Rnewsindia24.com Assam 3 April 2024:-
১/ কেৰালাৰ ৱায়ানাডত মনোনয়ন দাখিল ৰাহুল গান্ধীৰ।
মনোনয়ন দাখিলত ৰাহুল গান্ধীক সংগ দিয়ে ভগ্নী প্ৰিয়ংকা গান্ধীয়ে।
২/ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই।
সামাজিক মাধ্যমযোগে ঘোষণা কৰে প্ৰাক্তন IPS বিষয়াগৰাকীয়ে।
৩/ ফেব্ৰুৱাৰী মাহত ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা আঁতৰালে ২২ মিলিয়ন কণ্টেণ্ট।
ভাৰতীয় অভিযোগ ব্যৱস্থাৰ দ্বাৰা লাভ কৰিছিল ১৮,৫১২টা অভিযোগ।
৪/ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় লাট মণ্ডল খগেন কলিতা।
৫/ ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ।
নাহৰকটীয়া বিধানসভাৰ মঠাৱনী নামঘৰত সেৱা লৈ বহু কেইখন সভাত অংশগ্ৰহণ কৰে সোণোৱালে।
৬/ কৰ্কট ৰোগত আক্ৰান্ত বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুশীল কুমাৰ মোদীৰ।
লোকসভা নিৰ্বাচনত দলক সহায় আগবঢ়াব নোৱাৰে সুশীল কুমাৰ মোদীয়ে।
X-যোগে সদৰী কৰে এই কথা।
বিগত ৬ মাহ ধৰি কেন্সাৰৰ সৈতে যুঁজি আছে জ্যেষ্ঠ নেতাগৰাকীয়ে।
৭/ তিনিচুকীয়াৰ এৰ’মা ৰেচিডেন্সিত বিজেপিৰ যোগদান কাৰ্য্যসূচী।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা মনীষা হাজৰিকা বৰুৱা, যুৱ কংগ্ৰেছৰ নেতা অম্লানজ্যোতি পৰাশ, তিনিচুকীয়া টাউন ব্লক কংগ্ৰেছৰ নেতা ৰাজেশ শৰ্মাৰ লগতে আন বহুকেইগৰাকীয়ে।
৮/ ৫ এপ্ৰিলত ডিব্ৰুগড়ৰ ডিগবৈ বিধানসভা সমষ্টিৰ বুঢ়ীদিহিঙত সোণোৱালৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে।
বুঢ়ীদিহিঙত বিশাল জনসভাক সম্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
৯/ শিলচৰত প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য আৰু কৰিমগঞ্জত প্ৰাৰ্থী কৃপানাথা মাল্লাৰ মনোনয়ন দাখিল।
প্ৰাৰ্থী গৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।
‘বিপুল ভোটত জয়ী হ’ব পৰিমল শুক্লবৈদ্য’ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
১০/ ডিফু সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেং মনোনয়ন পত্ৰ দাখিল কৰে।
প্ৰাৰ্থী গৰাকীক সংগ দিয়ে APCC ৰ সভাপতি ভূপেন বৰাই।
১১/ ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত বৈঠক।
উপস্থিত থাকে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ লগতে কংগ্ৰেছৰ নেতা-কৰ্মী।
১২/ কোকৰাঝাৰত UPPL ৰ নিৰ্বাচনী ৰেলী।
জয়ন্ত বসুমতাৰীৰ হৈ বিশাল ৰেলীত অংশগ্ৰহণ কৰে UPPL ৰ বহু নেতা-কৰ্মীয়ে।
১৩/ দৰং-ওদালগুৰিত দুৰ্গাদাস বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰে।
দুৰ্গাদাস বড়োক সংগ দিয়ে হাগ্ৰামা মহিলাৰীয়ে।
১৪/ যোৰহাটত তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ।
প্ৰচাৰত মন্ত্ৰী অজন্তা নেওগ আৰু বহু শতাধিক বিজেপি লোকে অংশগ্ৰহণ কৰে।
১৫/ মহাৰাষ্ট্ৰত কংগ্ৰেছ জ্যেষ্ঠ নেতা সঞ্জয় নিৰুপমক দলৰ পৰা নিলম্বন৷
দলৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ নিলম্বনৰ প্ৰস্তাৱ প্ৰেৰণ কৰে।
মুম্বাই উত্তৰ পশ্চিম সমষ্টিৰ পৰা টিকট বিচাৰিছিল নেতা গৰাকীয়ে।
শিৱসেনাৰ প্ৰাৰ্থীক লৈ সৰৱ হৈছিল সঞ্জয় নিৰুপম।
১৬/ ‘চান্দা লোৱাত আপত্তি নাই৷
২ হাজাৰ টকাতকৈ অধিক চান্দা ল’লে চেকত ল’ব লাগে’৷
চান্দা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ৷
১৭/ বঙাইগাঁৱত জিলা প্ৰশাসনৰ ফ্লায়িং স্কোৱাডৰ অভিযান৷
অভিযানত জব্দ কৰে নগদ ৪লাখ ৩১ হাজাৰ ২০০ টকা৷
১৮/ জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
জব্দ কৰে নগদ ধন, জুৱাত ব্যৱহৃত সামগ্ৰী।
ধৃত ৪ জুৱাৰীক জে’ল হাজোতলৈ প্ৰেৰণ কৰে।
১৯/ মৰাণৰ খোৱাং দুলীয়াত ৩.৫১ লাখ টকা জব্দ SSTৰ।
এজন লোকৰ পৰা জব্দ কৰে ধনখিনি।
আৰক্ষীয়ে আটক কৰে বিকাশ শইকীয়া নামৰ লোকক।
২০/ নগৰবেৰাৰ টুপামাৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
জব্দ কৰে বুজন পৰিমাণৰ কফ ছিৰাপ।
আৰক্ষীয়ে ৪ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
Sangita Dutta Editor in Chief Rnewsindia24.com