Himanta Biswa Sarma

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council

Ankit Motors Gogamukh

১/ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়(GMCH)ৰ প্ৰেক্ষাগৃহত স্বাস্থ্য আৰু শিক্ষা বিভাগৰ অধীনত ৩৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
উক্ত অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, স্বাস্থ্য বিভাগৰ আয়ুক্ত আৰু সচিব পি. অশোক বাবু, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ আৰু বহু গণ্য মান্য ব্যক্তি।

২/ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত ৰাজ্যিক পথ সুৰক্ষা সপ্তাহৰ আৰম্ভণি।
পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হয় এই পথ সুৰক্ষা সপ্তাহ।
৭ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ পথ সুৰক্ষা সপ্তাহ পালন কৰিব পৰিবহণ বিভাগে।
আজি পথ সুৰক্ষা সপ্তাহৰ আৰম্ভণি কৰি সকলোকে যান-বাহনৰ চালকক নিয়ম মানি বাহন চলাবলৈ আহ্বান জনায় মন্ত্ৰী কেশৱ মহন্তই।

৩/ মৰিগাঁও জিলাৰ আঁহতগুৰিত ড° ভীমৰাও আম্বেদকাৰ ভৱনৰ শুভ উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
লগতে ৰসৰাজ কোচিং চেণ্টাৰৰ এইবছৰৰ পাঠ্যক্ৰম আনুষ্ঠানিকভাৱে মুকলি কৰে।
অনুষ্ঠানত উপস্থিত থাকে বিধায়ক জিতু গোস্বামী, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, মৰিগাঁও আৰু নগাঁৱৰ জিলা আয়ুক্ত ক্ৰমে দেৱাশীষ শৰ্মা আৰু নৰেন্দ্ৰ কুমাৰ শ্বাহ, মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, মীন বিভাগৰ সঞ্চালক গৌৰী শংকৰ দাস, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ যুটীয়া সচিব হেমন্ত কুমাৰ পেগু।

৪/ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ কৃষি বিভাগৰ বিশেষ অনুষ্ঠান।
অনুষ্ঠানত কৃষি যন্ত্ৰপাতি, ৪ লাখ ভূমি স্বাস্থ্য-পত্ৰ বিতৰণ, কৃষি জ্ঞান কেন্দ্ৰ আৰু অনান্য আঁচনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, অসম বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, ৰাজ্যিক কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ জয়ন্ত ডেকা, ৰাজহ বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰিয়া, কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, সচিব তেজ প্ৰসাদ ভূষাল, কৃষি বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰী, বিশিষ্ট ব্যক্তিসকল আৰু ৰাইজ।

৫/ সুস্থ আছে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটা৷
সামাজিক মাধ্যমত স্বাস্থ্যৰ অৱনতি হোৱা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই প্ৰতিক্ৰিয়া টাটাৰ৷
“চিন্তাৰ কোনো কাৰণ নাই, বৰ্তমান মই সুস্থ”৷
ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈও আহ্বান জনাই ৰতন টাটাই৷
উল্লেখ্য যে, নিয়মিত স্বাস্থ্য পৰীক্ষাৰ বাবে উদ্যোগপতিগৰাকী চিকিৎসালয়ত গৈ থাকে বুলিও মন্তব্য কৰে৷

৬/ দুলীয়াজানত কেন্দ্ৰীয় কৰম সন্মিলন৷
অংশগ্ৰহণ কৰে সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
চাহ জনগোষ্ঠীয় লোকসকলৰ সৈতে ঝুমুৰ নৃত্য নাচে সোণোৱালে।

৭/ গোগামুখত কংগ্ৰেছৰ বিশাল যোগদান সমাৰোহ।
APCCৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত BJP, AGP আৰু গণশক্তি বহু লোকে কংগ্ৰেছ দলত যোগদান কৰে।

৮/ চিকিৎসা বিজ্ঞানৰ ২০২৪ বৰ্ষৰ ন’বেল বঁটা ঘোষণা৷
Victor Ambros and Gary Ruvkunলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল৷
আজিৰে পৰা ১৪ অক্টোবৰলৈ ঘোষণা হ’ব বিভিন্ন শিতানৰ নবেল বঁটা৷
৬টাকৈ শিতানত প্ৰদান কৰা হ’ব ন’বেল বঁটা৷
প্ৰতিবছৰৰ অক্টোবৰত ঘোষণা কৰা হয় ন’বেল বঁটাসমূহ৷

৯/ আজাৰাৰ নৱনিৰ্মিত মহামায়া মন্দিৰত উপস্থিত আশীষ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
পুনৰ নিৰ্মাণ কৰা মন্দিৰটোত আজিৰে পৰা আৰম্ভ হৈছে পূজা।

১০/ ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ADREৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ চতুৰ্থ আৰু পঞ্চম পেপাৰৰ OMR SHEET আৰু ANSWER KEY উপলব্ধ হ’ব ইণ্টাৰনেটত।
৮ অক্টোবৰৰ পৰা ২২ অক্টোবৰ লৈ উপলব্ধ হ’ব OMR SHEET আৰু ৯ অক্টোবৰৰ পৰা ANSWER KEY উপলব্ধ।
যদি কোনো লোকে ANSWER KEY প্ৰত্যাহ্বান জনাব খোজে ৯-১৮ অক্টোবৰলৈ জনাব পাৰিব।
X যোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

১১/ পাটাছাৰকুছি সমষ্টিত “মুখ্যমন্ত্ৰী সাহায্য পুঁজি” ৰ চেক বিতৰণ অনুষ্ঠান।
সমষ্টিটোৰ মুঠ ১৭০ গৰাকী ব্যক্তিক ১৪ লাখ টকাৰ “মুখ্যমন্ত্ৰী সাহায্য পুঁজি” ৰ চেক বিতৰণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

১২/ উত্তৰাখণ্ডৰ কৃষি, গ্ৰামোন্নয়ন ইত্যাদিৰ মন্ত্ৰী গণেশ জ’চিক তেওঁৰ বাসগৃহত উপস্থিত হৈ সাক্ষাৎ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
লগতে মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে।

১৩/ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে’ৰ মৃত্যু৷
হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় উপাধ্যক্ষগৰাকী।

১৪/ অৱশেষত শিক্ষাৰ্থীৰ দাবী মানি লয় গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
হোষ্টেল খালী কৰিবলৈ দিয়া নিৰ্দেশনা উঠাই লয় কৰ্তৃপক্ষই।
লিখিত নিৰ্দেশনাৰ জৰিয়তে বাতিল কৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

১৫/ জনতা ভৱনত অসম কলেজ শিক্ষক সন্থাৰ সভাপতি, সম্পাদকসহ প্ৰতিনিধিবৰ্গৰ সৈতে এখনি বৈঠক অনুষ্ঠিত কৰে।
বৈঠকত অসম কলেজ শিক্ষকৰ পদোন্নতি, দৰমহা সুৰক্ষা আদি সন্দৰ্ভত আলোচনা কৰা হয়।
বৈঠকত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ আৰু উচ্চ শিক্ষা বিভাগৰ সঞ্চালিকা পমি বৰুৱা।

১৬/ অনিৰ্দিষ্ট কাললৈ স্থগিত কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক পদৰ পুনৰ ভোট গণনা৷
ভোটগণনাৰ ক্ষেত্ৰত কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই বিচাৰিলে ন্যায়ালয়ৰ পৰামৰ্শ।
এটা ভোটত পৰাজিত হোৱাৰ পাছত কুলদীপ গৌতম শৰ্মাৰ সমৰ্থকে বিচাৰিছিল পুনৰ ভোট গণনা।
আনহাতে এটা ভোটত জয়ী হোৱা নীৰৱ হাজৰিকাৰ সমৰ্থকে বিৰোধিতা কৰিছিল পুনৰ ভোট গণনাৰ।

১৭/ ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ সংখ্যালঘু নেতা।
নগাঁও আৰক্ষীৰ জালত পৰে সংখ্যালঘু নেতা আবুবক্কৰ ছিদ্দিক।
সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছিল ছিদ্দিক।
জুৰীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে আবুবক্কৰ ছিদ্দিকক।
উজনিলৈ মিঞা যোৱাত বাধা দিয়াত মুখ্য ভূমিকা লৈছিল ছিদ্দিকে।

১৮/ গোসাইগাঁৱৰ চৰাইবিলত পিষ্টলসহ ৩জনক আটক৷
ধৃত প্ৰাণজিৎ টুডু, লক্ষণ মাৰ্দী, ডেৰিলিয়াছ মাৰ্দী।
বল্লামঝোৰা জানালি গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় পিষ্টল, খুকুৰি৷
ই-ৰিক্সাত লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে পিষ্টল, খুকুৰি৷

১৯/ ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰৰ অৱসৰ ঘোষণা।
সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰে জিমনাষ্টগৰাকীয়ে।

২০/ আজি বৰপেটা সত্ৰৰ নৱ-নিৰ্বাচিত পৰিচালনা সমিতিৰ শপত গ্ৰহণ।
নৱ-নিৰ্বাচিত সদস্যসকলে মঠৰ চোতালত সেৱা লৈ পাঠ কৰে শপত বাক্য।

Ankit Motors Gogamukh

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *