অভিভাৱকত্ব কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষ সম্বৰ্ধনা অনুষ্ঠান।

Spread the love

১৪ মে ২০২৫ তাৰিখে
ধেমাজিৰ কাড়িচুকস্থিত মিচিং আগম কৌবাঙৰ সভাকক্ষত অভিভাৱকত্ব শিক্ষা অধ্যয়ন চক্ৰ, ধেমাজিৰ উদ্যোগত বিশেষ সম্বৰ্ধনা আৰু মতবিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে।

অভিভাৱকত্ব শিক্ষা অধ্যয়ন চক্ৰ

অনুষ্ঠানটিৰ কেন্দ্ৰবিন্দু আছিল- অভিভাৱকসকলৰ পৰিপক্ক সহায় আৰু সঠিক পথনির্দেশে কিদৰে সন্তানৰ শিক্ষা যাত্ৰাত সফলতা অনাৰ পথ সুগম কৰে।

উক্ত অনুষ্ঠানত সদ্যঘোষিত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত গৌৰৱ কঢ়িয়াই অনা বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ ছাত্ৰ সুদৰ্শন দাস (৯৭.৬%) আৰু মাডাৰ্ছ প্ৰাইড বিদ্যালয়ৰ কুন্দন লেখন গগৈ (৯৫.৮%) ক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।অভিভাৱকত্ব শিক্ষা অধ্যয়ন চক্ৰ

৯৭.৬ প্ৰাপ্ত সুদৰ্শন দাসৰ মাতৃ তথা ঘিলামৰা নৰ্থবেং মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপিকা ড° শিখাৰাণী হাজৰিকাই অভিভাৱক হিচাপে নিজৰ দায়িত্ব পালনৰ অভিজ্ঞতা আৰু অধ্যয়ন অনুকূল পৰিৱেশ গঠনত তেখেতৰ ভূমিকা প্ৰকাশ কৰি অভিভাৱকসকলৰ বাবে এটি অনুপ্ৰেৰণাদায়ক দৃষ্টান্ত স্থাপন কৰে।

অভিভাৱকত্ব শিক্ষা অধ্যয়ন চক্ৰ
তেওঁৰ বক্তব্যত পঢ়াৰ পৰিসৰ, সময় ব্যৱস্থাপনা আৰু মানসিক সহযোগিতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে।

অন্যহাতে, ৯৫.৮ নম্বৰ প্ৰাপ্ত কুন্দন লেখন গগৈয়ে তেওঁৰ অধ্যয়ন কৌশল আৰু মনোবল দৃঢ় কৰাৰ পদ্ধতিসমূহ উপস্থাপন কৰি আগম টিউচন কেন্দ্ৰ শিকাৰুসকলক অনুপ্ৰাণিত কৰে।
তেওঁ প্ৰকাশ কৰে যে, তেওঁৰ কৃতিত্বৰ বাবে মাতৃ আকাশবন্তী গগৈ আৰু পিতৃ ড° লেখন গগৈৰ সদায় উৎসাহব্যঞ্জক সহায় আছিল।

অভিভাৱকত্ব শিক্ষা অধ্যয়ন চক্ৰ

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ মনোজ শৰ্মা, ধেমাজি শিক্ষাখণ্ডৰ সমল ব্যক্তি কনক গগৈ, মিচিং আগম কৌবাংৰ সাধাৰণ সম্পাদক সোমেশ্বৰ কপ্তাক আৰু শিক্ষক হেমচন্দ্ৰ কছাৰী।

অনুষ্ঠানত উপস্থিত সকলোৱে মতপোষণ কৰে যে, অভিভাৱকসকলৰ সজাগতা, দায়িত্বশীলতা আৰু ধৈৰ্যই সন্তানৰ ভবিষ্যৎ নিৰ্মাণত নিৰ্ধাৰক ভূমিকা পালন কৰে।
শিক্ষা কেৱল বিদ্যালয় বা টিউচনৰ কৰ্ম নহয়; ই অভিভাৱকৰ দৈনিক সহায়, সদায় উৎসাহ আৰু সঠিক দিশা প্ৰদৰ্শনৰ সৈতে অখণ্ড এক প্ৰক্ৰিয়া।
এইধৰণৰ অনুষ্ঠান শিক্ষিত সমাজ গঠনৰ বাবে এক অনুকৰণীয় পদক্ষেপ হিচাপে বিবেচিত হব পাৰে।

অনুষ্ঠানৰ অন্তত, আয়োজকসকলৰ হৈ অশোক দলে, নৱজিত বৰদলৈ, কল্পনা পেগু, ৰশ্মি দলে আৰু ইন্দ্ৰজিত গামে উপস্থিত সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *