মুছলমান শাসন উত্তৰ ভাৰতলৈ বিয়পিবলৈ আৰম্ভ কৰাৰ লগে লগে পাৰ্চী শব্দবোৰ স্থানীয় ভাষাত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে।
হিন্দী ভাষাও সেই সময়ত খৰিবুলিৰ পৰা উদ্ভৱ হৈছিল।
সময়ৰ পৰিপ্ৰেক্ষিতত, উৰ্দুক আজি এক সুকীয়া ভাষা হিচাপে ঘোষণা কৰা হৈছে, কিন্তু প্ৰধান উৰ্দু লেখকসকলে উনবিংশ শতিকাৰ আৰম্ভণিলৈকে তেওঁলোকৰ ভাষাক হিন্দী বা হিন্দৱী বুলি উল্লেখ কৰি আহিছে।
ভাৰতৰ উপৰিও নেপাল, মৰিছাছ আৰু ফিজিতত এই ভাষা প্ৰচলিত।
আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েছিয়া, চিংগাপুৰ, সংযুক্ত আৰব আমিৰাত, অষ্ট্ৰেলিয়া, ম্যানমাৰ, পাকিস্তান, আফগানিস্তান, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, নিউজিলেণ্ড, কানাডাত ভাষিক গোষ্ঠীৰ মাজত এই ভাষাৰ প্ৰচলন আছে।
তাৰে অংশ স্বৰূপে আজি ইংৰাজী ১৪/০৯/২০২৬ তাৰিখে দিনযোৰা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে আমতলা উচ্চ মাধ্যমিক বিদ্যালয়ত “ৰাষ্ট্ৰীয় হিন্দী দিৱস” উদযাপন কৰে।
পুৱা বন্তি প্ৰজ্বলন কৰে আমতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দম্বৰু দাসে।
সভাপতিত্ব কৰে সহকাৰী শিক্ষক তৰুণ হাজৰিকাই।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি হিন্দী দিৱস সম্পৰ্কে সাৱলীলভাৱে বক্তব্য আগবঢ়াই গণেশ শইকীয়া, হিন্দীৰ বিষয় শিক্ষয়িত্ৰী মীনা গোস্বামী আৰু প্ৰাক্তন ছাত্ৰী তথা R NEWS INDIA 24ৰ সম্পাদিকা সংগীতা দত্তই।