সম্প্ৰীতিৰ অনন্য নিদৰ্শন দাঙি ধৰিলে মৈৰাবাৰী বাসীয়ে

Assam Dec 10: হিন্দু মহিলাৰ অন্তিম সৎকাৰ কৰিলে মুছলমান সম্প্ৰদায়ৰ লোকে। সম্পূৰ্ণ হিন্দু ধৰ্মীয় পৰম্পৰাৰে সনাতন ধৰ্মী মহিলাৰ সৎকাৰ কৰি সমাজত এক আদৰ্শ প্ৰতিষ্ঠা কৰিলে মৈৰাবাৰীৰ মুছলমান যুৱক-যুৱতীয়ে৷
যি সময়ত এচাম উগ্ৰ সাম্প্ৰদায়িক ভাবাপন্ন লোকে ৰাজ্যখনত বিভেদৰ বিষবাস্প বিয়পাই দি সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰীডাল চিঙি থানবান কৰিব কৰিবলৈ সৰ্ব্বতো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে, ঠিক সেই সময়তে মৰিগাঁও জিলাৰ মৈৰাবাৰীত দেখা গ’ল তাৰ ওলোটা ছবি। মৰিগাঁও জিলাৰ মৈৰাবাৰী’স্থিত বৃদ্ধা আশ্ৰমত এগৰাকী অসহায় হিন্দু মহিলা দীৰ্ঘদিন মৃত্যুৰ ক্ষণ গণি গণি অৱশেষত ইহলীলা সম্বৰণ কৰে। তেওঁৰ মৃত্যুত বৃদ্ধাশ্ৰমৰ লগতে মৈৰাবাৰী অঞ্চলতো শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে ধৰ্মপ্ৰাণ হিন্দু মহিলা গৰাকীৰ বিয়োগৰ খবৰ পাই বহু কেইগৰাকী স্থানীয় মুছলমান যুৱক-যুৱতী আশ্ৰমত উপস্থিত হয় আৰু মৃত হিন্দু মহিলা গৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত আশ্ৰমবসী লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। পিছত মহিলাগৰাকীৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। হিন্দু-মুছলমানৰ সমন্বয়ৰ এক বিৰল দৃষ্টান্ত দাঙি ধৰি শুক্রবাৰে পৱিত্ৰ জুম্মাৰ দিনটোতেই দুপৰীয়াৰ ভাগত মুছলমান যুৱক-যুৱতীসকলে সম্পূৰ্ণ হিন্দু ধৰ্মীয় পৰম্পৰাৰে মহিলাগৰাকীৰ শৱদেহ স্থানীয় শ্মশানখনত নি শেষকৃত্য সম্পন্ন কৰে। এয়াই হৈছে সাম্প্ৰদায়িক সম্প্ৰীতিৰ অসম। এয়াই হৈছে সুজলা সুফলা শস্য শ্যামলা অসমৰ সভ্যতা-সংস্কৃতি আৰু এয়াই হৈছে অসমীয়া সমাজ ব্যৱস্থা। যিসকল বিভেদকামী শক্তিয়ে হিন্দু-মুছলমানক ভাগ ভাগ কৰিব বিচাৰিছে, যিসকলে হিন্দু-মুছলমানৰ মাজত দুৰত্ব বৃদ্ধি কৰিবলৈ অহৰহ চেষ্টা কৰি আছে, যিসকলে সমাজত বিভেদৰ বীজ শোধন কৰি হিন্দু-মুছলমানৰ মাজত থকা যাউতিযুগীয়া সুমধুৰ সম্পৰ্কত তিক্ততা আনয়ণ কৰিব বিচাৰিছে, তেওঁলোকে ইয়াৰ পৰা শিক্ষা লবনে?… নললেও নাই, মৈৰাবাৰীৰ দৰে উদাৰ, মানৱতাবাদী তথা ধৰ্মনিৰপেক্ষ মতাদৰ্শৰ লোক থকালৈকে কোনেওঁ হিন্দু-মুছলমানৰ মাজত থকা সম্প্ৰীতি বিনষ্ট কৰিব নোৱাৰে। নোৱাৰে একতাৰ ডোলেৰে বান্ধ খাই থকা সমন্বয়ৰ সমাজখনক ঘৃণা, বিদ্বেষৰ ভাইৰাছেৰে তচনচ কৰিব। কাৰণ এয়া হৈছে বৈচিত্ৰৰ মাজত ঐক্যৰ বিশেষত্ব।
জুলহাছ আলী আহমেদ জাগীৰোড, মৰিগাঁও (অসম) R News India 24