Mising Autonomous Council

Kapé MAC

Spread the love

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী বৈঠক।

০৫/০৮/২০২৬ তাৰিখে পৰিষদৰ সভাকক্ষত পৰিষদৰ কাৰ্য্যবাহী বৈঠক অনুষ্ঠিত কৰে।

পৰিষদৰ উদ্যোগত উদযাপন কৰিবলগীয়া ৮০ সংখ্যক স্বাধীনতা দিৱস, মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগে গ্ৰহণ কৰা পৰিকল্পনা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ জৰিয়তে অনুষ্ঠিত কৰিবলগীয়া ফুটবল প্ৰশিক্ষণৰ বিষয়ে বিশেষভাৱে উক্ত বৈঠকত আলোচনা কৰে।

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্য্যবাহী বৈঠকত উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, মুখ্য সচিব যাদৱ পেগু সমূহ কাৰ্য্যবাহী সদস্য/সদস্যা।

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত ২০২৭ চনৰ লোকপিয়লৰ বাবে আত্মগণনা কৰ্মশালা।

০৫/০৮ ২০২৬ তাৰিখে গোগামুখ চেতিয়া গাঁৱস্থিত RLRC প্ৰেক্ষাগৃহত মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত ‘২০২৭ চনৰ লোকপিয়লৰ বাবে আত্মগণনা’ সম্পৰ্কে এদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰে।

উক্ত কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

সমল ব্যক্তি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অসম লোকপিয়ল সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক প্ৰশান্ত কুমাৰ, গোগামুখৰ চক্ৰ বিষয়া ড° অনামিকা গগৈ আৰু সোন্ধৰ চেতিয়া।

উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, সমূহ কাৰ্য্যবাহী আৰু সাধাৰণ সদস্য/সদস্যা, মুখ্য সচিব যাদৱ পেগু, MMK, TMMK, TMPK ৰ কেন্দ্ৰীয় সভাপতি/সম্পাদক আৰু জিলাৰ অন্যান্য বিষয়ববীয়া।

® ৩৩নং যোৰহাট পৰিষদীয় সমষ্টিত নিৰ্মান কৰা আঁচনিৰ শুভ উদ্বোধন।

০৬/০৮/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে ৩৩নং যোৰহাট পৰিষদীয় সমষ্টিত নিৰ্মান কৰা আঁচনিৰ শুভ উদ্বোধন কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলেয়ে।

আঁচনিসমূহ ক্ৰমে –

ক) ৬ লাখ টকা ব্যয়ৰে কাকতিচুক গাৱঁৰ আঞ্চলিক দুৰ্গা মন্দিৰৰ নতুন পূজাগৃহ।

খ) ৫ লাখ টকা ব্যয়ৰে ছ’গুৰি গাঁৱৰ নামঘৰৰ আন্তঃগাঁথনি উন্নীতকৰণ।

 গ) ১০ লাখ টকা ব্যয়ৰে উজনি ছ’গুৰি গাঁৱৰ মুৰং।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে ১নং পৰ্বতীয়াৰ জিলা পৰিষদৰ সদস্যা ললিতা পেগু, ৪০ নং উত্তৰ পৰ্বতীয়া গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা ৰিমঝিম দলে, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত বৈজ্ঞানিক ভিত্তিত পশুপালনৰ ওপৰত আৱাসিক প্ৰশিক্ষণ।

০৬/০৮/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত বৈজ্ঞানিক ভিত্তিত গাহৰি পালন, হাঁহ-কুকুৰা পালন, ছাগলী পালন আৰু দুগ্ধ উৎপাদন তথা গৰু পালনৰ ওপৰত ৩ দিনীয়া আৱাসিক প্ৰশিক্ষণ অনুষ্ঠিত কৰে।

উক্ত কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে।

শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী ডীন ডাঃ সৌৰভ কুমাৰ লস্কৰ, পৰিষদ আৰু মহাবিদ্যালয়ৰ অন্যান্য বিষয়ববীয়া আৰু প্ৰশিক্ষাৰ্থী সকল।

