৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam Jan 5/2024:-
1. আজিৰে পৰা পশুধন আৰু হাঁহ-কুকুৰা মেলা ২০২৪ ।
গুৱাহাটী খানাপাৰাৰ ফাৰ্মগেট খেলপথাৰত অনুষ্ঠিত হয় এই মেলা।
উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, ছিকিমৰ মন্ত্ৰী লোকনাথ শৰ্মা, সাংসদ কুইন ওজা, পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা, অসম পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, উপাধ্যক্ষ পৰেশ বৰকটকী, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰ, সচিব অভিজিৎ বৰুৱা, খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড° বিবেকানন্দ শইকীয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অন্যান্য বিষয়াসকল, ছিকিম, নাগালেণ্ড, মণিপুৰ আৰু মেঘালয় চৰকাৰৰ পশু চিকিৎসা বিভাগৰ সঞ্চালক, উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল।
2. লাক্ষাদ্বীপত মনোমোহা পৰিৱেশৰ মাজত প্ৰাতঃভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
3. ডিমা হাচাওত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। চাৰিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
4. বৰ্ষীয়ান সাংবাদিক যদু কাকতিৰ দেহাৱসান।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।
কিছুদিন ধৰি অসুস্থ হৈ আছিল বিশিষ্ট সাংবাদিকগৰাকী।
5. শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নামত ভুৱা ফেচবুক একাউণ্ট।
ভুৱা একাউণ্ট খুলি ধনদাবী কৰে দুষ্টচক্ৰই।
CID থানাত FIR দাখিল কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।
6. আজি ‘সাদিন-প্রতিদিন গোষ্ঠী’ৰ Achiever Awards অনুষ্ঠান।
শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হয় এই অনুষ্ঠান।
উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্মৃতি ইৰাণী আৰু বহু গণ্য মান্য ব্যক্তি।
7. জুৰীয়া লাঙ্গীয়া মোক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ আজব কাণ্ড।
গুণোৎসৱৰ দিনাই মদ খাই পথত পৰি থাকে।
সুৰাপায়ী শিক্ষকজনৰ নাম মজিবুৰ ৰহমান৷
8. ২৮খন আসনৰ বাবে ৮ জানুৱাৰীত অনুষ্ঠিত হ’ব উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন।
9. আজিৰে পৰা ৭ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত ‘নাট মহাৰণ’।
জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠান।
নাট মহাৰণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বলীউডৰ অভিনেতা ৰাজা মুৰাদে।
11. মুকেশ আম্বানীক চেৰ পেলাই এছিয়াৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী।
তালিকাৰ ১২ সংখ্যক স্থানত আছে গৌতম আদানী।
মুকেশ আম্বানী তালিকাৰ ত্ৰয়োদশ স্থানলৈ অৱনমিত।
২৪ ঘণ্টাত ৭.৬ আৰৱ ডলাৰ সম্পত্তি বৃদ্ধি।
12. হাৰিয়ানাত কংগ্ৰেছ আৰু INLD নেতাৰ ঘৰত EDৰ অভিযান।
২০টা স্থানত অব্যাহত আছে অভিযান।
অবৈধ খনন গোচৰ সন্দৰ্ভত
কংগ্ৰেছ নেতা সুৰেন্দ্ৰ পানোৱাৰৰ ঘৰত চলে অভিযান।
প্ৰাক্তন INLDৰ বিধায়ক দিলবাগ সিঙৰ ঘৰতো চলে অভিযান।
উদ্ধাৰ কৰে ৫ কোটি নগদ ধন, ৫ কেজি সোণ আৰু ৩০০ টা কাৰ্টিজ।
12. নাহৰকটীয়াৰ আমোলাপট্টীত অগ্নিকাণ্ড৷
শুভজিৎ নন্দী নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত জাহ যায় কেইবা লক্ষাধিক টকাৰ সম্পত্তি, বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ।
13. নগাঁৱৰ ননৈৰ ভেলাইগাঁৱত বাঘৰ আতংক।
বাঘৰ আক্ৰমণত মৃত্যু হয় এজন লোক।
বাঘৰ আক্ৰমণত মৃত্যু হোৱা লোকজনৰ নাম আদিত্য শইকীয়া।
নিজ ঘৰৰ চোতালতে বাঘে আক্ৰমণ কৰে লোকজনক।
গুৰুতৰভাৱে আহত সত্য ফুকন নামৰ এজন লোক।
14. আজি পুনৰ SITত হাজিৰ হয় ২ ৰাজপত্ৰিত বিষয়া।
APS অনলজ্যোতি দাস, ACS ধ্ৰুৱজ্যোতি হাটীবৰুৱাক তলব।
CID কাৰ্যালয়ত উপস্থিত হয় 2 বিষয়া।
15. আজিৰে পৰা আৰম্ভ হয় চৰাইদেউ মহোৎসৱ।
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় মহোৎসৱ।
পুৱাৰে পৰা আৰম্ভ হয় মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী।
16. মটৰ পৰিবহণ সন্থাৰ বন্ধত কৰিমগঞ্জত উত্তপ্ত পৰিস্থিতি৷
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ১৪৪ ধাৰা জাৰি৷
পাথাৰ কান্দি চক্ৰ বিষয়াই কাটলতলি এলেকাত জাৰি কৰে ১৪৪ ধাৰা।
17. শনিবাৰে পুৱা ৫ বজাৰ পৰা চলিব বাণিজ্যিক বাহন৷
পৰিবহন বিভাগৰ আলোচনাৰ অন্তত সিদ্ধান্ত গ্ৰহন কৰে মটৰ শ্ৰমিক সন্থাই।
18. ছমাহৰ বাবে ৰাজ্যত নিষিদ্ধ প্ৰতিবাদী কাৰ্যসূচী৷
জৰুৰীকালীন সেৱাত নিয়োজিত লোকে প্ৰতিবাদ কৰিব নোৱাৰিব।
তেল-গেছ খণ্ডত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি৷
ঠিকাভিত্তিক শ্ৰমিক, কৰ্মচাৰী, টেংকাৰচালকে প্ৰতিবাদ কৰিব নোৱাৰিব।
তেল-গেছ খণ্ডত নিয়োজিত খালাচীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিৰ্দেশনা৷
পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা৷
গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিবে জাৰি কৰে এই নিৰ্দেশনা৷
19. দক্ষিণ কামৰূপত একাদশ বাৰ্ষিক Exposure Cup ২০২৪ ।
দক্ষিণ কামৰূপ ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত হয় এই খেলখন।
৫দিন ধৰি চলিব দিবা নৈশ এই টেনিছ বল ক্ৰিকেট খেলখন।
খেলখনৰ শুভ উদ্বোধন কৰে সাংসদ কুইন ওজাই।
20. বকোত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷
ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰদীপ কলিতাক৷
ভূমিৰ নথি শুধৰণিৰ নামত ৩ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হয় কাননগো প্ৰদীপ কলিতা৷
Sangita Dutta News Editor Rnewsindia24.com