“মনোৰঞ্জন”

Spread the love

অকেলীঃ

ভাৰতীয় নাৰীৰ সাহসিকতাৰ কাহিনী ।

অকেলী

নিজৰ মাক আৰু অনাথ ভতিজাকক ভৰণ- পোষণ দিবলৈ পঞ্জাৱৰ জ্যোতি নামৰ এগৰাকী ছোৱালীয়ে ইৰাকৰ মচুল চহৰত এটা চাকৰি যোগাৰ কৰে।

মচুল ত ভৰি দি তাই দেখা পায় যে তাত সৰু সৰু ল’ৰা- ছোৱালীক লৈ ধ্বংসলীলা চলোৱা হৈছে।

সিহঁতক ‘হিউমান বম্ব’ হিচাপে ব্যৱহাৰ কৰা হৈছে।

কোমল অন্তৰৰ জ্যোতি ৰ এই ধ্বংসলীলা সহ্য ন’হল আৰু তাই সৰু সৰু ল’ৰা- ছোৱালী বোৰৰ লগতে আই এছ এছ ৰ পৰা নিজৰো প্ৰাণ বচোৱাৰ চেষ্টা কৰে।

জ্যোতিৰ ইৰাকৰ পৰা নিজৰ দেশলৈ ঘুৰি অহাৰ চেষ্টা সফল হ’ল নে? সেই অবৰ্ণনীয় ধ্বংসলীলাৰ পৰা কেনেদৰে তাই নিজৰ লগতে দুজনী নিস্পাপ ছোৱালীৰ জীৱন বচাবলৈ সক্ষম হ‘ল? এই সকলো বোৰ জানিবলৈ আপুনি চাব লাগিব নিৰ্দেশক প্ৰণয় মেশ্ৰামৰ চিনেমা অকেলী।

বৰ্তমান চিনেমা জগত খনলৈ যদি আমি লক্ষ্য কৰো, নায়ক প্ৰধান চিনেমাৰ আধিপত্যতা দেখা পাম।

নায়িকা প্ৰধান চিনেমাৰ সংখ্যা যথেষ্ট কম।

মোহময়ী অভিনেত্ৰী ৰেখা, শ্ৰী দেৱী আদি কৰি মুষ্টিমেয় কেইগৰাকী মান অভিনেত্ৰীৰ নায়িকা প্ৰধান চিনেমা দেখিবলৈ পোৱা যায় যদিও তেনে চিনেমা এপাচি শাকত এটা জালুকৰ দৰে।

তেনে ক্ষেত্ৰত নিৰ্দেশক প্ৰণয় মেশ্ৰামে এক সাহসিক পদক্ষেপ লৈছে বুলি ক’ব লাগিব। মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰতিভাশালী অভিনেত্ৰী নুসৰত ভৰুচা ৰ অভিনয় প্ৰতিভাৰো শলাগ ল’ব লগীয়া।

গোটেই চিনেমাখনৰ কাহিনীভাগ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁৰ অভিনয় দক্ষতাৰ চমৎকাৰিত্ব মন কৰিব লগীয়া।

ভাৰত বৰ্ষত নাৰিইক কালী আৰু দুৰ্গা মাৰ লগত তুলনা কৰা হয়।

তাৰেই এক উদাহৰণ হিচাপে প্ৰক্ষেপ কৰা হৈছে ‘অকেলী’।

চিৰ্ফ এক বন্দা কাফী হেঃ এজন ‘গড্মেন’ৰ একাধিপত্যত এজন সাধাৰণ উকীলৰ মোক্ষম আঘাত।

Manoj Bajpayee

আমাৰ ভাৰত বৰ্ষত নিজে নিজে উদ্ভাৱিত ‘ভগৱানʼ অভাৱ নাই।

দুখন মান শাস্ত্ৰ পঢ়িলে অথবা কেইটামান জ্ঞান গৰ্ভ কথা মুখস্থ থাকিলে নিজকে ভগৱানৰ শাৰীত থবলৈ কুন্ঠাবোধ নকৰা এনেকুৱা এজন ”গড্মেন” ৰ বিৰুদ্ধে এজন সাধাৰণ উকীলৰ সংঘৰ্ষৰে ভৰা ওকালতিৰ কাহিনীৰে নিৰ্মাণ হৈছে চিনেমা খন।

নিৰ্দেশক অপূৰ্ব সিং কাৰ্কী য়ে দেশ কঁপাই যোৱা এনে এক সত্য ঘটনাৰ পৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা চিনেমা খনে দেশৰ সচেতন চিনেমাপ্ৰেমী সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

কাহিনীভাগ আৰম্ভ হয় এজন স্বয়ম আৱিৰ্ভূত ভগৱানৰ কু- কীৰ্তিৰ পৰা।

এগৰাকী নাবালিকাক তাইৰ মাক- দেউতাকে সেই ”গড্মেন” জনৰ ওচৰলৈ কোনো কষ্টৰ উপায় বিচাৰই লৈ যোৱাত তেওঁ সেই নাবালিকা গৰাকীক ধৰ্ষণ কৰে।

নাবালিকা গৰাকীৰ মাক- দেউতাকে বহুকেইজন উকীলৰ ওচৰত প্ৰাপ্য বিচাৰ বিচাৰি বিমুখ হৈ অৱশেষত উকীল পি.চি. চোলাংকীৰ ওচৰত শৰণাপন্ন হয়।

তেতিয়ালৈকে প্ৰভাৱশালী উকীলত পৰিণত নোহোৱা চোলাংকীয়ে তেওঁৰ শক্তিশালী বিৰোধী ৰ সকলো যুক্তিক নস্যাৎ কৰিব পাৰিলেনে? ‘ন'( নাবালিকাৰ নাম) য়ে কি দৰে আদালতত নিজৰ ওপৰত হোৱা অত্যাচাৰ দাঙি ধৰিলে?

‘গড্মেন’ৰ কি শাস্তি হ’ল?

এই সকলো উত্তৰ পাবলৈ আপুনি চাব লাগিব “চিৰ্ফ এক বন্দা কাফি হে”।

পি.চি. চোলাংকীৰ ৰূপত প্ৰতিভাধৰ অভিনেতা মনোজ বাজপেয়ীৰ অভিনয় শলাগীবলগীয়া।

অসামান্য অভিনয়েৰে তেওঁ সাৱলীল ভাৱে চিনেমাৰ কাহিনীভাগ আগবঢ়াই লৈ গৈছে।

নু ৰ চৰিত্ৰত আদ্ৰিজা সিন্হাৰ অভিনয় প্ৰশংসাৰ যোগ্য।

সাধু- সন্যাসী সকলক আমি যথেষ্ট শ্ৰদ্ধাৰ চকুৰে চাওঁ।

সমাজৰ ধৰ্ম ৰক্ষক আৰু সংস্কৃতিৰ ধৰোহৰ বুলি ভাবো।

সকলোকে অন্ধ ভাৱে বিশ্বাস নকৰিবৰ কাৰণে এই চিনেমা খনে আমাক এক শিক্ষণ প্ৰদান কৰে।

 

সুকন্যা শইকীয়া R News India 24

সুকন্যা শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *