দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ নতুন দিল্লীত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে প্ৰদান কৰে বঁটাসমূহ-
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰে অভিনেত্ৰী আইমী বৰুৱাই।
আইমী বৰুৱা পৰিচালিত ‘বিৰুবালা- উইটচ টু পদ্মশ্ৰী’লৈ বিচাৰকৰ বাবে লাভ কৰে এই বিশেষ বঁটা ।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰে পাৰ্থ সাৰথি মহন্তই।
‘হাড়গিলা’ তথ্যচিত্ৰৰ বাবে বাবে লাভ কৰে এই বিশেষ বঁটা ।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰে অভিনেতা মনোজ বাজপেয়ী।
হিন্দী ছবি ‘গোলমোহৰ’ত কৰা অভিনয়ৰ বাবে লাভ কৰে এই বিশেষ বঁটা।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰে অভিনেতা ঋষভ চেট্টীয়ে।
‘কান্তাৰা’ ছবিত কৰা অভিনয়ৰ বাবে ঋষভ চেট্টীলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হয়।
যশস্বী অভিনেতা মিঠুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা।
ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আগবঢোৱা হয় এই বিশেষ বঁটা।
২/ ২০২৪ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা ঘোষণা।
জন জে হপফিল্ড আৰু জেফ্ৰি ই হিণ্টনলৈ আগবঢ়োৱা হৈছে পদাৰ্থ বিজ্ঞানৰ ন’বেল।
৩/ গল্পকাৰ পাপৰি বৰ্মনলৈ ২০২৪ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা।
“পৰুৱা পোহনীয়া” শীৰ্ষক গল্প সংকলনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।
৪/ ভাস্কৰ্য শিল্পী সোণাৰাম নাথলৈ ‘নীলপৱন বৰুৱা বঁটা-২০২৪।
বেলতলাৰ লক্ষ্মী মন্দিৰত প্রদান কৰে এই বঁটা।
৫/ ঝাৰখণ্ডত NRC ৰূপায়ণৰ পৰিকল্পনা।
ঝাৰখণ্ডত বিজেপিয়ে চৰকাৰ গঠন কৰিলে NRC ৰূপায়ণৰ পৰিকল্পনা।
এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে।
৬/ ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷
এখন ঠেলাত বহি ঠেলাচালকৰ সৈতে মতবিনিময় কৰে মন্ত্ৰীগৰাকীয়ে৷
লগতে শৈশৱত পুৰী-ভাজি খোৱাৰ কথাও স্মৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
৭/ হাৰিয়ানা, জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ৷
পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগণনা৷
পোষ্টেল বেলটেৰে আৰম্ভ হয় ভোটগণনা ৷
হাৰিয়ানাৰ জুলানা সমষ্টিত জয়লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থী মল্লযুঁজাৰু ভিনেশ ফোগাটে।
৮/ জম্মু-কাশ্মীৰত পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ওমৰ আব্দুল্লা৷
ফাৰুক আব্দুল্লাই সদৰী কৰে এই তথ্য৷
৯/ অসম আন্দোলনত প্ৰাণাহুতি দিয়া মহান শ্বহীদসকলৰ স্মৃতিত গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মাণ হৈ থকা শ্বহীদ স্মাৰক আৰু শ্বহীদ উদ্যানৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই।
১০/ কোকৰাঝাৰত CHILD FRIENDLY BTR শীৰ্ষক অনুষ্ঠান।
BTRৰ মুৰব্বী প্ৰমোদ বড়োৰ উপস্থিতিত এই কাৰ্যসূচী।
MV ফাউণ্ডেচনৰ ৰাষ্ট্ৰীয় সমন্বয়ক ভেংকট ৰেড্ডী, UNICEFৰ শিশু বিশেষজ্ঞ লক্ষ্মীনাৰায়ণ নন্দা আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
১১/ নাওবৈচাত উপস্থিত বিধায়ক অখিল গগৈ।
এখনি বিশাল ৰাজহুৱা সভাত অংশগ্ৰহন কৰে বিধায়ক গৰাকী।
১২/ ট্ৰেডিং কেলেংকাৰিৰ তদন্তৰ দায়িত্ব ল’লে CBIএ
ট্ৰেডিং কেলেংকাৰিৰ ৪১টা পঞ্জীয়ভুক্ত গোচৰ ল’লে CBIএ
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।
১৩/ দিছপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।
বৈঠকত বসুন্ধৰা ৩.০ ৰাজ্যত আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।
১৯ অক্টোবৰত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব বসুন্ধৰা ৩.০
১৪/ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত RED RUN MARTHON 2024।
CELL গুৱাহাটীৰ উদ্যোগত আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সহযোগ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ফ্লেগ অফ কৰে মন্ত্ৰী নন্দিতা গাৰ্লোছাই।
১৫ খন বিশ্ববিদ্যালয়ৰ প্ৰায় ২০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে উক্ত প্ৰতিযোগিতাখনত।
১৫/ কৃষ্ণমণি চুতীয়াক অসম নগৰ পয়-প্ৰণালী পৰিষদৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হয়।
১৬/ গুৱাহাটীত দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম।
আমিনগাঁৱত নিৰ্মাণ হৈ আছে অত্যাধুনিক ষ্টেডিয়ামখন ।
২০২৬ চনৰ মাৰ্চত ষ্টেডিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য।
১৭/ বকোত ড্ৰাগছৰ বিৰুদ্ধে STFৰ অভিযান।
আৰক্ষীয়ে জব্দ কৰে ৩০১ গ্ৰাম হেৰ’ইন।
২২০ টা কন্টেইনাৰত ভৰাই আনিছিল ড্ৰাগছ খিনি।
আৰক্ষীয়ে আটক কৰে হামিন আলি নামৰ এটা সৰবৰাহকাৰীক।
১৮/ মহানগৰীৰ সুন্দৰপুৰত নকল নোটৰ বিৰুদ্ধে STFৰ অভিযান।
২৩ হাজাৰ টকাৰ নকল নোট জব্দ কৰে STF-এ। অভিযানত আটক কৰে মেঘালয়ৰ ৩ নকল নোট সৰবৰাহকাৰী।
১৯/ নামনি মাজুলীৰ মলয়া চাপৰি ঘাটত অঘটন।
নাৱৰ পৰা পৰি সন্ধানহীন লংকেশ্বৰ কুলি নামৰ এজন লোক।
ঘৰ কুলিচাপৰি গাঁৱত।
২০/ মহানগৰীত গ্রেপ্তাৰ ভুৱা আৰক্ষী সঞ্জয় বৈশ্য।
হাতীগাঁৱৰ পৰা জালুকবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰে অভিযুক্তক।
Sangita Dutta Editor in Chief Rnewsindia24.com