ভাৰতৰ স্বাধীনতা সংগ্ৰামী পদ্মভূষণ পুষ্পলতা দাসৰ জীৱনযাত্ৰাঃ
পুষ্পলতা দাসৰ জন্ম হৈছিল ১৯১৫ চনৰ ২৭ মাৰ্চ তাৰিখে লখিমপুৰ জিলাত ।
তেখেত এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী আছিল।
তেওঁ ১৯৫১ চনৰ পৰা ১৯৬১ চনলৈ ৰাজ্যসভাৰ সদস্য আছিল ।
আনহাতে, অসম বিধানসভাৰ সদস্য হোৱাৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্য আছিল।
তেওঁ শিক্ষা জীৱন আৰম্ভ কৰিছিল গুৱাহাটীৰ পানবজাৰ বালিকা হাইস্কুলত।
ছাত্ৰী অৱস্থাৰ পৰায়ে তেওঁ ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিল।
সেই সময়ত তেওঁ মুক্তি সংঘ নামৰ অনুষ্ঠান এটাৰ সম্পাদীকা আছিল।
১৯৩১ চনত ব্ৰিটিছ চৰকাৰে স্বহিদ ভগৎ সিঙক ফাঁচী দিয়াৰ বাবে প্ৰতিবাদ কৰাৰ দোষত তেওঁক বিদ্যালয়ৰ পৰা অব্যাহতি দিয়া হয়।
১৯৩৪ চনত ঘৰুৱাভাৱে মেট্ৰিক পৰীক্ষা দি উত্তীৰ্ণ হয়।
তাৰ পাছত তেওঁ বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত ইণ্টাৰমিডিয়েট পঢ়িবলৈ যায়।
পৰৱৰ্তী সময়ত তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু পিছলৈ ১৯৩৮ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত গুৱাহাটীৰ আৰ্ল ল’ কলেজত তেওঁ আইনৰ শিক্ষা গ্ৰহণ কৰে।
সেই সময়ত তেওঁ কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদীকা আছিল।
সেই সময়তে গান্ধীজীয়ে ব্যক্তিগত সত্যাগ্ৰহ প্ৰৱৰ্তন কৰে আৰু তাৰ পিছতে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয়।
তেওঁ এই আন্দোলনত সক্ৰিয় ভাবে অংশ গ্ৰহণ কৰে।
তেওঁ অসমৰ শাখাৰ কৌস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মৃতি ন্যাস আৰু খাদী আৰু গ্ৰামীণ উদ্যোগ পৰিষদৰ অধ্যক্ষা আছিল।
তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান “পদ্মভূষণ” প্ৰদান কৰে।
তেওঁ অমিয় কুমাৰ দাসৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।
তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছিল।
২০০৩ চনৰ ৯ নৱেম্বৰ তাৰিখে ৮৮ বছৰ বয়ত কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে ।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব rnewsindia24.com
Sangita Dutta News Editor Rnewsindia24.com