১/ প্ৰথমবাৰৰ ৰাজ্যত অনুষ্ঠিত হয় উপাচাৰ্যসকলৰ সন্মিলন৷
UGC ৰ উদ্যোগত, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হয় এই অনুষ্ঠান৷
সন্মিলনত উপস্থিত থাকে UGC ৰ অধ্যক্ষ এম জগদীশ কুমাৰ, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু উত্তৰ পূৰ্বাঞ্চলৰ ১৪০ খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই অংশগ্ৰহণ কৰে।
২/ কামাখ্যাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
মা কামাখ্যাৰ আশীষ গ্ৰহন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
৫/ প্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত কৰা হয় স্বায়ত্তশাসিত পৰিষদৰ সন্মিলন।
অসম বিধানসভাৰ উদ্যোগত আৰু অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলন অনুষ্ঠিত কৰা হয়।
উপস্থিত থাকে ১০ স্বায়ত্ত শাসিত পৰিষদৰ বিষয়ববীয়া।
১২/ নলবাৰীৰ পেপছি ইণ্ডিয়াৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বৰাই৷
অসমৰ ঔদ্যোগিক নীতিৰ বাবে ৰাজ্যত বৃদ্ধি হয় বিনিয়োগ৷
১৩ হাজাৰ কোটি টকা বিনিয়োগ হয় উদ্যোগ ক্ষেত্ৰত৷
১৩/ দিল্লী বিমানবন্দৰৰ ছাদ ভাগি মৃত্যু হয় এজনৰ।
বিয়লি ২ বজালৈকে স্থগিত ৰখা হয় সকলো বিমানৰ যাত্ৰা।
টাৰ্মিনেল-১ৰ ছাদ খহি গুৰুতৰভাৱে আহত হয় চাৰিজন লোক।
১৪/ প্ৰতিকূল বতৰৰ বাবে দিল্লীত সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতিৰ।
নেৰানেপেৰা বৰষুণৰ ফলত প্লাৱিত দিল্লীৰ বহু অঞ্চল।
ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন হয় বহু পথ।
৩ জুলাইলৈকে দেশৰ ৰাজধানীত য়েল’ এলাৰ্ট জাৰি কৰা হয়।
১৫/ দেশৰ কেন্দ্ৰীয় সেনা অধিনায়ক হিচাপে নিযুক্ত লেফটেনেণ্ট জেনেৰেল অনিন্দ্য সেনগুপ্তা৷
শেহতীয়াকৈ নৰ্ডাৰ্ণ ক’মাণ্ডাৰ চীফ অফ ষ্টাফৰ দায়িত্বত আছিল সেনগুপ্তা।