Himanta Biswa Sarma

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 27 February 2024:- 

1. জোনাই সমষ্টিৰ কাৰেং চাপৰিৰ পৰা ঢকুৱাখনাৰ মাতমৰা হৈ মাজুলীলৈ বাইক ৰেলী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
বগীবিল, ধেমাজি, ঢকুৱাখনা আৰু মাজুলী সংযোগী নৱ নিৰ্মিত দুই লাইনযুক্ত মথাউৰিৰে সহস্বাধিক লোকক লৈ বাইক ৰেলী মুখ্যমন্ত্ৰীৰ।
ৰেলীত অংশগ্ৰহন কৰে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, নৱ কুমাৰ দলে, বিভিন্ন দল সংগঠনৰ নেতৃবিন্দই।Himanta Biswa Sarma

2. কেৰালাত দুদিনীয়া কার্যসূচীৰে উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰত অভিলাষী প্ৰকল্প উদ্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

‘গগনযান’ মিছন ভাৰতৰ প্ৰথমটো মানৱ অভিযান।
২০২৪-২৫ চনত উৎক্ষেপণৰ লক্ষ্য গগনযান।
‘গগনযান’ মিছনৰ বাবে ৪গৰাকী মহাকাশচাৰীৰ নাম প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
নামসমূহ ক্ৰমে- গ্ৰুপ কেপ্টেইন পি বালাকৃষ্ণন নায়াৰ, অজিত কৃষ্ণন, অংগদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ এছ শুক্লা।

3. মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত ভূমিপট্টা প্ৰদান কাৰ্যসূচী।
কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, নৱ কুমাৰ দলে, বিধায়ক ভুৱন গামে, ধেমাজি জিলা আয়ুক্ত আৰু বহু গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।

আনহাতে, গহপুৰত প্ৰায় ৮ হাজাৰ লোকক ভূমি পট্টা বিতৰণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

4. আজি অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা৷
আমবাৰীত অনুষ্ঠিত হয় নৱগঠিত কমিটীৰ প্ৰথমখন কাৰ্যনিৰ্বাহক৷
সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভা।
উক্ত সভাত লোকসভা নিৰ্বাচনৰ আসন বুজাবুজি সন্দৰ্ভৰ লগতে বহু কেইটা বিষয়ত আলোচনা কৰা হয়।

5. মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এই বৰ্ষৰ ‘গণশিল্পী মঘাই ওজা বঁটা’।
অহা ১৯ আৰু ২০ এপ্ৰিলত যোৰহাটৰ হাটীগড়ৰ গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ব’হাগী উৎসৱত মুখ্যমন্ত্ৰী ডঃ শৰ্মাক প্ৰদান কৰা হব এই বিশেষ বঁটা।

6. জাকিৰ হুছেইন শিকদাৰলৈ CIDৰ চমন৷
২৯ ফেব্ৰুৱাৰীত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ৷
পূৰ্বেও CIDয়ে চমন জাৰি কৰিছিল জাকিৰ হুছেইন শিকদাৰলৈ৷
ন্যায় যাত্ৰাত খানাপাৰাত সৃষ্টি হোৱা পৰিস্থিতিক লৈ জাৰি কৰে এই চমন৷

6. অৰবিন্দ কেজৰিৱাললৈ EDৰ পুনৰ চমন জাৰি।
৪ মাৰ্চত EDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।
দিল্লীৰ সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীলৈ অষ্টমখন চমন জাৰি কৰে ED-এ।

7. বাজপেয়ী ভৱনত বিজেপিৰ যোগদান কাৰ্যসূচী।
অসম চাহ মজদুৰ সংঘৰ ৫০গৰাকী বিষয়ববীয়া,
নগাঁও, মাৰ্ঘেৰিটা, টিংৰাই, নাহৰকটীয়া শাখাৰ ACMSৰ বিষয়ববীয়াই বিজেপিত যোগদান কৰে।

7. ৰাজ্যবাসীৰ বাবে ভাল খবৰ।
চিকিৎসা ক্ষেত্ৰলৈ অসমীয়া বিজ্ঞানীৰ অনন্য অৱদান৷
চিকিৎসা বিজ্ঞানী ড০ মুকুট গোহাঁইৰ উদ্ভাৱনক আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন চমুকৈ FDAৰ স্বীকৃতি।
‘এনমেটাজোবেক্টাম’ এণ্টিবায়’টিকলৈ মাৰ্কিন স্বীকৃতি৷
মূত্ৰাশয় সংক্ৰমণ, নিউমোনিয়াৰ প্ৰতিৰোধত ব্যৱহাৰ হ’ব এণ্টিবায়’টিক বিধ৷
এণ্টিবায়’টিকবিধে বিশ্বৰ বজাৰতো উপলব্ধৰ বাবে লাভ কৰিছে অনুমতি৷

9. আজি দেশৰ ৩ খন ৰাজ্যত ৰাজ্যসভাৰ নিৰ্বাচন৷
উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত অনুষ্ঠিত হয় নিৰ্বাচন৷
১৫ খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন৷

10. লোকসভা নিৰ্বাচনত অসমত ৪খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব TMCএ।
কৰিমগঞ্জ, কোকৰাঝাৰ, ধুবুৰী আৰু লখিমপুৰ সমষ্টি দাবী কৰিব TMCএ।
এইকেইটা সমষ্টি এৰি নিদিলে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব TMC।
এই বিস্ফোৰক মন্তব্য TMCৰ নেত্ৰী সুস্মিতা দেৰ।

11. ৰঙিয়া মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ভৱন চৌহদত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা , ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ড৹ ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন।
প্ৰতিমূৰ্তি উন্মোচন কৰে ৰঙিয়া মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি।

12. জনপ্ৰিয় আৰ জে মেণ্ডীলৈ ইউনিচেফৰ বিশেষ বঁটা।
আৰ জে মেণ্ডিৰ বিশেষ অনুষ্ঠানৰ বাবে এই বঁটা প্ৰদান।
বঁটা প্ৰদান কৰে ইউনিচেফৰ ব্ৰেণ্ড এম্বেচেদৰ আয়ুষ্মান খুড়ানাই।

13. অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সমাজকর্মী ক্ষীতিধৰ শর্মাৰ দেহাৱসান।
১০৩ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষক গৰাকীয়ে।

14. বিহাৰত এক শোকাৱহ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত ভোজপুৰী অভিনেত্ৰী আঁচল তিৱাৰী আৰু কণ্ঠশিল্পী ছটো পাণ্ডেৰ লগতে আন ৭জন লোকৰ মৃত্যু হয়।

15. ৰূপহীহাটৰ জিউমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী।
গুৰুতৰভাৱে আহত হয় আন এজন বাইক আৰোহী ।
নিহত বাইক আৰোহীজন কাঠপৰাৰ মুকিবুৰ ৰহমান।

16. বজালীৰ কাহাৰপাৰাত বিধ্বংসী অগ্নিকাণ্ড৷
ভস্মীভূত হয় দুটাকৈ পৰিয়ালৰ বাসগৃহ৷
অগ্নিসংযোগ কৰে এজন দুৰ্বৃত্তই।
হাঁহ চুৰি কৰি ধৰা পৰাৰ ক্ষোভত অগ্নি সংযোগ কৰে।

17. তামুলপুৰৰ জয়পুৰত BJPৰ বৃহৎ যোগদান সমাৰোহ।
তামুলপুৰ জিলা আৰু নাগ্ৰিজুলী মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় এই যোগদান সমাৰোহ।
শতাধিক লোকে বিজেপিত যোগদান কৰে।

18. উত্তৰপ্ৰদেশৰ মিৰাটৰ এটা টায়াৰ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ৷
বিস্ফোৰণত ২ জন শ্ৰমিকৰ মৃত্যু হয় আৰু গুৰুতৰভাৱে আহত হয় ৩ জন৷
শ্ৰমিকসকলে কৰ্মৰত অৱস্থাতে সংঘটিত হয় এই ঘটনা৷

19. বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ৷
উত্তৰ প্ৰদেশত মৃত্যু হয় মাৰ্ঘেৰিটাৰ অৰ্জুন গড় নামৰ যুৱকৰ।
৩ মাহ পূৰ্বে কৰ্মৰ সন্ধানত কানপুৰলৈ গৈছিল যুৱকজন৷
বজাৰ কৰিবলৈ যাওঁতেই দুৰ্ঘটনাত পতিত হয় যুৱকজন৷
দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল অৰ্জুন গড়৷

20. তেজপুৰৰ ডিপোটাত পথ দুৰ্ঘটনা৷
অচিনাক্ত বাহনে মহতিয়াই নিলে অটোৰিক্সা।
দুৰ্ঘটনাত নিহত হয় দুজন যুৱক৷

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *