জৱা ফুলৰ ঔষধী

চুলি, প্ৰস্ৰাৱ, কৃমি, মাহেকীয়া, উচ্চ ৰক্তচাপ আৰু পুৰুষৰ যৌন সমস্যাৰ এই প্ৰতিবেদন।

Spread the love

জৱা ফুল সৌন্দৰ্য চৰ্চাৰ লগতে আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

জৱাফুলত এণ্টিবেক্টেৰিয়েল, এণ্টি-ইনফ্লেমেটৰী, এণ্টিঅক্সিডেণ্ট, ফ্লেভোনইড, ফেনোলিক যৌগ, এণ্টোচাইনিন, ফেটি এচিড আদি বিভিন্ন পুষ্টিতত্বৰে ভৰপূৰ।

জৱাফুলক ইংৰাজীত Chinese hibiscus, China rose আৰু shoe flower বুলি কোৱা হয়।

জৱাফুলৰ বৈজ্ঞানিক নাম – Hibiscus rosa sinensis

আপুনি জৱাফুল ব্যৱহাৰ কৰে নে ? যদি আপুনি ব্যৱহাৰ কৰি সুফল পাইছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।

জানো আহক জৱা ফুলত কি কি ঔষধী গুণ আছে –

ক) জৱা ফুল আৰু নাৰিকল তেল মিহলাই মূৰত লগালে চুলিৰ গুৰি মজবুত হয়, চুলি দীঘল হয় আৰু চুলিৰ উজ্বলতা বঢ়াই।

খ) কম বয়সতে যদি চুলি পকিছে তেন্তে এমাহ মান জৱা ফুল মূৰত লগালে সুফল পোৱা যায়।

গ) জবাফুলৰ পাতে প্ৰস্ৰাৱৰ সমস্যা দূৰ কৰে।

ঘ) বহুদিন মাহেকীয়া নোহোৱাকৈ থাকিলে জৱাফুলৰ ৰস খালে সুফল পোৱা যায়।

ঙ) জৱাফুল খালে কৃমি নাশ হয়।

চ) উচ্চ ৰক্তচাপ থাকিলে জৱাফুলৰ ৰস খালে ভাল হয়।

ছ) শৰীৰ বাবে অনুপযোগী কলেষ্টৰল বঢ়িলে বা যি সকল পুৰুষৰ যৌন সমস্যা হৈছে তেতিয়া জৱা ফুল খালে সুফল পোৱা যায় ।

গতিকে, আজিৰ পৰা জৱা ফুল ব্যৱহাৰ কৰক। কুশলে থাকক।
দেহ ভালেই মন ভাল।

খাদ্য বিষয়ক এনে তথ্য সমৃদ্ধ বাৰ্তা জানি থাকিবৰ বাবে নিয়মীয়াকৈ Visit কৰক Rnewsindia24.Com

লগতে, আমাৰ Facebook page টি Follow আৰু YouTube Channel Rnewsindia24 Subscribe কৰিবলৈ অনুৰোধ জনালোঁ।

বিঃদ্ৰ- এই প্ৰতিবেদনটি বিভিন্ন তথ্যৰ পৰা সংগৃহীত।
অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

 

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *