Kapé MAC

Spread the love

® ৩৯ নং ঘূনাসূঁতি পৰিষদীয় সমষ্টিত নৱীকৰণ কৰা আঁচনিৰ শুভ উদ্বোধনী।

১০/০৯/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদ ২০২৫-২৬ বৰ্ষৰ আৱণ্টিত পুঁজিৰে ৩৯ নং ঘূনাসূঁতি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ২৫০ নং টাকু গাঁও প্ৰাথমিক বিদ্যালয়ত নৱীকৰণ কৰা গৃহটি শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৩৯ নং ঘুনাসূঁতি পৰিষদীয় সমষ্টি সমিতিৰ সভাপতি নিপুন টাইদ, গণশক্তিৰ কেন্দ্ৰীয় সদস্য যোগেন মিলি, MMKৰ সদস্য বিপ্লৱ মিমাগ টাইদ, MDKৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ভূপেন চুংক্ৰাং, MMKৰ লখিমপুৰ জিলা সমিতিৰ যুটীয়া সম্পাদক মহেন টাইদ, TMPK লখিমপুৰ জিলা সমিতিৰ সহকাৰী সম্পাদক ৰাজীৱ নৰহ, উক্ত বিদ্যালয়ৰ শিক্ষকবৃন্দ, পৰিচালনা সমিতি, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

® ২১ নং বৰনৈ সমষ্টিত নিৰ্মান কৰা বিদ্যালয় শ্ৰেণীকোঠাৰ শুভ উদ্বোধনী।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পুঁজিৰে পৰিষদৰ ২১ নং বৰনৈ সমষ্টিৰ মাতমৰা পঞ্চায়তৰ অন্তৰ্গত সৰ্বোদয় আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত নিৰ্মান কৰা নতুন শ্ৰেণী কোঠাৰ শুভ উদ্বোধন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ২১ নং বৰনৈ পৰিষদীয় সমষ্টিৰ মুখ্য আহ্বায়ক সুৰেশ দলে, যোগীসূতি কনেং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুনীল দলে, সৰ্বোদয় আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লৱন পাংগিং, MMKৰ কেন্দ্ৰীয় সদস্য ক্ষীৰোদ দলে, সমাজ কৰ্মী মিগম পেগু, জ্যোতি ৰঞ্জন মিলি, TMPKৰ কেন্দ্ৰীয় সদস্য অমৰজিৎ দলে, উক্ত বিদ্যালয়ৰ শিক্ষকবৃন্দ, পৰিচালনা সমিতি, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

® MACৰ উদ্যোগত বিনামূলীয়া কেশকাৰ প্ৰশিক্ষণ।

মিচিং স্বায়ত্বশাসিত পৰিষদ উদ্যোগত গোগামুখ চেতিয়া গাঁৱস্থিত RLRC ত পৰিষদীয় এলেকাৰ নিৱনুৱা যুৱক-যুৱতী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে প্ৰদান কৰি থকা অন্যান্য প্ৰশিক্ষণ সমূহৰ ভিতৰত অন্যতম প্ৰশিক্ষণ হৈছে কেশকাৰ প্ৰশিক্ষণ।

১৪/০৯/২০২৬ তাৰিখে ২০২৬ বৰ্ষৰ দ্বিতীয়টো গোটৰ প্ৰশিক্ষণ শুভাৰম্ভণী কৰে পৰিষদৰ সাধাৰণ সদস্যা ৰাজু পেগুৱে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে RLRCৰ সঞ্চালক চত্ৰ মেদক, প্ৰশিক্ষক, পৰিষদৰ অন্যান্য বিষয়া-কৰ্মচাৰী, প্ৰশিক্ষাৰ্থী, গণশক্তি, MMK, TMPKৰ অন্যান্য বিষয়ববীয়া।

 

® গোগামুখ মহাবিদ্যালয়ৰ ৪৬ সংখ্যক নৱাগত আদৰণি সভা।

১১/০৯/২০২৬ তাৰিখে গোগামুখ মহাবিদ্যালয়ত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৬ সংখ্যক নৱাগত আদৰণি সভা অনুষ্ঠিত কৰে।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যত কামনাৰ্থে বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

আনহাতে মহাবিদ্যালয়খনৰ জেৰক্স, অনলাইন প্ৰ-পত্ৰ পূৰণ কৰাৰ বাবে হেল্প ডেস্কৰ শুভ উদ্বোধন কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে।

নৱাগত আদৰণি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোনোৱাল।
লগতে মহাবিদ্যালয়ৰ চিলাই প্ৰশিক্ষণ কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰে।

উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, মহাবিদ্যালয়ৰ সমূহ অধ্যাপক-অধ্যাপিকাবৃন্দ, কৰ্মচাৰী সকল, গোগামুখ অঞ্চলৰ বিশিষ্ট ব্যক্তি‌ আৰু ছাত্ৰ-ছাত্ৰী সকল।

 

 

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *