Narendra Modi

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Ankit Motors Gogamukh

১/ ৱাছিমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী গৰাকী।
নাগাৰা বাদকৰ ৰূপত দেখা পোৱা যায় প্ৰধানমন্ত্ৰী মোদীক।

২/ আজিৰে পৰা কাম-কাজ আৰম্ভ ১৮ খন সম-জিলাৰ।
কামৰূপ মহানগৰ জিলাত গঠন হোৱা ৪ খন সম-জিলাৰ জালুকবাৰীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।

৩/ গ্ৰেণেডা গণৰাজ্যৰ বিদেশ মন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।
দেশখনৰ প্ৰধানমন্ত্ৰী, সংসদৰ অধ্যক্ষ, সভাপতিদ্বয় আৰু গৱৰ্ণৰ জেনেৰলক অসমীয়াৰ স্বাভিমান এখন ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

Pabitra Margherita

৪/ ৩ বছৰৰ ওপৰ কাল পালন কৰি অহা ৰাজ্যৰ ৮ হাজাৰখন দুৰ্গাপূজা সমিতিলৈ আৰ্থিক অনুদান।
প্ৰতিখন দুৰ্গাপূজা সমিতিক ১০ হাজাৰকৈ ধনৰাশি অনুদান হিচাপে প্ৰদান কৰা হ’ব৷
ঘোষণা মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মাৰ।

৫/ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুৰ অধ্যক্ষতাত ধেমাজি জিলাৰ কুলাজানত লখিমপুৰ লোকসভা সমষ্টিৰ সদস্যতা অভিযানৰ পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়।
সমষ্টিটোৰ সদস্যতা অভিযানৰ সকলো দিশৰ পৰ্যালোচনা কৰা হয়।
উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ কুমাৰ দলে, ভূৱন পেগু, মানৱ ডেকা, ৰূপেশ্ব গোৱালা আৰু বহু গণ্য মান্য ব্যক্তি।

৬/ আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
পুৱা ৭ বজাৰ পৰা ৯০ টা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ।
EVMত বন্দী হ’ব ১,০৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
ভাগ্য নিৰ্ণয় হ’ব নায়ব সিং ছৈনী, ভূপেন্দ্ৰ সিং হুদা, দুষ্মন্ত চৌতালাৰ।
প্ৰথমবাৰলৈ ভোটদান কৰে অলিম্পিকত পদক বিজয়ী ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰে।

৭/ শিৱসাগৰ জিলাত নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
উপস্থিত থাকে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা, জিলা আয়ুক্ত আয়ুস গাৰ্গ, নৱনিযুক্ত সমজিলা আয়ুক্ত কণিকা, নাজিৰা পৌৰসভাৰ অধ্যক্ষ বৰ্ণালী চুতীয়া।

৮/ পথ দুৰ্ঘটনাত আহত ব্যক্তিক সহায়ৰ হাত।
আহত যুৱকৰ পৰিস্থিতি বুজ লয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
ধলাইৰ পৰা শিলচৰ অভিমুখে আহি আছিল মন্ত্ৰীগৰাকী।
কনভয় ৰখাই আহত যুৱকৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।

৯/ ছিপাঝাৰৰ ধনমণি ডেকাৰ বাসগৃহত উপস্থিত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
ওৰাঙত বাঘৰ আক্ৰমণত মৃত্যু হৈছিল গৃহৰক্ষী জোৱান ধনমণি ডেকা।
বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।

১০/ অসমত বিৰোধী ঐক্যমঞ্চৰ নতুন নামকৰণ।
বিৰোধী ঐক্যমঞ্চৰ নতুন নাম ‘অসম সন্মিলিত মৰ্চা’ (অ.স.ম)।
ঘোষণা কৰে AJPৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

১১/ সম-জিলালৈ উন্নীত হ’ল মাহমৰা।
মৰাণহাটত মাহমৰা সম-জিলাৰ আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে।
মাহমৰাৰ লগতে মৰাণৰ এটা অংশৰ কাম সম্পন্ন হ’ব এই কাৰ্যালয়ত।
বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰসহ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে।

১২/ দুলীয়াজানত সম-জিলা উদ্বোধন কৰে মন্ত্ৰী বিমল বৰাই।
সম-জিলা উদ্বোধন কৰি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য মন্ত্ৰী গৰাকী।

১৩/ BPFৰ দুৰ্গত শক্তি প্ৰদৰ্শন UPPLৰ।
বনৰগাঁও পৰিষদীয় সমষ্টিত UPPLৰ বিশাল যোগদান সমাৰোহ।
BTR প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত এই যোগদান সমাৰোহ।

১৪/ ইজৰাইলৰ নিৰাপত্তাবাহিনীৰ সফল অভিযান।
৪ দিনত হিজবুল্লাহৰ ৫ বেটেলিয়ন ক’মাণ্ডাৰ নিহত হয়।
হিজবুল্লাহৰ ১০ কোম্পানী ক’মাণ্ডাৰক হত্যা কৰে।

১৫/ ৬ অক্টোবৰ তাৰিখে ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰথমখন T20 মেচ।

মেচৰ পূৰ্বে অনুশীলনত ব্যস্ত খেলুৱৈ সকল৷

গোৱালিয়ৰত সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচখন৷

১৬/ ৰাহুল গান্ধীলৈ আদালতৰ চমন।
২৩ অক্টোবৰৰ পূৰ্বে আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ ৰাহুল গান্ধীক।
মানহানিৰ গোচৰ সন্দৰ্ভত পুনেৰ এখন বিশেষ আদালতৰ চমন।
২০২৩ চনৰ মাৰ্চ মাহত লণ্ডনত দিয়া এক ভাষণত হিন্দুত্ববাদী মতাদৰ্শৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি বিনায়ক দামোদৰ সাৱৰকাৰৰ নাতি-নাতিনীয়ে বিগত বৰ্ষত ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰিছিল অপৰাধমূলক মানহানিৰ গোচৰ।
অপৰাধমূলক মানহানিৰ গোচৰ সন্দৰ্ভত পুনেৰ এখন বিশেষ আদালতে ৰাহুল গান্ধীক জাৰি কৰিছে চমন।

১৭/ ২০১৮ চনৰ ৫ অক্টোবৰ তাৰিখে গুৱাহাটীৰ দিশপুৰ লাষ্টগেটত প্ৰতিবন্ধীসকলৰ চলিছিল নিৰ্যাতন।
উক্ত দিনটোৰ কথা সোঁৱৰণ কৰি প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে পালন কৰে ক’লা দিৱস।

১৮/ ধেমাজি জিলা ন্যায়াধীশ আদালতৰ দুটা গুৰুত্বপূৰ্ণ ৰায়দান।
ধৰ্ষণৰ অপৰাধত অভিযুক্ত দুই অপৰাধীক ২৫ বছৰৰ কাৰাদণ্ডৰৰ নিৰ্দেশ।
নাবালিকাক ধৰ্ষণৰ অভিযুক্ত ৰাজীৱ মেদক, জীতেন বৰপাত্ৰগোঁহাইক কাৰাদণ্ড।

১৯/ অসমত গ্ৰেপ্তাৰ মৌলবাদী সংগঠন জইছ-ঈ-মহম্মদৰ ১০ দুৰ্ধৰ্ষ উগ্ৰপন্থী।
গোৱালপাৰাৰ পৰা ৯ জন হোজাইৰ পৰা এজনক গ্ৰেপ্তাৰ কৰে NIAৰ।
অসমত মৌলবাদী উগ্ৰপন্থীৰ এই তৎপৰতা তীব্ৰ উদ্বেগজনক আৰু প্ৰত্যাহ্বানমূলক বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই।

২০/ সোণাপুৰৰ কচুতলীত পুনৰ বেদখল৷
উচ্ছেদিত ভূমি পুনৰ দখল উচ্ছেদিতৰ৷ একাংশ উচ্ছেদিতই শিবিৰ সাজি কৰিছে বসতি৷
উচ্ছেদিতক শীঘ্ৰে স্থান ত্যাগৰ নিৰ্দেশ প্ৰশাসনৰ৷

Ankit Motors Gogamukh

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *