অখিল গগৈ জেলত থকাটো নিবিচাৰে ড° হিমন্ত বিশ্ব শৰ্মাই
Assam, December 5 : ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোনো ব্যক্তিক জেলত থকাটো নিবিচাৰে। বিশেষকৈ কৃষক নেতা অখিল গগৈ জেইলত থকাটো নিবিচাৰে মন্ত্ৰী শৰ্মাই। সচাঁকৈয়েই যদি ড° হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক জেইলত থকাটো বিচৰা নাই তেন্তে দীৰ্ঘদিন ধৰি কিয় তেওঁক জেলত ভৰাই থোৱা হৈছে? কিয় অখিল গগৈৰ ওপৰত ১৩ টাকৈ গোচৰ জাপি দিয়া হৈছে? কিয় NIA’ৰ দৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাক দুটাকৈ গোচৰ চলাই নিবলৈ অনুমতি দিয়া হৈছে? কিয় চৰকাৰী পক্ষৰ অধিবক্তাই অখিল গগৈৰ জামিনৰ বিৰোধিতা কৰিছে? আদালতে জামিন দিয়াৰ পিছত কিয় উচ্চ ন্যায়ালয়ত জামিন আবেদন খাৰিজ কৰিবলৈ আৰ্জি পেচ কৰা হৈছে? আৰু কিয়ইবা অখিল গগৈৰ ভয়েচ চেম্পুল লোৱা হৈছে? উল্লেখ্য যে কিছুদিন পূৰ্বে কমল কুমাৰ মেধিয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কৈছিল যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মূখ্য উপদেষ্টা অখিল গগৈ জেলৰ পৰা ওলাই অহাৰ লগে লগেই ৰাজ্যত ছুনামি নামি আহিব। যুৱ নেতা কমল মেধিৰ উক্ত মন্তব্যৰ আত ধৰি ৰাজ্যৰ মহা প্ৰতাপী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰসংগক্ৰমে কৈছিল তেওঁ কোনো ব্যক্তিকে জেলত থকাটো নিবিচাৰে। অখিল গগৈৰ নাম নোলোৱাকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জেলৰ পৰা নহয় আমি সমোৰাহৰ পৰা ৰাজনীতি কৰিব বিচাৰো। এইখিনিতে হিমন্ত বিশ্ব শৰ্মালৈ বিভিন্নজনে প্ৰত্যাহ্বান জনাই কৈছে, যদি হিমন্ত বিশ্ব শৰ্মাৰ সাহস আছে তেন্তে ৬ জানুৱাৰীৰ পূৰ্বেই অখিল গগৈক মুক্তি দিয়ক আৰু মুখামুখিকৈ ৰাজনৈতিক যুদ্ধত অৱতীৰ্ণ হবলৈ পৰিবেশ সৃষ্টি কৰক, মিছাতে আবোল তাবোল বকি পানী ঘোলা নকৰাই ভাল।
জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24