“হেৰুওৱা স্মৃতি বিচাৰি”
“হেৰুওৱা স্মৃতি বিচাৰি”
Assam December 13: তেজপুৰৰ ঘোৰামাৰী অঞ্চলৰ হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় । গণকণ্ঠ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা মমী ভৰালীৰ ” হেৰুওৱা স্মৃতি বিচাৰি ” নামৰ উপন্যাস খন উন্মোচন কৰা হয় । উপন্যাস খন উন্মোচন কৰে সাহিত্য একাদেমী বটা প্ৰাপ্ত সাহিত্যিক লিখক গোপী নাথ ব্ৰহ্ম ডাঙৰীয়াই । গ্ৰন্থ উন্মোচন কৰি ব্ৰহ্ম ডাঙৰীয়াই ভাৰতবৰ্ষৰ বিভিন্ন সাহিত্য চহকী ভাষাৰ মূল্যবান গ্ৰন্থ বড়ো ভাষালৈ অনুবাদ কৰা কৰ্মৰাজি তথা সাহিত্য একাডেমী বটা প্ৰাপ্তৰ বৰ্ণিল যাত্ৰাৰ অনুভৱ প্ৰকাশ কৰে । আনহাতে ” গণকণ্ঠ ” ৰ সম্পাদক হেমন্ত কলিতাই “গণকণ্ঠ” আলোচনী তথা “গণকণ্ঠ প্ৰকাশনৰ জড়িয়তে সুস্থ মানৱ সমাজ নিৰ্মাণৰ পৰিবেশ তৈয়াৰ কৰিব পৰা সামাজিক দায়বদ্ধশীল ন-লিখাৰু সাহিত্য সৈনিক সৃষ্টি কৰা উদ্দেশ্য সম্পৰ্কে উল্লেখ কৰে । শতাধিক ছাত্ৰ – শিক্ষক উপস্থিত থকা গ্ৰন্থ উন্মোচনী সভাৰ সু-স্বপ্না হাজৰিকাই আতধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষক তথা সমাজ সেৱক বকুল বৰা , শিক্ষক তথা কবি গকুল কৃষ্ণ দাস , পল্লৱী কাকতিকে বহু কেইজন সমাজ সচেতন ব্যক্তি ।
By: R News India 24

