বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰডুবি মধ্য ইংৰাজী বিদ্যালয়ত শিশু দিৱস উদযাপন।
দেশৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনৰ দিনটো সমগ্ৰ দেশত শিশু দিৱস হিচাপে উদযাপন কৰা হয়।
তাৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ বৰডুবি মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক-শিক্ষয়ত্ৰীসকলে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰে।
পুৱা, বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলে জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তাৰ পাছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰস্তুত কৰা অন্যতম আকৰ্ষণীয় নৱম সংখ্যক “নতুন পোহৰ” শীৰ্ষক প্ৰাচীৰ পত্ৰিকা শুভ উন্মোচন কৰে চেঙামাৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত দাসে।
এটি সুন্দৰ গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।
বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱকান্ত ফুকন আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তিয়ে
শিশু দিৱস উপলক্ষ্যে সাৰুৱা বক্তব্য আগবঢ়াই।
উক্ত দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে কবিতা, নৃত্য, গীতকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি দৰ্শকৰ মন আপ্লুত কৰে।
উল্লেখ্য যে, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা “নোকোৱাৰ পৰিনাম, ধেমেলীয়া নাট, ভক্ত প্ৰহ্লাদ” ভাওনা আদি প্ৰদৰ্শন কৰা হয়।
উক্ত অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ বিষয়ববীয়া, ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ।
Sangita Dutta News Editor Rnewsindia24.com