Mising Autonomous Council

Kapé MAC

Spread the love

 

Mising Autonomous Council

 

■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত ০৮/০১/২০২৫ পৰা

গুৱাহাটী খানাপাৰা পশুস্বাস্থ্য কেন্দ্ৰ খেলপথাৰত পাঁচ দিনীয়াকৈ “ষষ্ঠদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা ২০২৫” অনুষ্ঠিত কৰে।

উদ্ধোধনী অনুষ্ঠানটিৰ সঞ্চালনা কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য জহান দলেয়ে।

মুখ্য অতিথি হিচাপে উপস্থিত থাকি হস্ততাঁত বস্ত্ৰমেলাৰ শুভ উদ্ধোধন কৰে পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুমে।

সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ কাৰ্য্যবাহী সদস্যা ইন্দিৰা চিন্তে কুম্বাং, সাধাৰণ সদস্যা লাৱণ্য মিলি।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ACS, অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগ সঞ্চালক উদয়াদিত্য গগৈ, যুটীয়া সঞ্চালক অশ্বিন নামপ্যোই, অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া ড° পজ্বল লয়িং, সদৌ গুৱাহাটী মিচিং কেবাঙৰ সাধাৰণ সম্পাদক গণেশ পেগু, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক উমা তালুকদাৰ, গুৱাহাটী TMPK ৰ সভাপতি চেদ্ৰিক লাগাচু, গুৱাহাটী MMK ৰ সভাপতি ৰাজকুমাৰ পেগু, TMMK গুৱাহাটীৰ সম্পাদীকা অনিমা পেগু।

১২/০১/২০২৫ তাৰিখ অৰ্থাৎ

সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ হস্ত্ৰতাঁত বস্ত্ৰ বিভাগৰ কাৰ্য্যবাহী সদস্যা ইন্দিৰা কুম্বাং।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ত্ৰৈলোক্য পামেগাম, সাধাৰণ সদস্যা লাৱণ্য মিলি, TAS বিষয়া, অসম চৰকাৰৰ সচিব বিনিতা পেগু, ACS অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক অনিল চন্দ্ৰ দেউৰী আৰু যুটীয়া সঞ্চালক পবিত্ৰ পাথাৰ, গুৱাহাটী মিচিং কেবাঙৰ সভাপতি উকেন পেগু, সম্পাদক গনেশ পেগু, বিশিষ্ট মিচিং বোলছবি পৰিচালক ড’ ভূপেন্দ্ৰ কামান।

■ অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ পায়া গাঁৱত ১০ জানুৱাৰী তাৰিখৰ পৰা ১৩/০১/২০২৫ তাৰিখলৈ চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে “Galo_Welfare_Society” ৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লগতে “গালো খাদ্য উৎসৱ” অনুষ্ঠিত কৰে।

শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে।

সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অসম ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী।

উক্ত অনুষ্ঠানত উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী বালো ৰাজা, উপাধ্যক্ষ কাৰ্দো নিগ্যোৰ, ৩০ নং পশ্চিম আলৰ বিধায়ক টপিন এটে, গালো জনগোষ্ঠীৰ সমূহ বিধায়ক, GWS ৰ সভাপতি / সম্পাদক আৰু সমূহ বিষয়ববীয়া, GWSৰ স্মৃতিগ্ৰন্থ সমিতিৰ বিষয়ববীয়া, অৰুণাচল প্ৰদেশৰ বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়া, গালো জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিসকল আৰু পায়াবাসী ৰাইজ।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ গালো জনগোষ্ঠীৰ চহকী ঐতিহ্য-সংস্কৃতি আৰু চিৰসেউজ পাহাৰ, বগা ডাৱৰে আবৃত সুউচ্চ পৰ্বতমালা, গভীৰ অৰণ্য, জলপ্ৰপাত, স্ফটিকৰ দৰে উজ্জ্বলি থকা নদ-নদীৰ নিৰ্মল জলৰাশিৰ

অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে বিভিন্ন ধৰণৰ থলুৱা খাদ্য গ্ৰহণ কৰি অভিভূত হয় মুখ্য কাৰ্য্যবাহী সদস্য গৰাকী।

■ ০৭/০১/২০২৫ তাৰিখে বিভিন্ন চৰকাৰী কাৰ্য্যসূচীৰে ধেমাজি জিলালৈ অহা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ সৈতে বিশেষ আলোচনাত মিলিত হয়।

■ ১১/০১/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে লখিমপুৰত নিৰ্মাণ কৰা ‘মিব অকুম’ টি পৰিদৰ্শন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

ভৱনটি ছাত্ৰাবাস হিচাবে উচৰ্গিত কৰিব।

২০ জানুৱাৰীৰ আগেয়ে হস্তান্তৰ কৰিব পৰিষদে।

আনহাতে, ৰঙানদী পৰিষদীয় সমষ্টিৰ সমূহীয়া সমল কেন্দ্ৰ (Common Facility Centre) ৰ নিৰ্মাণ কাৰ্য্যৰ পৰিদৰ্শন কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।

■ ধেমাজি জিলাৰ কাছাৰী ময়দানত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে “আত্মনিৰ্ভৰ ধেমাজি” শীৰ্ষক অনুষ্ঠান।

যোৱা ইংৰাজী ১১/০১/২০২৫ অৰ্থাৎ দ্বিতীয় নিশাৰ সাংস্কৃতিক সন্ধিয়া কাৰ্য্যসূচী উদ্ধোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰা আত্মসহায়ক গোট, বিভিন্ন উৎপাদক অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ উৎপাদিত সামগ্ৰীৰ বিপনী সমূহ পৰিদৰ্শন কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য দেৱৰঞ্জন মৰাং, সাধাৰণ সদস্য বানিকান্ত দলে, ধেমাজি জিলাৰ বিশিষ্ট ব্যক্তি সকল।

■ ০৮/০১/২০২৫ তাৰিখে সন্মিলিত গণশক্তি অসমৰ গোলাঘাট জিলা শক্তি আৰু TMPK, MMK, TMMK গোলাঘাট জিলা সমিতিৰ উদ্যোগত বোকাখাত নাট্য মন্দিৰত “দলীয় সাংগঠনিক কৰ্মশালা” অনুষ্ঠিত কৰে।

উক্ত কৰ্মশালাত সমল‌ ব্যক্তি হিচাপে উপস্থিত থাকে সন্মিলিত গণশক্তি অসমৰ সভাপতি তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

উপস্থিত থাকে গোলাঘাট জিলা শক্তিৰ সভাপতি/সম্পাদক, TMPK MMK TMMK গোলাঘাট জিলা সমিতিৰ বিষয়ববীয়া, বিশিষ্ট সমাজকৰ্মী সকল আৰু স্থানীয় ৰাইজ।

MAC ৰ খবৰ সমূহ জানিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব Rnewsindia24.com

ধন্যবাদ।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *