বৈশ্যই।

১৪/ মহানগৰীৰ পাণ্ডুৰ ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজৰ চৌহদত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ৷
কিছু পলম হ’লেই মহাবিদ্যালয়ত প্ৰৱেশ কৰিব নিদিয়াৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ৷
মহাবিদ্যালয়ৰ ছাত্ৰী জিৰণি কোঠাত থকা CCTVক লৈও ক্ষোভ ছাত্ৰীৰ৷

১৫/ ঢেকীয়াজুলিত বেলশিৰি নৈৰ ভয়ংকৰ খহনীয়া৷
নৈৰ বুকুত জাহ গৈছে বহু পৰিয়ালৰ বাসগৃহ, বিঘা বিঘা কৃষিভূমি৷
বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিও সুফল পোৱা নাই স্থানীয় ৰাইজে৷

১৬/ গহপুৰৰ ডিপৰাত অঘটন।
গৰু আনিবলৈ গৈ ব্ৰহ্মপুত্ৰত নিখোজ বীৰেন দাস নামৰ এজন যুৱক।

১৭/ মৰিগাঁৱত বন বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।
অবৈধভাৱে গেট স্থাপন কৰি ধন সংগ্ৰহৰ অভিযোগ।
শিল-বালি কঢ়িওৱা গাড়ীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ স্থানীয় ৰাইজৰ।

১৮/ বিলাসীপাৰাৰ কুৰ্শাকাটিৰ ডাবল মাৰ্ডাৰৰ হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত ৫ জনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।
ডিঙি ৰেপি হত্যা কৰিছিল শ্বাহ জালাল শ্বেখ আৰু নাৰ্জিমা বেগমক।
পৰিয়ালকেন্দ্রিক সংঘাতৰ বাবেই এই ঘটনা সংঘটিত হৈছিল।
২০১৮ চনৰ পৰা পৰিয়ালটোৰ সৈতে সংঘাত চলি আছিল হত্যাকাৰীৰ।

১৯/ ৰাজ্যৰ বিভিন্ন স্থানত পুনৰ ১৮খন টোলগেট স্থাপনৰ পৰিকল্পনা।
টোলগেট স্থাপনৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে।

২০/ মহানগৰীৰ চচলত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ আৰু CITUৰ উদ্যোগত প্ৰতিবাদ।
চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৬৬১ টকালৈ বৃদ্ধি, মাটিৰ পট্টা প্ৰদানৰ লগতে বিভিন্ন দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।

 

By: Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *