“বদৰুদ্দিন আজমলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক”

“বদৰুদ্দিন আজমলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক”
Guwahati, Dec 4: “বদৰুদ্দিন আজমলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক” নিয়মীয়া বাৰ্তাৰ পেপাৰকাট মোলৈ প্ৰেৰণ কৰিছে বিজেপিৰ মানুহে ৷ লগতে গেৰুৱা বসন ধাৰী ব্যক্তিৰ কিছু ভিডিঅ’ ৷ অভিযোগ- সন্ত্ৰাসবাদৰ লগত জড়িত বিদেশী সংগঠনৰ টকাৰে চহকী বদৰুদ্দিন আজমল ৷ আজমল ফাউণ্ডেচন হেনো কাশ্মীৰত সন্ত্ৰাসবাদ চলোৱা বিদেশী ৰাষ্ট্ৰৰ ফাণ্ডিংত চলে ৷ Legal Right Observatory নামৰ সংগঠনটোৱে, আজমলৰ লগত বিদেশী সন্ত্ৰাসবাদ জড়িত কৰি, আজমল ফাউণ্ডেচনৰ নামত টকা লৈ, অসমত একপ্ৰকাৰ সন্ত্ৰাসবাদী আজমলৰ অস্তিত্ব প্ৰতিপন্ন কৰাৰ কথা প্ৰচাৰ কৰিছে ৷
নিউজ লাইভৰ ভিডিঅ’টো চালে আজমলক এজন সন্ত্ৰাসবাদী আখ্যা দিম মই ৷ নিয়মীয়া বাৰ্তাৰ প্ৰথম পৃষ্টাৰ হেডলাইনত, সন্ত্ৰাসবাদী আজমলৰ খবৰ ৷ গেৰুৱা বাহিনীৰ স্তাৱকৰ ফুটা নুফুটা ইংৰাজীত, গুগলৰ তথ্যৰে Time 8 ৰ প্ৰেছমীট ৷ মুঠৰ ওপৰত এতিয়া আজমল এক সন্ত্ৰাসবাদী ৷ তেওঁলোকৰ মতে ৷
মোৰ এটা NGO আছিল ৷ সেই সময়ত মই ডিব্ৰুগড়ৰ বাসিন্দা আছিলো ৷ পথৰ দাঁতিত জীৱন কটোৱা, পৰিয়ালে অনাদৰ কৰা মানসিক বিকাৰগ্ৰস্ত মহিলাসকলক লৈ গৈছিলো তেজপুৰৰ মানসিক চিকিৎসালয়লৈ ৷ সম্পূৰ্ণ নিজৰ খৰচত ৷ মোৰ NGO ৰ নাম আছিল “বিৰিণা“ ৷ ৰেজিষ্টাৰ্ড এন জি অ’ টোৰ জৰিয়তে আমি বহুত মানসিক ৰোগী ভাল কৰি তুলিছিলো ৷ আমি সময়ে সময়ে চৰকাৰৰ বিভিন্ন প্ৰশিক্ষণো লৈছিলো ৷ যিবোৰ কথা মই মোৰ উপন্যাস চিন’ৰিটাত লিখিছো ৷
কেবাবছৰো NGO ৰ কাম কৰা সুত্ৰে, মই NGO ৰ নীতি-নিয়ম, চৰকাৰৰ নিৰ্দ্দেশাৱলীসমুহৰ বিষয়ে জ্ঞাত আছিলো ৷ আমাৰ NGO টো তিনিবছৰ সম্পূৰ্ণ হোৱাৰ আগতেই, মই ব্যক্তিগত অসুবিধাত কাম কৰা বাদ দিব লগা হোৱাৰ বাবে, আমি কোনো ফাণ্ড পোৱা নাছিলো ৷ তথাপিও NGO ৰ ফাণ্ড সম্পৰ্কীয় সকলো নিয়মৰ লগত মই পৰিচিত আছিলো ৷
Foreign Funding ৰ কাৰণে এটা NGO ই Foreign Contribution Regulation Act ৰ অধীনত Ministry of Home Affaires, India Government ত ৰেজিষ্ট্ৰেচন কৰিব লাগে ৷ এই ফাণ্ডৰ লেনাদেনাৰ বাবে নিৰ্দিষ্ট NGO বোৰে এটা সুকীয়া একাউন্ট খুলিব লাগে ৷ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে, বিদেশী ফাণ্ডৰ ওপৰত কাঢ়া নজৰ ৰাখে ৷ গৃহ মন্ত্ৰালয়ৰ এপ্ৰুভেল নোহোৱাকৈ এটকাও পইছা, কোনো ৰাষ্ট্ৰৰ পৰা ভাৰতৰ কোনো NGO লৈ আহিব নোৱাৰে ৷ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ চোকা নজৰৰ মাজেদি, অৰ্থাৎ UNDER STRICT MONITORING OF HOME AFFAIRS, GOVT OF INDIA the foreign fund for any NGO has come to that particular organization. বিদেশী ৰাষ্টৰ পৰা অহা টকাখিনি, NGO টোৱে ক’ত খৰচ কৰিলে, কিমান টকা আহিছিল আৰু কিমান টকা খৰচ হ’ল, যি কামত আহিছিল সেই কামত খৰচ হৈছে নে আন কামত খৰচ হৈছে, সেই সকলো কথা ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে মনিটৰিং কৰি থাকে ৷ তদুপৰি প্ৰতি তিনিমাহৰ মূৰে মূৰে নিৰ্দিষ্ট NGO বোৰে, NGO লৈ ক’ৰ পৰা কিমান টকা আহিছে, কি প্ৰজেক্টৰ বাবে আহিছে আৰু ক’ত কিমান খৰচ কৰিলে, তাৰ অডিটেড হিচাপ ( চাৰ্টাৰ্ড একাউন্টেন্টৰ দ্বাৰা অডিট কৰোৱা ) Central Home Ministry ত দাখিল কৰিব লাগে ৷ ধৰা হওক এটা NGO লৈ খোৱা পানীৰ নামত এক কোটি টকা আহিল ৷ সেই টকা NGO টোৱে খোৱাপানীৰ নামতে খৰচ কৰিব লাগিব ৷ এটা টকাও আন কামত খৰচ কৰিব নোৱাৰিব ৷ শিক্ষাৰ নামত যদি পাঁচ কোটি টকা পাইছে, তেন্তে শিক্ষাৰ নামত অহা পাঁচকোটি টকা, কেৱল শিক্ষাৰ নামতে খৰচ কৰিব লাগিব ৷ অৰ্থাৎ প্ৰজেক্ট অনুসাৰে অনুদানৰ টকা খৰচ কৰি, পাই পাই হিচাপ Central Home Ministry ত প্ৰতি তিনিমাহৰ মূৰে মূৰে দাখিল কৰিব লাগিব ৷ এই তিনিমহীয়া হিচাপ দাখিলত যদি NGO টো ব্যৰ্থ হয়, তেন্তে NGO টোৰ ৰেজিষ্ট্ৰেচন ফেইল হ’ব ৷ যোৱামাহত FCRA ( Foreign Contributory Regulation Act ) দ্বাৰা ভাৰতৰ ২৩ হেজাৰ NGO ৰ ৰেজিষ্ট্ৰেচন কেঞ্চেল হৈছে তিনিমহীয়া হিচাপ দাখিল কৰিব নোৱাৰাৰ অভিযোগত ৷
ইয়াৰ উপৰিও, প্ৰতিমাহে IB ( Intelligence Bureau ) য়ে, NGO টোৱে ক’ৰ পৰা কিমান টকা পায়, ক’ত কি কামত কিমান টকা খৰচ কৰে, যি কামত টকা আহিছে সেই কামত প্ৰকৃততে খৰচ কৰে নে নকৰে, সেই সকলো কথাৰ হিচাপ লয় ৷ এই হিচাপ প্ৰতিমাহে লয় Intelligence Bureau য়ে ৷ এটকাও পইছা ইফাল সিফাল কৰিব নোৱাৰিব ৷
এতিয়া কথা হ’ল, আজমল ফাউণ্ডেচনলৈ অহা টকাটো, যাৰে পৰাই নাহক কিয়, সৰকি আহে কিন্তু Foreign Contribution Regulation Act, Government of India ৰ চোকা পহৰাৰ মাজেদি ৷ যদি, কোনোবা সন্ত্ৰাসবাদৰ লগত জড়িত বিদেশী ৰাষ্ট্ৰৰ পৰা আজমল ফাউণ্ডেচনে টকা আনিছে, তেন্তে ভাৰত চৰকাৰে কি কৰি আছে ? দুৱাৰ মুখত ৰখীয়া পুলিচ বহি থাকোতে, সন্ত্ৰাসবাদীৰ টকা আজমলৰ হাতলৈ আহিবলৈ পালে কেনেকে ? আজমলক যদি সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত বিদেশী ৰাষ্ট্ৰই টকা দি সহায় কৰি আছে, তেন্তে সেয়া চকু দিয়াৰ দায়িত্ব ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ, নে অসমৰ এখন বাতৰি কাকত নিয়মীয়া বাৰ্তাৰ ? যদি বদৰুদ্দিন আজমল সন্ত্ৰাসবাদী ৰাষ্ট্ৰৰ ধনেৰে ধনী, তেন্তে অসম চৰকাৰৰ ইন্টেলিজেঞ্চ ব্যুৰো য়ে মাহে মাহে চেক কৰি থাকি, এই কথা ঘোষণা কৰা নাই কিয় ? কাশ্মীৰৰ সন্ত্ৰাসবাদীক সহায় কৰা বিদেশী ৰাষ্ট্ৰৰ টকা আনি ফাউণ্ডেচন চলোৱা বদৰুদ্দিন আজমলৰ এই ভয়ঙ্কৰ অপৰাধ, ইন্টেলিজেঞ্চ ব্যুৰোয়ে ফাদিল নকৰি, গেৰুৱা বসনধাৰী মানুহে নিউজ চেনেলত প্ৰচাৰ কৰিলে কিয় ? ক’ত লুকাল ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় আৰু ইন্টেলিজেঞ্চ ব্যুৰোৰ বিষয়াসকল ? দেশত সোমোৱা, বিদেশী সন্ত্ৰাসবাদী ৰাষ্ট্ৰৰ টকাত চলা আজমল ফাউণ্ডেচনৰ কথা, বিজেপিৰ ভেৰোণীয়া গেৰুৱাই ক’ব লগা হৈছে কিয় ? কিয় বাতৰি কাকতে আজমল ফাউণ্ডেচনক সন্ত্ৰাসবাদীৰ টকাৰে চলা NGO বুলি বাতৰি প্ৰচাৰ কৰিব লগা হৈছে ?
কিয় জানেনে ৰাইজ ? কাৰণ আজমল ফাউণ্ডেচনলৈ তেনে কোনো অবৈধ ৰাষ্ট্ৰৰ টকা অহাই নাই ৷ যদি কোনোবা ৰাষ্ট্ৰৰ টকা আহিছে, সেয়া অপৰাধী ৰাষ্ট্ৰৰ টকা নহয় বুলি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় নিশ্চিত ৷ সেইবাবেহে যোৱামাহত ৰেজিষ্ট্ৰেচন কেঞ্চেল কৰা ২৩ হাজাৰ NGO ৰ ভিতৰত, আজমল ফাউণ্ডেচন কিন্তু নাই ৷ ইমান বছৰৰ কামৰ পাছতো, আজিলৈকে আজমল ফাউণ্ডেচনৰ ৰেজিষ্ট্ৰেচন ফেইল হোৱা নাই ৷
Legal Right Observatory ৰ ৰিপৰ্টমতে দেশ নচলে ৷ গেৰুৱাৰ গুগল খবৰত মানুহ ভোল নাযায় ৷ RSS ৰ খবৰে সকলো মানুহক পতিয়ন নিয়াব নোৱাৰে ৷ গুগল তথ্যতকৈ, ভাৰত চৰকাৰৰ তথ্যৰ জোৰ অৱশ্যেই বেছি ৷ গুগল মাৰি তথ্য বিচাৰি নতুন এটা ইছু উলিয়াই ইলেকচনত জিকাৰ বুদ্ধি, ৰাইজে ঠিকেই বুজিছে ৷
বদৰুদ্দিন আজমলে যদি সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া কোনোবা বিদেশী ৰাষ্ট্ৰৰ পৰা টকা আনি খাইছে, তেন্তে বদৰুদ্দিন আজমলক কাৰাৰুদ্ধ কৰক ৷ যদি বদৰুদ্দিন আজমলে শিক্ষাৰ নামত টকা আনি সন্ত্ৰাসবাদ চলাবলৈ যো-জা কৰিছে, তেন্তে আজমলক ফাঁচী দিয়াৰ ব্যৱস্থা কৰক ৷ যদি বদৰুদ্দিন আজমল বা তেওঁৰ পৰিয়ালৰ সদস্যই, বিদেশী সন্ত্ৰাসবাদী ৰাষ্ট্ৰৰ লগত মিতিৰালি কৰি, অসমত সন্ত্ৰাসবাদৰ ঘাটি পাতিব খুজিছে, তেন্তে আজমলক দেশান্তৰী কৰক ৷ এই দায়িত্ব RSS বা বিজেপিৰ প্ৰভুভক্তবোৰৰ নহয় ৷ এই কাম ভাৰত চৰকাৰৰ ৷ ভাৰত চৰকাৰে এই কাম শীঘ্ৰে কৰক ৷ অসম চৰকাৰে আজমল ফাউণ্ডেচনৰ প্ৰয়োজনীয় সকলো নথি পত্ৰ, ভাৰত চৰকাৰক যোগান ধৰক ৷ তাকে নকৰি, গেৰুৱা স্তাৱকৰ মিছা কথাৰে অসম উতলা নকৰিব ৷
এইবোৰ সব মিছা ৷ ইলেকচনৰ আগতে, অসমত মিত্ৰতালৈ আগবঢ়া দলবোৰক বদৰুদ্দিন আজমলৰ পাৰ্টি বুলি হেয় প্ৰতিপন্ন কৰাবলৈ ৰাইজৰ মাজত অপপ্ৰচাৰ চলোৱা হৈছে ৷ যাতে ৰাইজে ভুল বুজে আৰু বদৰুদ্দিন আজমলৰ লগত মিত্ৰতা কৰা দলবোৰক ভোট নিদিয়ে ৷ তাৰ গইনা লৈ, বিজেপি আকৌ সৰকি যাব বিচাৰিছে দিছপুৰলৈ ৷ তাৰপাছত আলু- পিয়াজৰ মূল্য ৫০০ টকা কৰি, ৰাইজক ভিক্ষাৰীত পৰিণত কৰি, ৰাজকীয় সুখেৰে দীঘল কনভয় লৈ দৌৰি দৌৰি ৰাজ কৰিব অসমত ৷ এইবাৰ হাৰিব বুলি ভয় খাই, বিজেপিৰ এইবোৰ ঘৃণনীয় চলনা ৷ যিবোৰ চলনা ওফৰাবলৈ অসমৰ জনতা বদ্ধ পৰিকৰ ৷
ৰাইজ, কথাবোৰ ভাবিবৰ হ’ল ৷ ইমানদিনে বহি থাকি, ইলেকচনৰ ওচৰত আজমলৰ টকাৰ হিচাপ কিয় উলিয়াইছে, সেয়াও গমি পিটি চাবৰ হ’ল ৷ ৰাইজ, কঁকালত টঙালি বান্ধিবৰ হ’ল ৷ ৰাইজ, সোঁতৰ বিপৰীতে উজাবৰ হ’ল ৷
শিখা শৰ্মা গুৱাহাটী ৪৷১২৷২০২০

