সদৌ ডায়েট বিষয়া সন্থাৰ কৰ্মবিধি সংকুচিতকৰণৰ বিৰোধিতা। - R News India 24
Skip to content
২০ ডিচেম্বৰ ২০২৫ তাৰিখে সদৌ অসম ডায়েট বিষয়া সন্থাই ডায়েট বিষয়াৰ কৰ্মবিধি সংকুচিতকৰণৰ বিৰোধিতাৰে এচ.চি.ই.আৰ.টি (SCERT) ৰ সঞ্চালক নিৰদা দেৱীক স্মাৰকপত্ৰ প্ৰদান কৰে।
বিষয়া সন্থাৰ তৰফৰ পৰা জনোৱা মতে, যি সময়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ডায়েটসমূহক উৎকৰ্ষতাৰ কেন্দ্ৰৰূপে গঢ়ি তুলিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে উদ্যোগ লৈছে, সেই সময়ত ডায়েটৰ ৰাজপত্ৰিত আৰু অনাশিক্ষক বিষয়া কৰ্মচাৰীক স্কুলৰ কৰ্মবিধিৰ সৈতে সাঙুৰি শিক্ষাসেতু এপ ৰূপায়ণ কৰাৰ উদ্দেশ্যে এক ভাৰ্চুৱেল সভা অনুষ্ঠিত কৰি মৌখিক নিৰ্দেশ দিছিল সঞ্চালকগৰাকীয়ে।
ডায়েট হৈছে জিলা এখনৰ শিক্ষক প্ৰশিক্ষণৰ মূল ন’ডেল সংস্থা।
ইয়াৰ বিষয়ামণ্ডলীৰ মূল কাম হৈছে ইতিমধ্যে চলি থকা এচ.চি.ই.আৰ.টিৰ অধীনৰ ডি.এল.এড কো’ৰ্ছ আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ বি এড কো’ৰ্ছৰ নিয়মীয়া পাঠদান, স্কুল শিক্ষকৰ নিয়মীয়া প্ৰশিক্ষণ, গৱেষণা, বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠান তথা চৰকাৰী সংস্থাৰ সৈতে সহযোগিতামূলক কৰ্ম, স্কুলসমূহৰ শৈক্ষিক পৰিদৰ্শন, এচ.চি.ই.আৰ.টিত শৈক্ষিক কাৰ্যত সহযোগ আৰু অন্যান্য জিলা পৰ্যায়ৰ বহুমাত্ৰিক কাম কাজ।
স্কুল শিক্ষা আৰু উচ্চ শিক্ষা- দুয়োটা পৰ্যায়তে ইমানবোৰ ক্ষেত্ৰভিত্তিক কাম থকা স্বত্ত্বেও ডায়েট বিষয়াসকলক আক্ৰোশমূলকভাৱে শিক্ষাসেতুৰ আওতাত আনি সমগ্ৰ কামৰ পৰিসৰটোকে নস্যাৎ কৰাৰ কৌশল অৱলম্বন কৰিছে।
স্মৰ্তব্য যে, যি সময়ত ডায়েটৰ প্ৰৱক্তাসকলৰ সংগঠনটোৱে শৈক্ষিক কৰ্ম আৰু পদবীৰ সৈতে সংযুক্ত বিষয়সমূহৰ উত্তৰণ বিচাৰি শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৰ সৈতে কেইবালানি আলোচনাত মিলিত হৈছে, চৰকাৰেও সদিচ্ছা প্ৰকাশ কৰি আহিছে।
সেই সময়তে, এচ.চি.ই.আৰ.টিৰ সঞ্চালকগৰাকীয়ে সমগ্ৰ ডায়েট বিষয়াসকলৰ প্ৰতি এনে মনোভাৱ পোষণ কৰাত ক্ষোভ প্ৰকাশ কৰিছে বিষয়া সন্থাই।
এইক্ষেত্ৰত বিষয়াসন্থাৰ প্ৰতিনিধিবৰ্গই জনায় যে, চৰকাৰে এই বিষয়াসকলৰ কৰ্মপঞ্জীৰ ব্যক্তিনিষ্ঠ প্ৰতিবেদন প্ৰতি মাহতে গ্ৰহণ কৰক।
উপস্থিতিৰ বায়’মেট্ৰিক তথ্য আৰু ক্ষেত্ৰভিত্তিক কামৰ খতিয়ান মাহেকীয়াকৈ গ্ৰহণ কৰক।
কিন্তু স্কুলৰ শিক্ষকসকলৰ কামৰ ধৰণৰ লগত একাকাৰ কৰি শিক্ষাসেতু এপৰ জৰিয়তে কেৱল উপস্থিতিৰ তথ্য গ্ৰহণ কৰিলে ডায়েটৰ ক্ষেত্ৰভিত্তিক কৰ্ম আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সম্প্ৰসাৰিত কামকাজবোৰ ক্ষতিগ্ৰস্ত হ’ব।
দিনৰ ৯-৫ বজালৈকে প্ৰতিষ্ঠানত বহি থকাটোৱেই ডায়েট বিষয়াৰ কাম নহয়, এয়া সম্পূৰ্ণ কাৰ্যপ্ৰণালীৰে স্ববিৰোধ।
সেয়ে এক উৎসৰ্গিত আৰু আছুতীয়া ব্যৱস্থাৰ জৰিয়তে এই ৰাজপত্ৰিত তথা অন্যান্য কৰ্মচাৰীসকলৰ কামৰ খতিয়ান লোৱা উচিত বুলি সন্থাই ঐক্যমত পোষণ কৰে।
ইতিমধ্যে প্ৰদান কৰা স্মাৰকপত্ৰত অসমৰ ২৭ খন ডায়েটৰ সদস্যসকলে লিখিতভাৱে ঐক্যমত পোষণ কৰে।
য’ত এগৰাকী ৰাজপত্ৰিত বিষয়াৰ কৰ্মগাঠনি সম্প্ৰসাৰিত, তেনে অৱস্থাত এ.চি.ই.আৰ.টিৰ সঞ্চালক নিৰদা দেৱীয়ে সৰ্বশিক্ষাৰ মিছন সঞ্চালকগৰাকীক তথা সমগ্ৰ চৰকাৰী ব্যৱস্থাটোক কি ধৰণে ব্যাখ্যা কৰিছে, সেয়া এক বহুমূলীয়া প্ৰশ্ন।
অথচ নিজৰ জিলাৰ কামৰ উপৰিও স্বয়ং এচ.চি.ই.আৰ.টিৰ ৰাজ্যিক পৰ্যায়ৰো প্ৰায়বোৰ শৈক্ষিক কামৰ মূল অংশীদাৰ এই ডায়েট বিষয়াসকল, তেনে অৱস্থাত কেৱল এটা বিশেষ গোটৰ অৱনমনমূলক চিন্তাৰ পৰিপ্ৰেক্ষিতত ডায়েট বিষয়াসকলৰ প্ৰতি খোজত সামূহিক উন্নতি বাধাপ্ৰাপ্ত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে।
এইক্ষেত্ৰত চৰকাৰে সন্থাৰ দ্বাৰা উল্লেখিত বিষয়বোৰ বিবেচনা কৰি চাবলৈ অনুৰোধ জনাইছে।
সন্থাৰ প্ৰতিনিধিবৰ্গই জনাই যে, ডায়েট বিষয়া সন্থাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৰ বিশাল কৰ্মসংস্কাৰৰ সমৰ্থনত সদায় আছে।
কিন্তু উদ্দেশ্যপ্ৰণোদিতভাবে এ.চি.ই.আৰ.টিৰ সঞ্চালকগৰাকীয়ে স্কুলৰ শিক্ষকৰ বাবে উৎসৰ্গিত শিক্ষাসেতু এপৰ ৰূপায়ণেৰে ডায়েটৰ কৰ্মপ্ৰণালী কি ৰূপত তুলি ধৰিছে, সেয়া লক্ষ্যনীয়।
এক ন্যস্ত স্বাৰ্থজড়িত গোটে অহৰহ ডায়েট প্ৰৱক্তাৰ সামূহিক উন্নতি বাধা দিয়াৰ চেষ্টাক চৰকাৰে মন কৰা উচিত।
এনে হ’লে গুণগত উপস্থিতিতকৈ কেৱল পুৱাৰ পৰা ডায়েট চৌহদত বহি থকাটোৰ দ্বাৰা ডায়েটৰ বহুমাত্ৰিক কামৰ গোটেই মডেলটোৱেই নস্যাৎ কৰা হ’ব।
গতিকে গোটেই দিশটোত শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে সদৌ অসম ডায়েট বিষয়া সন্থাই ।
অন্যথা সমগ্ৰ অসমৰ ২৭ খন জিলাত অৱস্থিত ডায়েট সমূহত কৰ্মৰত ৰাজপত্ৰিত বিষয়া সদস্য সকলৰ সহযোগত অসহযোগীতামূলক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হব।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
Follow – Subscribe কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।