® MAC‌ৰ পুঁজিৰে নিৰ্মাণ কৰা আঁচনিৰ শুভ উদ্বোধন অধ্যক্ষ সুনীল কুমাৰ পেগুৰ।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পুঁজিৰে নিৰ্মাণ কৰা পূৱ ঢকুৱাখনা জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উক্ত বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ধনিৰাম দলে, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাতুল দত্ত, TMPK জিলা উপ-সভাপতি মুকুল লাগাছু, MMKৰ কেন্দ্ৰীয় সদস্য মোহন পেগু, TMPKৰ কেন্দ্ৰীয় সদস্য বৃগেন দলে, ভীষ্ম চুংক্ৰাং, আঞ্চলিক পঞ্চায়তৰ সদস্য অমৃত দলে, সমাজকৰ্মী ঘন কুলি, প্ৰদীপ দলে, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পুষ্প কুটুম, বিদ্যালয়ৰ শিক্ষকবৃন্দ, ছাত্ৰ-ছাত্ৰী, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® অসম-অৰুণাচল সীমান্তৰ গোগামুখ মিংমাং বদতিত সংঘটিত হোৱা বিবাদক লৈ বিশেষ সভা।

গোগামুখ মিংমাং বদতি আৰু অৰুণাচলৰ হিমে বস্তিৰ মাজত ভূমিৰ সীমা বিবাদক লৈ সংঘটিত হোৱা গুলীচালনা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

লগতে আইনী তদন্তৰ জৰিয়তে ঘটনাৰ সম্পূৰ্ণ সত্য উদ্ঘাটনেৰে দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক আহ্বান জনাই।

১০/০৮/২০২৬ তাৰিখে ঘটনাস্থলী অৰ্থাৎ মিংমাং বদতি গাঁৱৰ ৰাইজৰ সৈতে বিশেষ আলোচনাত মিলিত হৈ বিবাদ সম্পৰ্কে মত বিনিময় কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে।

লগতে উক্ত ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিসকলক উন্নত চিকিৎসাৰ বাবে MACৰ তৰফৰ পৰা প্ৰয়োজন সাপেক্ষে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

আনহাতে, অৰুণাচলৰ হিমে গাৱঁৰ ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ উল্লেখিত বিবাদ শান্তিপূৰ্ণ সমাধানৰ বাবে দুয়ো পক্ষৰ মাজত তৎকালীনভাৱে বৈঠক অনুষ্ঠিত কৰা হ’ব বুলিও অৱগত কৰে।

বিশেষভাৱে আহত সকল ক্ৰমে – সঞ্জয় টায়ুং, ৰাজেশ দলে, পামে পেগু, লক্ষীপ্ৰসাদ লাগাচু, ৰাকেশ লাগাচু, উৎপল দলে, বিতোপন দলে আৰু দুৰ্গেশ্বৰ পাটিৰ।

® দঃঞি পঃল‌‌‌ ইংৰাজী বিদ্যালয়ৰ পকী দেৱালৰ শুভ উদ্বোধন।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পুঁজিৰে নিৰ্মাণ কৰা মাতমৰাৰ দঃঞি পঃল‌‌‌ ইংৰাজী বিদ্যালয়ৰ পকী দেৱালৰ শুভ উদ্বোধন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

লগতে বিদ্যালয়খনিৰ শিক্ষকবৃন্দ, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলৰ সৈতে বিশেষ মত বিনিময় কৰে অধ্যক্ষ গৰাকীয়ে।

উপস্থিত থাকে বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰসেনজিৎ চুংক্ৰাং, TMPKৰ সাধাৰণ সম্পাদক চান দঞি পাংগিং, আঞ্চলিক পঞ্চায়তৰ সদস্য বিজয় পেগু, সমাজ কৰ্মী ঘন কুলি, TMPKৰ কেন্দ্ৰীয় সদস্য বৃগেন দলে, ভীষ্ম চুংক্ৰাং, অমৰজিৎ দলে, সামাজিক মাধ্যমৰ সদস্য ভাইকন নৰহ, জিলা সভাপতি চুলতান পাতিৰ, উপ সভাপতি মুকুল লাগাছু, সম্পাদক বিশ্বজিৎ কুম্বাং, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® নিৰ্মিয়মান মঠাউৰি পৰিদৰ্শন MACৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ।

০৬/০৮/২০২৬ তাৰিখে নাৰায়ণপুৰ জামুগুৰিত এডিবি’ৰ আৰ্থিক সাহাৰ্য্যৰে নিৰ্মিয়মান মঠাউৰিৰ ব্যাপক খহনীয়া স্থান পৰিদৰ্শন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

পৰিদৰ্শন কালত উপস্থিত থাকে কাৰ্য্যবাহী সদস্য দেৱৰঞ্জন মৰাং, সাধাৰণ সদস্য দিলীপ পেগু, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ শুভাৰম্ভণি।

০৬/০৮/২০২৬ তাৰিখে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আৰ্থিক সাহাৰ্য্যৰ বাবে গোগামুখ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভণি কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

অনুষ্ঠানত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, স্থানীয় বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ ছাত্ৰী সকল।

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *